সুকন্যা : এভাৰেষ্টত আৰোহণ কৰা অসম কন্যা ৰূপামণি গড়ৰে সাক্ষাৎকাৰ
সাক্ষাৎগ্রহণঃ নৱ কুমাৰ শর্মা
ফোনঃ ৯৯৫৪৫–৯০১৩৩
এভাৰেষ্টলৈ যোৱা আপুনি প্রথম অসমীয়া মহিলা৷ বিশ্বৰ সর্বোচ্চ শিখৰলৈ কৰা যাত্রাৰ সবিশেষ জনাব নেকি?
আগতীয়া কোনো পৰিকল্পনা নথকাৰ পিছতো এভাৰেষ্টৰ দৰে বিশ্বৰ ভিতৰতে উচ্চতম ক্ষেত্রখনত আৰোহণ কৰাটো যেন দৈৱক্রমেহে সম্ভৱ হ’ল ইয়াৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষ তথা সর্বময়কর্তা হিচাপে ভগৱানক প্রথমেই জনালোঁ ধন্যবাদ, লগতে প্রকাশ কৰিলোঁ কৃতজ্ঞতা৷ এতিয়া বাৰু এই যাত্রা সম্পর্কে কিছু কথা জনাওঁ৷ তেতিয়া মই ‘ইণ্ডো–তিব্বত ব’ৰ্ডাৰ পুলিচ ফ’ৰ্চ’ চমুকৈ আইটিবিপিএফত চাকৰি কৰি আছোঁ৷ আইটিবিপিএফ হ’ল ভাৰত–তিব্বতৰ সীমান্ত সুৰক্ষা কৰা সশস্ত্র বাহিনী৷ এবাৰ এই বাহিনীৰ তৰফৰ পৰা এটা মহিলা গোট গঠন কৰি ‘মাউণ্ট এভাৰেষ্ট’লৈ পঠিওৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছিল৷ সেয়া ২০২৩ চনৰ কথা৷ আইটিবিপিএফৰ দ্বাৰা মহিলা গোটটোত সৌভাগ্যক্রমে মোকো নির্বাচিত কৰা হৈছিল৷ ইয়াৰ বাবে প্রয়োজন হ’ল পর্বতাৰোহণৰ ‘বেছিক ক’ছ’ৰ প্রশিক্ষণ লোৱাৰ৷ অৱশেষত আমি ‘বেছিক ক’ছ’ৰ প্রশিক্ষণ ল’লোঁ৷ সেয়া ২০২৪ চনৰ কথা৷ পিছত ২০২৫ চনত গ্রহণ কৰিলোঁ পর্বতাৰোহণৰ ‘এডভাঞ্চড ক’ছ’৷ পৰৱর্তী পর্যায়ত সম্পন্ন কৰা হৈছিল ‘প্রি–এভাৰেষ্ট ট্রেইনিং’৷ ইয়াৰ বাবে আমি ৭,১৩৫ মিটাৰ উচ্চতাৰ লাডাখ মাউণ্ট মুন পাহাৰ বগাবলগীয়া হৈছিল৷ আমাৰ দলটোত থকা ১৯গৰাকী সদস্যৰ ভিতৰত ১৪গৰাকীয়েহে উক্ত পাহাৰখন বগাইছিলোঁ৷ সেই ১৪গৰাকী সদস্যৰে গঠিত মহিলা গোটটোক দিল্লীলৈ লৈ গৈ একত্রে সংগঠিত কৰিলে৷ সেয়া ২০২৬ চনৰ কথা৷ তাত ২০২৬ চনৰ ফেব্রুৱাৰী মাহত ৪০ দিনৰ ‘ফাইনেল প্রি–ট্রেইনি’ সম্পন্ন কৰা হ’ল৷ আমাৰ সেই মহিলা অভিযানকাৰী দলটোৰ মুৰব্বী হিচাপে আছিল আইটিবিপিএফৰ এছিষ্টেণ্ট কমাণ্ডেণ্ট ভণিতা তিমুংপী৷ পৰৱর্তী পর্যায়ত দলটোৰ সদস্য সংখ্যা পুনৰ কমোৱা হ’ল৷ চূড়ান্ত নির্বাচিত সদস্য হিচাপে থাকিল ১১গৰাকী৷ এই ১১গৰাকী সদস্যৰে গঠিত দলটোৰ সৈতে মই উপস্থিত আছিলোঁ দিল্লীৰ আইটিবিপিএফৰ প্রধান কার্যালয়ত৷ আমাক তাত সেনাবাহিনীৰ প্রথা অনুসৰি এভাৰেষ্ট বিজয়ৰ বাবে শুভেচ্ছামূলকভাৱে ‘ফ্লেগ্ অফ্ চেৰিমনী’ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল যোৱা ১৯ এপ্রিলত৷ পিছদিনা অর্থাৎ ২০ এপ্রিলত আমি ১১জনীয়া দলটো এভাৰেষ্ট অভিমুখে যাত্রা আৰম্ভ কৰিলোঁ৷ সিদিনা আমি আমাৰ বাহিনীৰ বাহনেৰে দিল্লীৰ পৰা নেপাললৈ গমন কৰিছিলোঁ৷ ২১ এপ্রিলত আমি কাঠমাণ্ডু পালোঁ৷ ‘ছেভেন ছামিট’ নামৰ এজেঞ্চী এটাই আমাক নেপাল সীমান্তৰ পৰা চমজি লয়৷ এই এজেঞ্চীটোৱে আমাৰ এভাৰেষ্ট ভ্রমণৰ দায়িত্ব বহন কৰিছিল৷ ২৪ এপ্রিলত আমি কাঠমাণ্ডুৰ পৰা এখন বিমানেৰে গৈ অৱতৰণ কৰিছিলোঁ ‘লাক্লা এয়াৰপ’ট’ত৷ নেপাৰ অন্তর্গত পাহাৰৰ ওপৰৰ এই বিমানবন্দৰটো যথেষ্ট সৰু৷ জানিব পৰা মতে এই বিমানযাত্রা বিশ্বৰ ভিতৰতে ভয়াৱহ৷ প্রায় এঘণ্টাৰ এই বিমানযাত্রা অত্যন্ত বিপদসংকুল৷ সঁচাকৈ বহুত ভয় লগা এই বিমানযাত্রা৷ নিজে নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ সি যি নহওক, বিমানৰ পৰা নমাৰ পিছত কিছু জিৰণি লৈ ২৪ এপ্রিলতেই আমি এভাৰেষ্ট অভিমুখে পদযাত্রা আৰম্ভ কৰিছিলোঁ৷ এইদৰে ওপৰলৈ যাত্রা কৰা সময়ত আমি ফাক্দিং, নামছেবাজাৰ, দিবাচে, দিংবোচে, লবোচে আদি কেইবাখনো পাতল জনবসতিপূর্ণ গাঁও অতিক্রম কৰিছিলোঁ৷ অন্তিম গাঁওখন আছিল ‘লবোচে’৷ ইয়াৰ পিছতে আমি উপস্থিত হ’লোঁ৷ ‘এভাৰেষ্ট বেছ কেম্প’ত৷ আমি বেছ কেম্প পাইছিলোঁ ৩০ এপ্রিলত৷ তাত আমি ৪ দিন থাকিলোঁ৷ অলপ জিৰণি ল’লোঁ৷ ৫ মে’ৰ দিনা ‘বেছ কেম্প’ত প্রথা অনুসৰি এভাগি পূজা সম্পন্ন কৰা হয়৷ কাৰণ ইয়াৰ পৰাই এভাৰেষ্টৰ মূল যাত্রা আৰম্ভ হয়৷ যাত্রা যাতে মংগলময় হয় তাৰবাবে এনেদৰে পূজা কৰা হয়৷ এই পূজা সম্পন্ন কৰে তাৰ স্থানীয় লামাই৷ ইয়াৰ পিছতেই কিছু জিৰণি লৈ ৬ মে’ৰ নিশা প্রায় ১২ বজাত আমি এভাৰেষ্টমুখী যাত্রা আৰম্ভ কৰোঁ৷ ইয়াত মাজনিশাৰ ভাগত যাত্রা কৰা হয়৷ কাৰণ দিনত সূর্য ওলালে বৰফৰ পানী নিগৰি পথ পিছল হোৱাৰ সম্ভাৱনা থাকে৷ আমি ৭ মে’ৰ পুৱা প্রায় ৭.৩০ বজাত পাইছিলোঁ কুম্ভু আইচফল কেম্প ৱান৷ সিদিনাই আমি যাত্রা কৰিছিলোঁ কেম্প–২লৈ৷ কেম্প–২লৈ যাত্রা কৰা সময়ত এক ভয়াৱহ দৃশ্যৰ সাক্ষী হৈছিলোঁ৷ আমি গৈ থকা সময়ত এটুকুৰা বৃহৎ আকাৰৰ হিমশিলা ওপৰৰ পৰা খহি পৰিছিল৷ আমাৰ কাষেৰে তীব্র বেগত পাৰ হৈছিল৷ আমি দৈৱক্রমে ৰক্ষা পৰিছিলোঁ৷ এনেদৰে বৰফ খহি বহু অভিযাত্রীৰ মৃত্যু হৈ থাকে৷ সি যি নহওক, ভগৱানৰ কৃপাত আমি সুৰক্ষিতভাৱেই আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ৷ কেম্প–২ত আমি দুদিন থাকিলোঁ৷ কেম্প–২ৰ পৰা আমি পুনৰ ‘বেছ কেম্প’লৈ উভতি আহিলোঁ৷ তাত চাৰি দিন থাকিলোঁ৷ বেছ কেম্পৰ পৰা এভাৰেষ্টৰ বাবে পুনৰ চূড়ান্ত যাত্রা আৰম্ভ কৰিলোঁ ১৮ মে’ৰ নিশা প্রায় ১২ বজাত৷ প্রথমে কেম্প–২লৈ গ’লোঁ৷ তাত এদিন থাকিলোঁ৷ ১৯ মে’ত কেম্প–৩লৈ যাত্রা৷ কেম্প–৩ পোৱাৰ পূর্বে ‘লট্ছফেচ’ৰ পৰা আমি মুখত অক্সিজেন লগাবলগীয়া হ’ল৷ প্রথম চিলিণ্ডাৰৰ পৰা অক্সিজেন লগোৱাৰ পিছত মই উশাহ–নিশাহ ল’ব পৰা নাছিলোঁ৷ কিছু সময় ৰৈ নিজকে নিয়ন্ত্রণ কৰিবলগীয়া হৈছিল৷ উশাহ–নিশাহ লওঁতে যথেষ্ট কষ্ট হৈছিল৷ অৱশ্যে কিছু পিছত এই অসুবিধা আঁতৰ হ’ল৷ অক্সিজেন সঠিকভাৱে ল’ব পৰা হোৱাৰ পিছত পুনৰ ওপৰলৈ খোজ আগবঢ়ালোঁ৷ ১৯ মে’ৰ বিয়লি আমি কেম্প–৩ পালোঁ৷ ২০ মে’ৰ পুৱতিনিশা প্রায় ২ বজাত আমি কেম্প–৪লৈ যাত্রা কৰিছিলোঁ আৰু দিনৰ প্রায় ১০.৩০ মান বজাত কেম্প–৪ পাইছিলোঁ৷ সিদিনাই সন্ধিয়া প্রায় ৭.৩০ বজাত কেম্প–৪ৰ পৰা পুনৰ এভাৰেষ্ট যাত্রা আৰম্ভ হ’ল৷ অৱশেষত ২১ মে’ৰ পুৱা প্রায় ৬.৩০ বজাত পৰম আকাংক্ষিত মাউণ্ট এভাৰেষ্ট পাইছিলোঁ৷ সেই শীর্ষ ক্ষেত্রখনত মই প্রায় ৪০ মিনিট অতিবাহিত কৰিছিলোঁ৷ ২১ মে’ৰ পুৱা ৭.১০ মান বজাত এভাৰেষ্টৰ পৰা ওভতনি যাত্রা কৰিছিলোঁ৷ ২৭ মে’ত কাঠমাণ্ডুত উপস্থিত হৈছিলোঁ৷ দিল্লী পাইছিলোঁ ১ জুনত৷ তাত কিছুদিন থাকি গুৱাহাটী পাইছিলোঁ ১০ জুলাইত৷ এনেদৰেই সম্পন্ন হৈছিল মোৰ এভাৰেষ্ট অভিযান৷
এভাৰেষ্টলৈ যাওঁতে শৰীৰত কি বিশেষ বস্তু বা সা–সামগ্রী ল’বলগীয়া হৈছিল?
হয়, এভাৰেষ্টলৈ যোৱা মানে পৃথিৱীৰ এক বিশেষ প্রাকৃতিক অঞ্চললৈ যাবলগীয়া হয় য’ত অত্যন্ত শীত বৰফ৷ আমাৰ দৰে সর্বসাধাৰণ লোকৰ বাবে ই প্রতিকূল বাতাৱৰণ৷ এনে প্রতিকূল বাতাৱৰণত নিজকে সুস্থিৰ কৰি ৰাখিবলগীয়া হয়৷ গতিকে স্বাভাৱিকভাৱেই কিছু বিশেষ ব্যৱস্থা অৱলম্বন কৰিবলগীয়া হয়৷ প্রথম কথা– সাজ–পোছাক৷ শীতৰ প্রকোপৰ পৰা ৰক্ষা পাবলৈ আমি ডাউন ছ্যুট, স্ন’ বুট, ঊলৰ কেপ, টর্ছযুক্ত হেলমেট, হেণ্ড গ্ল’ভছ, বৰফত পিন্ধা চছ্মা আদি পৰিধান কৰিবলগীয়া হয়৷ এইবোৰৰ মূল্য কেইবালাখ টকা৷ ইয়াৰ উপৰি থাকে অক্সিজেন চিলিণ্ডাৰ, ছেফ্টী ইকুইপমেণ্টছ, শুকান খাদ্য ইত্যাদি৷
শৈশৱৰ পৰা আগবাঢ়ি কর্মজীৱী হোৱালৈ আপোনাৰ জীৱন বৃত্তান্তৰ থূলমূল আভাস জনাব নেকি?
লখিমপুৰৰ নগাঁও পথাৰ মোৰ জন্মস্থান৷ মোৰ পিতৃ জয়সিং গড় আৰু মা কমলাৱতী গড়৷ ঊষাৰাণী গড় মোৰ বাইদেউ আৰু ভাইটি মাখন গড়৷ নগাঁও পথাৰৰ সেই গ্রামাঞ্চলতেই অতিবাহিত হৈছিল মোৰ শৈশৱ৷ স্থানীয় ‘ৰাধাকৃষ্ণ আদিবাসী প্রাথমিক বিদ্যালয়’খনত মোৰ আৰম্ভ হৈছিল প্রাথমিক শিক্ষা৷ উক্ত শিক্ষানুষ্ঠানখনত মই প্রথমৰ পৰা চতুর্থ শ্রেণীলৈ পঢ়িছিলোঁ৷ ইয়াৰ পিছত লীলাবাৰী হাইস্কুলত মই পঞ্চম শ্রেণীত নামভর্তি হৈছিলোঁ৷ সেই শিক্ষানুষ্ঠানখনত দশম শ্রেণীলৈ পঢ়ি তাৰ পৰাই মেট্রিক পাছ কৰিছিলোঁ৷ ইয়াৰ পিছত ‘কাকৈ জুনিয়ৰ কলেজ’ উচ্চতৰ মাধ্যমিক (কলা)ত নামভর্তি হৈছিলোঁ৷ তাৰ পৰাই মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ পৰৱর্তী পর্যায়ত ‘কদম বগীনদী সোৱণশিৰি কলেজ’ৰ পৰা স্নাতক (কলা) পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ ইয়াৰ পিছতে ২০১৮ চনত ‘ষ্টাফ ছিলেকচন কমিছন’ অর্থাৎ এছএছচিৰ অধীনত পৰীক্ষাত অৱতীর্ণ হৈ ‘ইণ্ডো–তিব্বত ব’ডাৰ পুলিচ ফ’চ’ অর্থাৎ আইটিবিপিএফৰ বাবে নির্বাচিত হৈছিলোঁ ২০২০ চনত৷ নির্বাচিত হোৱাৰ পিছতে হাৰিয়ানাৰ ৰামগড়ত অৱস্থিত ‘বেছিক ট্রেইনিং চেণ্টাৰ’ত প্রশিক্ষণ গ্রহণ কৰিছিলোঁ৷ প্রশিক্ষণৰ অন্তত মোৰ প্রথম নিযুক্তি হৈছিল হিমাচল প্রদেশৰ কিন্নৰ জিলাৰ ৰিকাংপি’ত৷ তাত ৩ বছৰ অতিবাহিত কৰিছিলোঁ৷ ইয়াৰ পিছতে মই বিভাগীয়ভাৱে পর্বতাৰোহণৰ প্রথম প্রশিক্ষণ গ্রহণ কৰিছিলোঁ উত্তৰাখণ্ডৰ এমএনএছআই অলিত৷ বর্তমান মাত্র আইটিবিপিএফৰ বিশাখাপট্টনমৰ বেটেলিয়নত কর্মৰত হৈ আছোঁ৷ সৌভাগ্যক্রমে এভাৰেষ্ট বিজয়ৰ সুযোগ লাভ কৰিছিলোঁ বিভাগীয়ভাৱে৷ এইখিনিতে কওঁ যে মই যিহেতু শৈশৱৰ এক কৃষি প্রধান অঞ্চলতে ডাঙৰ–দীঘল হৈছিলোঁ, সেয়ে কৃষিকর্মৰ প্রতিও মোৰ যথেষ্ট আস্থা–আগ্রহ আছে৷ কৃষিকর্ম মোৰ জীৱনৰ এক অংশৰ দৰে৷
এভাৰেষ্ট শৃংগত উপস্থিত হোৱাৰ পিছত আপোনাৰ মনৰ অনুভৱখিনি জনাব নেকি?
চলিত বর্ষৰ ২১ মে’ৰ পুৱা প্রায় ৬.৩০ বজাত মই উপস্থিত হ’ব পাৰিছিলোঁ মাউণ্ট এভাৰেষ্ট শৃংগত যিটো পৃথিৱীৰ ভিতৰতে উচ্চতম স্থান৷ দিল্লীৰ পৰা কাঠমাণ্ডু হৈ আহি একেবাৰে অন্তিম কেম্প ৪ত উপস্থিত হৈছিলোঁ৷ তাৰ পৰা ২০ মে’ৰ সন্ধিয়া ৭.৩০ মান বজাত চূড়ান্তভাৱে এভাৰেষ্টলৈ খোজ দিছিলোঁ৷ বিপজ্জনক এই পথেৰে নানা প্রতিকূলতাকো চেৰ পেলাই যেতিয়া পৰম আকাংক্ষিত স্থানত উপস্থিত হৈছিলোঁ সেই সময়ত মই একপ্রকাৰ বাক্হীন হৈ পৰাৰ দৰে হৈছিলোঁ৷ কি অপূর্ব ক্ষেত্র সেই স্থান দূৰৈৰ পৰা এই ক্ষেত্রখন ফণা মেলি থকা সর্পৰ দৰে দেখি, চৌপাষে শুভ্র বৰফেৰে ঢ়কা৷ এই এভাৰেষ্টক আকৌ নেপালত ‘সাগৰ মাথা’ বুলি কয়৷ আনহাতে ‘চুংলুংমা’ বুলি কয় চীনাসকলে৷ খুব কম আকাৰৰ বিশ্বৰ এই সর্বোচ্চ ক্ষেত্রখনত তিব্বতৰ ধর্মীয় পতাকা উৰি থকা দেখা পাইছিলোঁ৷ শুভ্র বৰফৰ টুকুৰাৰ বাহিৰে তাত প্রাকৃতিকভাৱে গছ–লতা, প্রাণী একো পার্থিব বস্তুৰে অস্তিত্ব নাই৷ এক বিৰাট নীৰৱ ক্ষেত্র৷ আছে কেৱল বতাহৰ তীব্র গতি৷ অনবৰতে কোবাল বতাহ বৈ থাকে তাত৷ থিয় হৈ থকাই কঠিন হৈ পৰে তাত৷ মই যি সময়ত উপস্থিত হৈছিলোঁ ঠিক সেই সময়ত বিশ্বৰ ভিন্ন প্রান্তৰ প্রায় ১০গৰাকী অভিযানকাৰী তাত উপস্থিত থকা দেখিছিলোঁ৷ কাৰো লগত কথা হোৱাৰ অৱকাশ নাই৷ স্থানটুকুৰাৰ ইমানেই মাহাত্ম্য যে মই উপস্থিত হোৱাৰ পিছত বৈছিল চকুলো৷ আৱেগিক হৈছিলোঁ৷ স্বতঃস্ফূর্তভাৱে কৈছিলোঁ– ‘কৃষ্ণায় ভগৱতে বাসুদেৱায় নমঃ৷’’ সেই স্থানৰ ইমানেই অপাৰ মহিমা যে তাত ফটো তুলিবলৈও পাহৰি গৈছিলোঁ৷ তাৰ পৰিৱেশত মই আত্মবিভোৰ হৈ পৰিছিলোঁ৷ বাকী অভিযানকাৰীসকলৰো একেই দশা৷ তাত উপস্থিত হোৱাৰ পিছত মোৰ উপলব্ধি হৈছে– ‘এভাৰেষ্ট এক ঐশ্বৰিক শক্তি ক্ষেত্র, ই পৱিত্র আৰু মায়াময়৷ এভাৰেষ্টৰ নান্দনিক প্রাকৃতিক পৰিৱেশে জাগৃত কৰে মানৱীয় প্রমূল্যবোধ, আধ্যাত্মিকতা৷’ কেম্প–৪ৰ পৰা এভাৰেষ্টলৈ চূড়ান্ত যাত্রা অতি বিপদসংকুল৷ আনকি এই চূড়ান্ত যাত্রা কৰাৰ আগমুহূর্তত মোৰ লগত যোৱা শ্বের্পাগৰাকীয়ে পথৰ দাঁতিত মৃতদেহ পৰি থকা দেখিম বুলিও সতর্কতা প্রকাশ কৰিছিল৷ অৱশ্যে এইক্ষেত্রত মই মানসিকভাৱে শক্তিশালী হৈ নিজকে প্রস্তুত কৰি আগবাঢ়িছিলোঁ৷ মই এটা মৃতদেহ প্রত্যক্ষ কৰিছিলোঁ৷ কাৰ মৃতদেহ সেয়া তাত জনাৰ উপায় নাই৷ তাত কেৱল নিজক অতি ধীৰে–সুস্থিৰে আগবঢ়াই নিয়াটোহে মুখ্য হৈ পৰে৷ কিন্তু ইমানপ্রত্যাহ্বান–প্র নেওচি মই যেতিয়া এভাৰেষ্টৰ শিখৰ পাইছিলোঁ তেতিয়া মই অবাক হৈ পৰিছিলোঁ৷ কেৱল বৈছিল সুখৰ চকুলো৷ তাত নাই কোনো দুখ–বেজাৰ ভাব৷ নাই কোনো দুর্গন্ধ৷ নিচাগ্রস্তৰ দৰে মই তাত কেৱল সুখ–শান্তিৰ আচ্ছাদনতেই থাকিলোঁ৷ নিজৰ সকলো কথাই পাহৰি গৈছিলোঁ৷ প্রায় ৪০ মিনিট সময় তাত মই অতিবাহিত কৰিছিলোঁ৷ ধুমুহাৰ দৰে অনবৰতে বৈ থকা বতাহৰ শব্দৰ বাহিৰে আন একোৱেই নাই তাত৷ পুৱা প্রায় ৭.১০ বজাত এভাৰেষ্টৰ শিখৰৰ পৰা আৰম্ভ কৰিছিলোঁ ওভতনি যাত্রা৷ তাত পুৱা ৮–৯ মান বজাৰ পিছত থাকিব নোৱাৰি৷ সেয়ে তাৰ পূর্বে সেই স্থানৰ পৰা আঁতৰি আহিব লাগে৷ কাৰণ যিমানে পলম হয়, সিমানে সূর্যৰ প্রখৰতা বাঢ়ে৷ সূর্যৰ পোহৰ বৰফত পৰি প্রতিফলিত হৈ এনে এক অদ্ভুত পোহৰ হয় যি আমাৰ চকুৱে সহিব নোৱাৰে৷ সেয়ে সোনকালেই উভতি আহিবলগীয়া হয়৷ যিয়েই নহওক, এভাৰেষ্টৰ সেই অপূর্ব নান্দনিক পৰিৱেশ মোৰ মনৰ স্মৃতিপটত সদায় সজীৱ হৈ থাকিব৷ যাত্রাপথ দুর্গম–তি ভয়াৱহ–বিপদসংকু হ’লেও এভাৰেষ্ট প্রশান্তিৰ আঁকৰ৷ যেন এক ঐশ্বৰিক ক্ষেত্রহে৷
আপোনাৰ লগত যোৱা শ্বের্পাগৰাকী কোন?
এভাৰেষ্ট অভিমুখী যাত্রাত কেম্প–২ৰ পৰা কেম্প–৩লৈ গৈ আছোঁ৷ কেম্প–৩ পোৱাৰ পূর্বে লটছেফেচৰ পৰা মই অক্সিজেন ল’বলগীয়া হৈছিল৷ অক্সিজেন চিলিণ্ডাৰ লগোৱাৰ পিছৰে পৰা মোৰ লগত আছিল এগৰাকী শ্বের্পা৷ তেওঁ ফুৰশ্রিং শ্বের্পা৷ তেওঁৰ ঘৰ নেপালত৷
এভাৰেষ্ট অভিমুখী যাত্রাপথত আপোনালোকে দুর্গম অঞ্চলতো কিছু গাঁও দেখিছিল৷ সেই সম্পর্কে অলপ জনাব নেকি?
এভাৰেষ্টলৈ খোজকাঢ়ি যোৱাৰ পথত তাৰ দুর্গম পাহাৰীয়া অঞ্চলত আমি কিছু গাঁও অতিক্রম কৰিছিলোঁ৷ ফাকদিং, নামছেবাজাৰ, দিবুচে, দিংবোচে, লবুচে আদি গাঁও অন্যতম৷ এই অঞ্চলৰ লোকসকল মূলতঃ নেপালী৷ ইয়াত হিন্দু আৰু বৌদ্ধধর্মী লোক প্রধানকৈ আছে৷ কৃষিপ্রধান এলেকা৷ আলু, মটৰ আদিৰ খেতি কৰা দেখিছোঁ৷ পর্যটনকাৰী আহে বাবে হোমষ্টে’, গেষ্ট হাউছ আদিৰ ব্যৱসায় আছে৷ তাৰ লোকসকলে বহু কষ্ট কৰি জীৱন–জীৱিকা চলাই আছে৷ প্রকৃতিৰ মাজত বসতি কৰে তেওঁলোকে৷ স্থানীয় লোকৰ ব্যৱহাৰ সুমিষ্ট৷ ভদ্র ব্যৱহাৰ৷ সকলোৰে সুখ–দুখৰ প্রতি সহমর্মিতা প্রকাশ কৰে৷
আপুনি আইটিবিপিএফৰ যি ১১গৰাকী মহিলা গোটৰ লগত এভাৰেষ্টলৈ গৈছিল, সেইসকলৰ বিষয়ে অলপ জনাব নেকি?
আইটিবিপিএফৰ তৰফৰ পৰা গঠন কৰা মহিলা গোটৰ অন্যতম সদস্য হিচাপে মই এভাৰেষ্ট অভিযাত্রী হ’বলৈ সুযোগ লাভ কৰিছিলোঁ৷ প্রথম অৱস্থাত মহিলা গোটটোত ১৯গৰাকী সদস্যাৰ নাম অন্তর্ভুক্ত আছিল৷ কিন্তু পৰৱর্তী পর্যায়ত এভাৰেষ্টলৈ যাবলৈ প্রস্তুত কৰা তালিকাৰ পৰা ৮গৰাকী বাদ পৰিছিল অর্থাৎ চূড়ান্ত তালিকাত অন্তর্ভুক্ত হৈছিল ১১গৰাকী মহিলা অভিযাত্রী৷ মোৰ সৈতে যোৱা সেই ১১ সদস্যাসকল ক্রমে ষ্টেনজিং চৰোল, ডিছকেট চৰোল, ডিছেন স্পালজেছ, কুনজাংলামো, অঞ্জুৰাণী, তিলা সেন, লোবচাং চোতেন, ৰুচি, জি লেপছা, প্রবীণা ৰায় আৰু মই৷
পর্বতাৰোহণৰ আপোনাৰ জীৱনত কিদৰে আৰম্ভণি হৈছিল?
আচলতে শৈশৱ–কৈশোৰ অৱস্থাত পর্বতাৰোহণ সম্পর্কে মোৰ কোনো ধাৰণাই নাছিল৷ অথবা বিষয়টোক লৈ মই ভবাও নাছিলোঁ৷ কিন্তু মই কর্মসূত্রে আইটিবিপিএফত যোগদান কৰাৰ পিছতহে এই লৈ স্থাপন হয় এক যোগসূত্র৷ সেয়া বাৰু কওঁ– এবাৰ আইটিবিপিএফৰ ডিআইজি প্রেম সিং ছাৰে এখন সংবাদ মেল সম্বোধন কৰিছিল৷ তাত তেওঁ প্রসংগক্রমে আইটিবিপিএফৰ তৰফৰ পৰা এটা মহিলা পর্বতাৰোহী গোট গঠন কৰি এভাৰেষ্টলৈ পঠিওৱাৰ বাবে পৰিকল্পনা গ্রহণ কৰাৰ কথা প্রকাশ কৰিছিল৷ সেয়া ২০২৩ চনৰ কথা৷ আৰু তাৰ পিছতেই এটি গোট গঠন কৰিছিল৷ সৌভাগ্যক্রমে সেই গোটত মোৰ নাম অন্তর্ভুক্ত হৈছিল৷ প্রথম অৱস্থাত ১৯জনীয়া সদস্যাৰে গোটটো আৰম্ভ কৰা হৈছিল৷ ইয়াৰ পিছতে মোৰ মনলৈ পর্বতাৰোহণৰ ধাৰণা ক্রমাৎ গাঢ় হ’বলৈ ধৰিলে৷ পৰৱর্তী পর্যায়ত বিভাগীয়ভাৱে প্রদান কৰা পর্বতাৰোহণৰ প্রশিক্ষণ গ্রহণ কৰিলোঁ৷ এনেদৰেই মোৰ জীৱনত পর্বতাৰোহণৰ জয়যাত্রা আৰম্ভ হৈছিল৷
এভাৰেষ্ট আৰোহণৰ পূর্বে অন্য পাহাৰত আৰোহণ কৰিছিল নেকি?
আইটিবিপিএফত যোগদান কৰাৰ পিছতহে যিহেতু পর্বতাৰোহণৰ বিষয়টো মোৰ জীৱনলৈ আহিছিল, সেয়ে বহু বেছি পাহাৰ বগোৱা হোৱা নাই৷ তথাপি পর্বতাৰোহণৰ প্রশিক্ষণ সামৰি মই কার্গিলৰ ৭,১৩৫ মিটাৰ উচ্চতাৰ মাউণ্ট জুন পাহাৰত আৰোহণ কৰিছিলোঁ৷
পর্বতাৰোহী হ’বলৈ হ’লে কেনেধৰণৰ গুণ থকাৰ দৰকাৰ বুলি আপুনি ভাবে?
প্রথম কথা মনত সাহস থাকিবই লাগিব লাগিব অপৰিসীম ধৈর্য শক্তি৷ মানসিক আৰু শাৰীৰিকভাৱে সম্পূর্ণ অৱস্থাপ্রাপ্ত হ’ব লাগিব৷ তদুপৰি নিজকে অনবৰতে এক ধনাত্মক ধ্যান–ধাৰণাৰে আগবঢ়াই নিব পৰা দক্ষতা থাকিব লাগিব৷
আপোনাৰ কর্মজীৱন সম্পর্কে চমুকৈ জনাব নেকি?
হয়, মই এছএছচি পৰীক্ষাৰ জৰিয়তে ‘ইণ্ডো–তিব্বত ব’ৰ্ডাৰ পুলিচ ফ’ৰ্চ’ চমুকৈ আইটিবিপিএফত প্রথম চাকৰিত যোগদান কৰোঁ ২০২১ চনৰ ১০ এপ্রিলত৷ হিমাচল প্রদেশৰ কিন্নৰ জিলাৰ ৰিকাংপি’ত মই প্রথম যোগদান কৰিছিলোঁ৷ এতিয়া মই বিশাখাপট্টনমৰ আইটিবিপিএফৰ বেটেলিয়নত কাম কৰি আছোঁ৷
চাকৰি–পর্বতাৰোহণ উপৰি আপোনাৰ আন কিবা বিষয়ৰ প্রতি বিশেষ আকর্ষণ আছে নেকি?
হয়, কৃষিকর্মৰ প্রতি মোৰ এক আন্তৰিক আকর্ষণ আছে৷ কৃষিকর্মৰ সৈতে যুক্ত হৈ থাকিব পাৰিলে ভাল লাগে৷ আচলতে শৈশৱৰ পৰাই আমি কৃষিৰ লগত কম–বেছি পৰিমাণে যুক্ত আছিলোঁ৷
আপুনি লাভ কৰা সন্মান–সম্বর্ধনা আদিৰ বিষয়ে ক’ব নেকি?
এভাৰেষ্টত আৰোহণ কৰাৰ পিছতে মই অসমৰ ৰাইজৰ লগতে আন বহু লোকৰ পৰা সন্মান–ভিনন্দন লাভ কৰিছোঁ৷ এভাৰেষ্টৰ পৰা নামি ১ জুনত দিল্লী পোৱাৰ পিছতে আইটিবিপিএফৰ ফালৰ পৰা আমাক প্রথম সন্মান দিয়া হয়৷ ইয়াৰ পিছতে ১০ জুলাইত গুৱাহাটীত উপস্থিত হৈছিলোঁ৷ গুৱাহাটীত সদৌ অসম ছাত্র সন্থা, অসম পর্বতাৰোহণ সন্থা আদিয়ে বিশেষ সন্মান–সম্বর্ধনা জ্ঞাপন কৰে৷ ১১ জুলাইত লোকভৱনত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই বিশেষ সম্বর্ধনা জনায়৷ ইয়াৰ উপৰি বহু দল–সংগঠন, ব্যক্তিবিশেষে সন্মান–শুভকামনা যাচিছে৷ এনে মৰম–শুভেচ্ছাৰ বাবে মই যথেষ্ট উৎসাহ পাইছোঁ৷
অসমৰ মহিলাসকলৰ প্রতি আপোনাৰ বক্তব্য?
মহিলাসকলে নিজকে সততে দুর্বল বুলি ভাবি লয়৷ কিন্তু মোৰ বক্তব্য হ’ল, শৰীৰৰ মালিক মই নিজে৷ ইচ্ছা কৰিলে ইয়াক প্রাণ–প্রাচুর্যৰে ভৰাই শক্তিময় কৰি বহু কাম কৰিব পাৰি৷ নিজকে দুর্বল বুলি মনতে ভাবি পিছপৰি থাকিব নালাগে৷ পিছে অসমৰ মহিলাসকল শক্তিশালী বুলিয়েই মই ভাবোঁ৷ তেওঁলোকে নিজকে সবল–শক্তিশালী বুলিয়েই ধাৰণা কৰে৷