নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাজিৰাৰ নৱনিৰ্বাচিত বিধায়কক পৰিয়ালসহ প্ৰাণেমৰাৰ ভাবুকি

দিখৌ নদীৰ বাঢ়নী পানীয়ে সমগ্ৰ নাজিৰা সমজিলাত জলপ্ৰলয়ৰ সৃষ্টি কৰাত জনগণক উদ্ধাৰ অভিযান, খাদ্য সামগ্ৰী, খোৱাপানী যোগান আদি জনসেৱাত ব্ৰতী থকাৰ সময়তে নাজিৰা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইলৈ আহিছে আন এক সংকট ।

শনিবাৰে নাজিৰা বালিঘাটস্থ আশ্ৰয় কাৰ্যালয় কক্ষত এখনি সংবাদমেল সম্বোধন কৰি তেওঁ কয়- শুকুৰবাৰে ৮৬৩৮৮৬৫৮১০ নম্বৰৰ পৰা অহা এটা ফোনকলত বাৰ্তালাপ কৰোঁতে ফোনতে বিধায়ক ময়ূৰ বৰগোহাঁইক নানা অসংযত ভাষাৰে গালি-গালাজ পাৰে আৰু বিধায়ক ময়ূৰ বৰগোহাঁইৰ লগতে তেখেতৰ পৰিয়ালৰ সকলো সদস্যক প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰে।

বিধায়ক ময়ূৰ বৰগোহাঁয়ে লগে লগে আৰক্ষী প্ৰশাসনক ঘটনাটো অৱগত কৰে। পিছত উক্ত নম্বৰটো নগাঁও চামগুৰিৰ আনন্দ দাধৰা নামৰ ব্যক্তিজনৰ বুলি নিশ্চিত কৰে । আৰক্ষী প্ৰশাসনে ইতিমধ্যে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদমেলত ব্যক্ত কৰে বিধায়ক ময়ূৰ বৰগোহাঁয়ে।

নিয়মীয়া বাৰ্তা, গেলেকী, ২৫ জুলাই : 

You might also like