নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবুকু পর্যন্ত পলসে পুতি পেলাইছে বন্যার্তৰ ঘৰ–খেতিপথাৰ

ডিজিটেল ডেস্ক, ২৬ জুলাই : ভয়ংকৰ বানে উজনি অসমত ধ্বংসলীলা অব্যাহত ৰখাৰ পাছত সামান্য উন্নতি ঘটিছে বান পৰিস্থিতিৰ৷ অৱশ্যে বান পৰিস্থিতিৰ পৰিৱর্তন হ’লেও দুর্দশাৰ অন্ত পৰা নাই৷ সময় আগবঢ়াৰ লগে লগে অধিক দুর্দশাগ্রস্ত হৈ পৰিছে ৰাজ্যৰ বানাক্রান্ত ৰাইজ৷ ইতিমধ্যে ৰাজ্যৰ ১২খনকৈ জিলা বলিয়া বানত ক্ষতিগ্রস্ত হৈছে যদিও সর্বাধিক ক্ষতিগ্রস্ত হৈছে শিৱসাগৰ, নাজিৰা, চৰাইদেউ আৰু যোৰহাটৰ টীয়ক৷

এই পর্যন্ত উক্ত জিলাকেইখনৰ ৩৭টা ৰাজহ চক্রৰ ৭,০৫,১৪৮গৰাকী লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ৫৬,৬০৬.৭৭ হেক্টৰ কৃষিভূমি বানে ধুই নিছে৷ ৮৫৬খন গাঁও অত্যধিক ক্ষতিগ্রস্ত হৈছে৷ অসম ৰাজ্যিক দুর্যোগ প্রশমন বিভাগৰ তথ্য অনুসৰি শনিবাৰ পর্যন্ত বানত ৬১জন লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ শতাধিক লোক এই পর্যন্ত সন্ধানহীন হৈ থকাৰ বাতৰি প্রকাশ পাইছে৷

শেহতীয়াকৈ শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বহুকেইটা অঞ্চল এতিয়াও বানৰ তলতেই আছে৷ বান পৰিস্থিতি উন্নত হ’লেও জিলাকেইখনৰ বহু অঞ্চলৰ ৰাইজৰ ঘৰ এবুকু পর্যন্ত পলসে পুতি পেলোৱাৰ লগতে খেতিপথাৰবোৰতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি বানৰ পিছত মৃত জীৱ–জন্তুৰ অৱশিষ্টৰ দুর্গন্ধই ছানি ধৰিছে বহু অঞ্চল৷ এতিয়াও বানপীড়িত বহু এলেকাত উদ্ধাৰকাৰী দল উপস্থিত হ’ব নোৱাৰাৰ পৰিপ্রেক্ষিতত দুর্গন্ধ অধিক বৃদ্ধি হৈ এলেকাসমূহ জনসাধাৰণৰ বসবাসৰ অনুপযোগী হৈ পৰিছে৷ এনে দুর্গন্ধময় পৰিস্থিতিৰ মাজতে বহু বানাক্রান্তই প্রাণৰ মায়াত ৰাজপথত আশ্রয় ল’বলগীয়া হোৱাত বহুসংখ্যক লোকৰ শাৰীৰিক অৱস্থাৰো অৱনতি ঘটিছে৷

শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিকে মুখ্য কৰি বাবুপট্টি আৰু জিএমজি ৰোডত পানী শুকাইছে৷ একেদৰে শনিবাৰৰ সন্ধিয়ালৈকে ড০ এম আই বৰা পথেদি শিৱসাগৰ পুখুৰীৰ দিশৰ পৰা জেঙনিকটীয়া চাৰিআলি দিশলৈ প্রায় ২ ফুট উচ্চতাত কোবাল সোঁতেৰে বাঢ়নী পানী বৈ আছে৷

শনিবাৰৰ বিয়লি জলসম্পদ বিভাগৰ পৰা প্রাপ্ত তথ্য অনুসৰি দৰিকা নৈৰ বাহিৰে ব্রহ্মপুত্র, দিচাং, দিখৌ, মিটং নৈৰ জলপৃষ্ঠ কিছু হ্রাস পাইছে৷ বিগত ২৪ ঘণ্টাত ব্রহ্মপুত্রৰ জলপৃষ্ঠৰ উচ্চতা প্রায় ১৫ চেণ্টিমিটাৰ হ্রাস পাইছে৷ এই উচ্চতা হ্রাস পোৱাৰ বাবে ব্রহ্মপুত্রৰ মথাউৰি ৰৌমাৰী, পার্বতিজান আৰু দৰিকাত থকা তিনিখন শ্লুইচ গেটেৰে কম পৰিমাণৰ পানী দৰিকাৰ পৰা দিখৌ হৈ ব্রহ্মপুত্রলৈ ওলাই গৈছে৷ অৱশ্যে চেপন, চূণপোৰা, দিচাংমুখ, অফলা, গড়ভগা আদি অঞ্চলসমূহ আৱৰি থকা প্রায় ২০ হাজাৰ হেক্টৰৰ এলেকাৰ বাঢ়নী পানী শ্লুইচ গেটেৰে ব্রহ্মপুত্রত পৰিবলৈ কিছু সময় লাগিব বুলি জলসম্পদ বিভাগৰ পৰা জানিব পৰা গৈছে৷

বিভাগীয় সূত্রৰ মতে, মৌজাকেইটা বর্তমান বানৰ কবলৰ পৰা মুক্ত হ’বলৈ অতি কমেও ১০ দিনৰ সময়ৰ প্রয়োজন হ’ব৷ বেতবাৰী মৌজাৰ পানী শুকোৱাৰ ক্ষেত্রত চাৰিলেনযুক্ত পথ এক্সকেভেটৰেৰে খান্দি দিলেহে কিছু পৰিমাণে পানী কমিব৷ অৱশ্যে ইয়াৰ মাজতে অপৰিকল্পিতভাৱে চাৰিলেনযুক্ত পথ নির্মাণ কৰাৰ ফলত যিমান বেগত পানী যাব লাগিছিল, সেয়া যোৱা নাই বুলি বহুসংখ্যক বাসিন্দাই মন্তব্য কৰিছে৷ আনহাতে ডিমৌ নগৰৰ পৰা বেতবাৰী মৌজাৰ চেঙেলিবাৰী প্রৱেশ কৰিব পৰা পথত পানী সামান্য হ্রাস পাইছে যদিও নিমাইজান, খাটপথাৰ, হাঁহচৰাৰ বহু অঞ্চলৰ পৰা বর্তমানেও পানী কমি যোৱা নাই৷ শিৱসাগৰ ৰাজহ চক্রৰ অন্তর্গত বৃহত্তৰ কোঁৱৰপুৰ মৌজাৰ সমগ্র অঞ্চলটো এতিয়াও দৰিকা নৈৰ বানত প্লাৱিত হৈ আছে৷ বলিয়া বানে ভূঁই ৰোৱা ধানকে আদি কৰি কঠীয়াৰ লগতে ঘৰ–বাৰী, বাট–পথ বুৰাই পেলোৱাৰ ফলত ৰাইজৰ বিস্তৰ ক্ষতিসাধন হৈছে৷

অকল সেয়াই নহয়, দৰিকাৰ বানে মীনপালন কৰা বহু লোকৰ পুখুৰী জলমগ্ণ কৰি তোলাৰ পৰিপ্রেক্ষিতত বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে অঞ্চলটোৰ মীনপালকসকল৷ অকল মানুহৰেই নহয়, পশুধনৰ খাদ্য সামগ্রীৰ নাটনিয়েও অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ প্রশাসনৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংস্থাসমূহে অত্যাৱশ্যকীয় সামগ্রীসমূহ ৰাইজক বিতৰণ কৰি আহিছে যদিও ভিতৰুৱা অঞ্চলৰ বহু বানাক্রান্ত এতিয়াও সাহায্যৰ পৰা বঞ্চিত হৈ আছে৷

একেদৰে নাজিৰা সমজিলাৰ বহু অঞ্চলত বান পৰিস্থিতি পূর্বৰ তুলনাত উন্নত হৈছে যদিও সম্প্রতি দুর্দশাই লগ এৰা নাই বানাক্রান্তৰ৷ বহু লোকৰ ঘৰ–বাৰী বর্তমানেও বোকা–পানীয়ে পুতি পেলোৱাৰ বাবে ৰাজপথতেই আশ্রয় ল’বলগীয়া হৈছে৷ সমজিলাখনৰ বিশেষকৈ কমল চাপৰি আৰু নেপালী খুঁটিত থকা পৰিয়ালসমূহে বহু দুর্ভোগৰ সমুখীন হ’বলগীয়া হৈছে৷ উজনি অসমৰ অন্যতম অঞ্চলৰূপে পৰিচিত সেই দুই স্থানত ৩ শতাধিক নেপালী সম্প্রদায়ৰ পৰিয়ালে বসবাস কৰে৷ দীর্ঘসময় ধৰি গো–পালনেৰে জীৱিকা অর্জন কৰা এই পৰিয়ালসমূহৰ কেইবা শতাধিক পশুধন বলিয়া বানত মৃত্যু হোৱাৰ পাছত এতিয়াও মৃতদেহসমূহ আঁতৰ কৰিব নোৱাৰাৰ পৰিপ্রেক্ষিতত সাংঘাতিক দুর্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে৷ সমজিলাখনৰ বিহুবৰ, কেন্দুগুৰি, লুঠুৰীগাঁও, তেঁতেলীগুৰি, মাষ্টৰচুক, ভৰলুৱা গাঁও, লেখেৰা গাঁও, বাঁহগড়, বছাগাঁও, টিপমীয়া গাঁও, ৰামু গাঁও, অভয়পুৰীয়া, লোনপুৰীয়া, মেকীপুৰ আদি অঞ্চলৰ বহুসংখ্যক বাসগৃহ এবুকু পর্যন্ত পলসে পুতি পেলোৱাৰ বাবে জনসাধাৰণৰ বসবাসৰ অনুপযোগী হৈ পৰিছে৷

যোৰহাটৰ টীয়কতো বান কিছু শুকাইছে যদিও প্রলয়ংকৰী বানে অঞ্চলটোৰ অধিকাংশ বাসিন্দাৰ ঘৰ–বাৰী ধ্বংস কৰি পেলোৱাৰ লগতে গ্রাম্য অর্থনীতি একেবাৰে কোঙা কৰি পেলালে৷ বর্তমানে বিভিন্ন সংগঠন তথা ৰাইজে সাহায্য সামগ্রী প্রদান কৰিছে যদিও বান সম্পূর্ণৰূপে মুক্ত হোৱাৰ পাছত ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ৰাইজ৷ ইয়াৰ মাজতে শনিবাৰে তৃতীয় দিনাও নীপকোৱে পানী এৰি দিয়াক লৈ আতংকিত হৈ পৰিছে গোলাঘাটবাসী ৰাইজ৷ আজি বিয়লি লাভ কৰা তথ্য অনুসৰি নীপকোৰ ১নং গেটেৰে এক মিটাৰ, ২নং গেটেৰে এক মিটাৰ আৰু ৩নং গেটেৰে ১০০ মিটাৰ পানী এৰি দিয়া হৈছে৷ অৱশ্যে শনিবাৰে ৪নং গেটেৰে এৰা পানীৰ পৰিমাণ পূর্বৰ তুলনাত হ্রাস কৰা হৈছে যদিও প্রতি ছেকেণ্ডত চাৰিওখন গেটেৰে মুঠ এক লাখ ৫৭ হাজাৰ লিটাৰ পানী এৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে৷ বর্তমানলৈকে জিলাখনৰ কোনো গাঁও প্লাৱিত হোৱাৰ তথ্য অহা নাই যদিও দৈয়াং আৰু ধনশিৰি নদীৰ জলস্তৰ বৃদ্ধি পাইছে৷ জিলাখনৰ ঠায়ে ঠায়ে পানী শুকাইছে যদিও আন অঞ্চলৰ দৰে পলসৰ সমস্যাৰ বাবে ৰাইজে নিজ ঘৰত প্রৱেশ কৰিব পৰা নাই৷

উল্লেখ্য যে নাজিৰা সমজিলাৰ বহু পথ বোকাই পুতি পেলোৱাৰ ফলত বোকাময় পথ মোকলোৱাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে অৱতীর্ণ হৈছে লোকনির্মাণ (পথ) বিভাগ৷ নাজিৰা সমজিলাৰ বিভিন্ন স্থানত বানৰ ফলত ৰাজপথত জমা হোৱা পলসৰ ডাঠ তৰপ আঁতৰোৱাৰ বাবে বিভাগে শনিবাৰৰ পৰা দুখন ফকলেন, ৮খন জেচিবি, ২খন ড্রেজাৰ আৰু ১০খন ডাম্পাৰৰ সহায়ত অভিযান তীব্রতৰ কৰি তুলিছে৷

You might also like