নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : যশস্বী মহিলা বাঁহীবাদক মিনু গগৈৰে সাক্ষাৎকাৰ

সাক্ষাৎ গ্রহণ : নৱ কুমাৰ শর্মা
ফোন : ৯৯৫৪৫–৯০১৩৩

প্রসিদ্ধ বাঁহী শিল্পী হিচাপে আপোনাৰ বিশেষ খ্যাতি–প্রতিষ্ঠা৷ শৈশৱৰ পৰা কিদৰে আগবাঢ়ি আজিৰ অৱস্থাত উপনীত হ’ল? সুদীর্ঘ বর্ণময় জীৱনযাত্রাৰ থূলমূল আভাস দিব নেকি?
হয়, বাঁহীৰ জৰিয়তেই মোৰ বিশেষ পৰিচিতি৷ শৈশৱতে হাতত লোৱা বাঁহীৰ জৰিয়তে মই আগবাঢ়ি আজিৰ অৱস্থালৈ আহিছোঁ৷ ঠিক আছে, মই কথাখিনি একেবাৰে শৈশৱৰ পৰা আৰম্ভ কৰোঁ৷ মোৰ জন্মস্থান সৰুপেটা৷ মোৰ দেউতা প্রয়াত সৰুমইনা গগৈ৷ দেউতা তেতিয়া কেন্দ্রীয় চৰকাৰৰ পোষ্টেল এণ্ড টেলিকম বিভাগৰ এগৰাকী বিষয়া হিচাপে গুৱাহাটীৰ পৰা সৰুপেটালৈ বদলি হৈছিল৷ সৰুপেটাত থকা অৱস্থাতেই মোৰ মা বৰপেটাৰ প্রয়াত ভাৰতী গগৈৰ সৈতে দেউতাৰ বিবাহ হৈছিল৷ সৰুপেটাতেই মোৰ জন্ম হৈছিল৷ তাৰ কিছুদিন পিছত দেউতা বদলি হয় বঙাইগাঁৱলৈ৷ তেতিয়া মোৰ বয়স ৫ বছৰমান হৈছিল৷ ক’বলৈ বেয়া লাগিছে যে বঙাইগাঁৱত চাকৰি কৰি থকা অৱস্থাতেই দেউতাৰ অকাল বিয়োগ হয়৷ দেউতাৰ মৃত্যুৰ পিছত মাই গুৱাহাটীৰ পাণবজাৰত থকা টেলিফোন এক্সচেঞ্জত চাকৰি লাভ কৰিছিল৷ তেতিয়া আমি মাৰ সৈতে শিলপুখুৰীত থাকিবলৈ লৈছিলোঁ৷ ভৰলুমুখৰ প্রাথমিক বিদ্যালয়ত মই গ্রহণ কৰিছিলোঁ প্রাথমিক শিক্ষা৷ পিছত পাণবজাৰ ছোৱালী হাইস্কুলত মাধ্যমিক শিক্ষা গ্রহণ কৰিছিলোঁ৷ তাৰ পৰাই মই মেট্রিক পৰীক্ষা পাছ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত তেতিয়াৰ কটন মহাবিদ্যালয়ত মই পঢ়িছিলোঁ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত৷ তাৰ পৰা উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পিছত সন্দিকৈ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিলোঁ৷ পৰৱর্তী পর্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিলোঁ৷ ইয়াৰ পিছত মই লক্ষ্ণৌৰ ভাটখাণ্ডেৰ সংগীত বিদ্যাপীঠ ডীন ইউনিভার্ছিটীৰ পৰা বাঁহী বিষয়ত বাদ্যনিপুণ অর্থাৎ স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিলোঁ৷ তাৰ পৰা বাঁহীত বাদ্যনিপুণত উত্তীর্ণ মই আছিলোঁ প্রথম মহিলা শিক্ষার্থী৷ অৱশ্যে মই সৰুৰে পৰাই বাঁহী হাতত লৈছিলোঁ৷ বাঁহী শিকিছিলোঁ আৰু বজাইছিলোঁ৷ ১৯৭৭ চন মানত মই ওড়িশাৰ কটকত অনুষ্ঠিত হিন্দুস্থানী শাস্ত্রীয় সংগীত শিতানৰ বাঁহীত সর্বভাৰতীয় প্রতিযোগিতাত মই অংশগ্রহণ কৰিছিলোঁ৷ তেতিয়া মোৰ বয়স ১০ বছৰ মান হৈছিল৷ সেই একে সময়তে মই আকাশবাণী গুৱাহাটী কেন্দ্রত ‘অডিচন পৰীক্ষা’ত উত্তীর্ণ হৈ ‘চেমনীয়াৰ চ’ৰা’ত বাঁহী বজাইছিলোঁ৷ তাত প্রায় এবছৰ নিয়মিত বাঁহী পৰিৱেশন কৰিছিলোঁ৷ ইয়াৰ কিছুদিন পিছত ‘যুৱবাণী’ত অডিচন দি উত্তীর্ণ হৈ পুনৰ বাঁহী বজাইছিলোঁ আকাশবাণী গুৱাহাটীৰ ‘যুৱবাণী’ অনুষ্ঠানত৷ আচলতে সেই সময়ত মোৰ বয়স নোহোৱা সত্ত্বেও ‘যুৱবাণী’ত কণ্ঠ পৰীক্ষা দিয়াই মোক তাত বাঁহীবাদনৰ সুযোগ দিয়া হৈছিল৷ কাৰণ সেই সময়ত শাস্ত্রীয় সংগীতৰ বাঁহী বজোৱা লোক নাছিল৷ গতিকে বয়স নোহোৱা সত্ত্বেও মোক তাত বাঁহীবাদন কৰিবলৈ দিয়া হৈছিল৷ পৰৱর্তী পর্যায়ত মই বিভিন্ন শাস্ত্রীয় সংগীত সন্মিলনত বাঁহীবাদন কৰিছিলোঁ৷ ১৯৭৯ চনত ‘সদৌ অসম শাস্ত্রীয় সংগীত সন্মিলন’ অনুষ্ঠিত হৈছিল গুৱাহাটীৰ ৰবীন্দ্র ভৱনত৷ এই সন্মিলনত মই বাঁহী বজাইছিলোঁ৷ এই সন্মিলনত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত প্রতিযোগিতাত বাঁহীবাদনত মই প্রথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ প্রথম স্থান দখল কৰা বাবে সন্মিলনৰ মূল অনুষ্ঠানত মই এককভাৱে বাঁহী বজোৱাৰ সুযোগ লাভ কৰিছিলোঁ৷ এই সংগীত সন্মিলনত প্রখ্যাত বেহেলাবাদক ভি জি যোগৰ লগতে পাৰবীন চুলতানা, দিলচাদ খান আদিৰ দৰে যশস্বী সংগীতজ্ঞই অংশগ্রহণ কৰিছিল৷ সেইসকল বিশিষ্ট সংগীতজ্ঞৰ মই সান্নিধ্য লাভ কৰি বহু উপকৃত হৈছিলোঁ৷ পৰৱর্তী পর্যায়ত মই দেশৰ ভিন্ন প্রান্তত বাঁহীবাদন কৰি যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হৈছিলোঁ৷ ইয়াৰ উপৰি মই ১৯৮৫ চনত ভাৰতীয় শাস্ত্রীয় সংগীতৰ জীৱন্ত কিংবদন্তি, বাঁহীৰ ভগৱান, ‘পদ্মবিভূষণ’ পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াৰ শিষ্যত্ব গ্রহণ কৰিছিলোঁ৷ ইতিমধ্যে এম এ পাছ কৰাৰ পিছতেই ১৯৯৩ চনত মই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনস্থ ৰাজ্যিক সংগীত মহাবিদ্যালয়ত অসমীয়াৰ প্রবক্তা হিচাপে যোগদান কৰিছিলোঁ৷ কিন্তু প্রথম অৱস্থাত মোৰ পদটো নিয়মীয়া হোৱা নাছিল যাৰ বাবে মই যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ তথাপি মই মোৰ দায়িত্ব পালন কৰি গৈছিলোঁ৷ অৱশেষত ২০০১ বর্ষত মোৰ চাকৰি নিয়মীয়া হৈছিল৷ পিছত ২০২৫ বর্ষত মই চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰোঁ৷ এতিয়া মই বাঁহীৰ চর্চা অব্যাহত ৰাখিছোঁ৷

বাঁহীটো আপুনি কিদৰে আঁকোৱালি ল’লে?
তেতিয়া আমি গুৱাহাটীৰ শিলপুখুৰীত থাকোঁ৷ দেউতাৰ অকাল মৃত্যুৰ পিছত গুৱাহাটীৰ ‘টেলিফোন এক্সচেঞ্জ’ত মাই চাকৰি লাভ কৰিছিল৷ তেতিয়া মাৰ সৈতে আমি শিলপুখুৰীত থাকিবলৈ লৈছিলোঁ৷ তেতিয়া মই একেবাৰে সৰু৷ বয়স ৬ বছৰমান হ’ব৷ সেই সময়ত শিলপুখুৰীৰ আমি থকা ঘৰটোৰ কাষতে আছিল যশস্বী বাঁহীবাদক প্রভাত শর্মা, অনাতাঁৰ শিল্পী জয়হৰি দাস আৰু প্রভাত শর্মাৰ ভাতৃ তথা শিল্পী মুৰাৰি শর্মা৷ তিনিওগৰাকী একেলগে থাকিছিল৷ ইফালে প্রভাত শর্মাৰ লগত মোৰ মাৰ পূর্বৰে চিনাকি৷ সেই সূত্রে তিনিওগৰাকীৰ মাজে মাজে আমাৰ ঘৰলৈ অহা–যোৱা কৰি আছিল৷ তেতিয়া মই তেনেই কণমানি৷ প্রভাত শর্মাই মোক কোলাত লৈ মোৰ হাতৰ আঙুলিকেইটা লিৰিকি–বিদাৰি এবাৰ কৈছিল, ‘তোক মই বাঁহী শিকাম দেই৷ আমাৰ ইয়াত বাঁহী বজোৱা ছোৱালী নাই৷ মাদ্রাজ (আজিকালি চেন্নাই)তহে দুজনী বাই–ভনী আছে৷ এই কথাখিনি মোৰ মায়েও শুনিছিল৷ পিছত এদিন প্রসংগক্রমে মোৰ মাই প্রভাত শর্মাই কোৱা কথাখিনি শিল্পী জয়হৰি দাসক কৈছিল৷ তেতিয়া জয়হৰি দাসে লগে লগে ক’লে, ‘মিনুক ময়েই বাঁহী শিকাম৷’ শিল্পী জয়হৰি দাস ১৮টা বাদ্যত সিদ্ধহস্ত আছিল৷ তদুপৰি তেওঁ দিল্লীৰ ভোলানাথ প্রসন্না আৰু কলকাতাৰ গৌৰ গোস্বামীৰ পৰা হিন্দুস্থানী শাস্ত্রীয় সংগীতৰ ধাৰাত বাঁহীৰ শিক্ষা গ্রহণ কৰিবলৈ সক্ষম হৈছিল৷ লগতে অসমৰ লোকসংগীতৰ এগৰাকী অপ্রতিদ্বন্দ্বী শিল্পী আছিল তেওঁ৷ যি হওক, এদিন মায়ে মোৰ বাবে বাঁহী কিনি আনি মোৰ হাতত তুলি দিছিল৷ তেতিয়া মই তেনেই কণমানি৷ প্রথম স্কুললৈ গৈছোঁ মাত্র৷ প্রথম শ্রেণীত নামভর্তি কৰিছিলোঁ৷ মাই সেই বাঁহীটো পাণবজাৰত অৱস্থিত একমাত্র বাদ্যযন্ত্রৰ প্রতিষ্ঠান ‘সংগীতা’ৰ পৰা কিনি আনিছিল৷ ইয়াৰ পিছতেই মোৰ বাঁহীবাদন শিক্ষাৰ আৰম্ভ হয়৷ প্রভাত শর্মাৰ কথা অনুসৰি জয়হৰি দাসৰ পৰা প্রথম বাঁহীবাদনৰ শিক্ষা গ্রহণ কৰিছিলোঁ৷ প্রথমদিনা মোৰ মাৰ মাতৃ অর্থাৎ আইতা কিৰণ মুদৈয়ে শৰাই আগবঢ়াই পৰম শ্রদ্ধেয় জয়হৰি দাসৰ ওচৰত বাঁহীবাদনৰ শিক্ষা গ্রহণৰ শুভাৰম্ভ কৰিছিল৷ যি সময়ত মোৰ মায়ে প্রথম বাঁহীটো কিনি মোৰ হাতত দিছিল, তেতিয়া কিন্তু মোৰ একোৱেই জ্ঞান নাছিল বাঁহী সন্দর্ভত৷ মাত্র ফুঁৱাব লাগে মই ফুঁৱাই থাকোঁ৷ পিছত লাহে লাহে ডাঙৰ হোৱাৰ পিছৰ পৰাহে বাঁহীটোৰ প্রতি মই এটা আকর্ষণ অনুভৱ কৰিছিলোঁ৷ অৱশ্যে আমাৰ মা বৰপেটাৰ সুন্দৰীদিয়া সত্রৰ৷ সেয়ে আমাৰ ঘৰখনত এক সুন্দৰ সত্রীয়া পৰিৱেশ আছিল৷ গতিকে স্বাভাৱিকভাৱেই নাম–কীর্তন, ভাগৱত পাঠ আদি প্রায়ে চলি থাকে৷ ‘কৃষ্ণ’ সম্পর্কত আমাৰ ঘৰত খুব স্বাভাৱিকভাৱেই চর্চা হৈ থাকে৷ এইবোৰে মোৰ মনক যথেষ্ট প্রভাৱিত কৰিছিল৷ ঘৰখনৰ তেনে এক আধ্যাত্মিক পৰিৱেশত শৈশৱ অতিবাহিত কৰি ডাঙৰ হোৱাৰ পিছত মই নিজেই বুজি পালোঁ যে কৃষ্ণৰ হাতত বাঁহী থাকে৷ ভগৱান শ্রীকৃষ্ণই জগতৰ ঈশ্বৰ হৈ যদি বাঁহী বজাইছে, গতিকে এই বাঁহীটোৰ কিমান মহত্ত্ব থাকিব সেই অনুভৱ মোৰ অন্তৰত আহিছিল৷ সেই অনুভৱে মোক বাঁহী চর্চাৰ আধ্যাত্মিক দিশলৈ লৈ গৈছে৷ মোৰ ঘৰ যিহেতু বৰপেটাৰ সুন্দৰীদিয়া সত্রত, সেয়ে ঘৰখনত সত্রীয়া পৰিৱেশ পাইছোঁ৷ বাঁহীবাদনৰ ক্ষেত্রত গভীৰ অনুপ্রেৰণাও পাইছোঁ মাৰ পৰা৷

দেশৰ ভিন্ন স্থানৰ লগতে বিদেশতো আপুনি বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰি সমাদৃত হৈছে৷ সেই অভিজ্ঞতাৰ বিষয়ে জনাব নেকি?
হয়, মই দেশৰ প্রায় আটাইকেইখন ৰাজ্যৰ উপৰি বিদেশতো বাঁহীবাদন পৰিৱেশন কৰি বিশেষভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ মই প্রথম ৰাষ্ট্রীয় পর্যায়ত বাঁহী বজাইছিলোঁ ওড়িশাৰ কটকত৷ হিন্দুস্থানী শাস্ত্রীয় সংগীতত বাঁহীত সর্বভাৰতীয় পর্যায়ত অনুষ্ঠিত ৰাষ্ট্রীয় সংগীত সন্মিলনত মই বাঁহী পৰিৱেশন কৰিছিলোঁ৷ সেয়া ১৯৭৭ চন মানৰ কথা৷ তেতিয়া মোৰ বয়স ১০ বছৰ মানহে আছিল৷ ইয়াৰ পিছৰে পৰা মই দিল্লী, চেন্নাই, মুম্বাই, কলকাতা, কেৰালা, মহীশূৰ, কুল্লু–মানালি (হিমাচল প্রদেশ), গুজৰাটৰ ভুজ, পুৰী, পাটনা আদিকে ধৰি দেশৰ প্রায় আটাইকেইখন ৰাজ্যতে ভালেমান অনুষ্ঠানত মই বাঁহী বজাইছিলোঁ৷ ইয়াৰে কিছুসংখ্যকত মই অকলে বাঁহীৰ অনুষ্ঠান কৰিছিলোঁ৷ বিপৰীতে আন কিছুসংখ্যক অনুষ্ঠানত মই গুৰুজী পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াৰ সৈতে বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰাৰ সৌভাগ্য হৈছিল৷ ইয়াৰ উপৰি মই বিদেশতো বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰিছোঁ৷ ২০১২ চনত মই প্রথম বিদেশত বাঁহীৰ অনুষ্ঠানত অংশগ্রহণ কৰিছিলোঁ৷ লণ্ডনৰ নেহৰু চেণ্টাৰত বাঁহীবাদনৰ অনুষ্ঠান কৰিছিলোঁ৷ লণ্ডনৰ পিছতে বার্মিংহাম আৰু ডুবাইতো বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰিছোঁ৷ বিদেশৰ আটাইকেইখন অনুষ্ঠানতে মই এককভাৱে বাঁহী বজাইছিলোঁ৷ দেশে–বিদেশে কৰা অনুষ্ঠানসমূহৰ জৰিয়তে মই যথেষ্ট অভিজ্ঞতা সঞ্চয় কৰিবলৈ সক্ষম হৈছোঁ৷ ২০০৪ চনত মই গোলাঘাটত বাঁহীৰ অনুষ্ঠান পৰিৱেশন কৰিছিলোঁ৷ ‘এমেচাৰ থিয়েটাৰ’ৰ ফালৰ পৰা আয়োজন কৰা হৈছিল এক অনুষ্ঠান য’ত কেৱল মোৰ বাঁহীৰ অনুষ্ঠানৰহে ব্যৱস্থা কৰা হৈছিল৷ তাত মই অকলে প্রায় দুঘণ্টা বাঁহী বজাইছিলোঁ যিটো হলত অনুষ্ঠান হৈছিল তাত ভর্তি দর্শক৷ আনকি থিয় হৈ বহু দর্শকে মোৰ শাস্ত্রীয় সংগীতৰ বাঁহীবাদন উপভোগ কৰিছিল৷ আৰু এটা গুৰুত্বপূর্ণ কথা যে তাত অনুষ্ঠান আৰম্ভ হোৱাৰ ঠিক আগে আগে উদ্যোক্তাসকলৰ পৰা ঘোষণা কৰি দিয়া হৈছিল যে অনুষ্ঠান চলি থকা সময়ত শিল্পীগৰাকীৰ ফটো যাতে কোনোকে নোতোলে৷ কাৰণ শাস্ত্রীয় সংগীতৰ দৰে গাম্ভীর্যপূর্ণ এই অনুষ্ঠান পৰিৱেশন কৰি থকা সময়ত মুকলিভাৱে সকলোৱে ফটো সংগ্রহ কৰি থাকিলে শিল্পীগৰাকীৰ অনুষ্ঠানত ব্যাঘাত হ’ব পাৰে৷ সেয়ে উদ্যোক্তাসকলে এনে সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছিল৷ মোৰ নিজৰ অসমৰে সদাশয় দর্শক–ৰাইজে মোৰ প্রতি দেখুওৱা এনে অকুণ্ঠ সহযোগে মোক যথেষ্ট উৎসাহিত কৰিছে৷ সেই কথা মোৰ বাবে আজিও স্মৰণীয় হৈ আছে৷ দিল্লীতো এবাৰ অনুষ্ঠান কৰাৰ পিছত তাত উপস্থিত থকা বহু বিদেশী লোকৰ লগতে আমাৰ দেশৰো ভালেসংখ্যক সাংবাদিক, বিশিষ্ট লোকে মোৰ সাক্ষাৎকাৰ গ্রহণ কৰিছিল৷ ইয়াৰ বাবে মই মনত উৎসাহ পাইছিলোঁ৷ আকৌ বার্মিংহামত অনুষ্ঠানত কৰোঁতে তাত বেছিভাগ ইংৰাজ লোক উপস্থিত আছিল৷ তেওঁলোকেও মোৰ বাঁহীবাদন মনোযোগেৰে শুনি থকা প্রত্যক্ষ কৰি মই পুলকিত হৈ পৰিছিলোঁ৷ দেশে–বিদেশে অনুষ্ঠান পৰিৱেশন কৰি লব্ধ অভিজ্ঞতাসমূহে মোক কর্মক্ষেত্রত শক্তিশালী ৰূপত প্রতিষ্ঠাও কৰিছে৷ ইয়ে মোক অধিক অগ্রগামী, কর্মক্ষম কৰি তুলিছে৷ সেই মধুৰ অভিজ্ঞতাৰ স্মৃতি ৰোমন্থন কৰি মোৰ নিজৰেই বহুত ভাল লাগে৷

প্রখ্যাত বাঁহীবাদক হৰিপ্রসাদ চৌৰাচিয়া আপোনাৰ ‘গুৰুজী’৷ এইগৰাকী যশস্বী সংগীতজ্ঞৰ সান্নিধ্য আৰু ব্যক্তিত্ব সম্পর্কত আপোনাৰ বক্তব্য?
আকাশবাণী গুৱাহাটীত মই বাঁহীৰ নিয়মীয়া শিল্পী হিচাপে স্বীকৃত হৈছিলোঁ৷ সেই সূত্রে আকাশবাণী গুৱাহাটী কেন্দ্রৰ আন এগৰাকী শিল্পী জয়হৰি দাসে মোক কেন্দ্রৰ ‘আর্কাইভ’ত থকা হৰিপ্রসাদ চৌৰাচিয়াৰ বাঁহীবাদনৰ ৰেকর্ড শুনাইছিল৷ জয়হৰি দাস আমাৰ প্রতিবেশী৷ লগতে তেওঁ মোক বাঁহী শিকাইছিল প্রথমবাৰৰ বাবে৷ সেইবাবে মোক উৎসাহিত কৰিবলৈ তেওঁ মোক যশস্বী বাঁহীবাদক পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াৰ বাঁহীবাদন শুনাইছিল৷ তেতিয়া সেই বাঁহীবাদন শুনাৰ পিছৰে পৰা মনতে ঠিক কৰিছিলোঁ যে এইগৰাকী সংগীতজ্ঞৰ ওচৰতে মই বাঁহীবাদন শিকিম৷ এবাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনত বাঁহী শিকিবৰ বাবে ‘নেচনেল স্কলাৰশ্বিপ’ৰ খবৰ পালোঁ৷ তাত আবেদন জনাবলৈ হ’লে গুৰু বা কোনো সংশ্লিষ্ট শৈক্ষিক প্রতিষ্ঠানৰ দৰকাৰ৷ কিন্তু সেই সময়ত সেয়া মোৰ নাছিল যাৰ বাবে আবেদনৰ ক্ষেত্রত আহি পৰিল প্রতিবন্ধকতা৷ পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়া মুম্বাইত থাকে৷ তেওঁক গুৰু হিচাপে ল’ব পাৰিলে মোৰ সকলো মনোবাঞ্ছা পূৰণ হ’ব৷ সেয়ে তেওঁৰ লগত যোগাযোগ কৰিবলৈ মই প্রথমে মাৰ সহায় ল’লোঁ৷ মা তেতিয়া ‘গুৱাহাটী টেলিফোন এক্সচেঞ্জ’ত কর্মৰত৷ মাই গুৱাহাটীৰ পৰা মুম্বাই টেলিফোন এক্সচেঞ্জৰ সৈতে যোগাযোগ কৰি পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়ালৈ টেলিগ্রাম মেছেজ দিছিল৷ মই তেওঁৰ ওচৰত বাঁহী শিকিম বুলি মেছেজ দিছিলোঁ৷ তেওঁ মোক‘WelCome’ বুলি প্রত্যুত্তৰ দিছিল৷ সেয়া ১৯৮৩ চন মানৰ কথা৷ ইয়াৰ পিছত ১৯৮৫ চনৰ নৱেম্বৰ মাহত সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা গুৱাহাটীৰ জজ ফিল্ডত এখন শাস্ত্রীয় সংগীত সন্মিলনৰ আয়োজন কৰিছিল৷ তাত ১৯৮৫ চনৰ ২৫ নৱেম্বৰৰ নিশা সন্মিলনৰ গ্রীনৰূমত মই যশস্বী সংগীত শিল্পীগৰাকীক সাক্ষাৎ কৰিছিলোঁ৷ আৰু তাত মই পঠিওৱা টেলিগ্রামৰ কপিটো দেখুৱালোঁ৷ তেওঁ সঁহাৰি জনালে৷ মই লগত বাঁহী আনিছোঁনে সুধিছিল৷ কিন্তু সিদিনা বাঁহী লৈ যোৱা নাছিলোঁ৷ তেওঁ বাঁহীটো আনিবলৈ ক’লে৷ আনকি তেওঁ নিজে তেতিয়াৰ সাংস্কৃতিক সঞ্চালক গিৰিজাপ্রসাদ দাসক মোৰ বাঁহীটো অনাৰ ব্যৱস্থা কৰি দিবলৈ ক’লে৷ অৱশেষত তেওঁ এগৰাকী কর্মচাৰীৰ হতুৱাই আমাৰ ঘৰৰ পৰা বাঁহী লৈ আনিলে৷ গুৰুত্বপূর্ণ কথাটো হ’ল প্রথম দেখাৰ দিনাই তেওঁ সিদিনাই তেওঁৰ সৈতে মঞ্চত মোক বাঁহীবাদন কৰিবলৈ সুযোগ দিলে৷ মই তেওঁৰ লগত একেলগে মঞ্চত বাঁহী বজালোঁ৷ আমাৰ এই অনুষ্ঠানত তবলা বজাইছিল প্রখ্যাত তবলাবাদক শ্যামল বসুৱে৷ অনুষ্ঠানৰ সামৰণিত তবলাবাদক শ্যামল বসুৱে মোক সুধিছিল, ‘য়ে বাটচী কিসসে শিক্ষায়া?’ তেওঁৰ ওচৰতে থকা দেশে–বিদেশে সমাদৃত পণ্ডিত হৰিপ্রসাদ চৌৰাচিয়াই ক’লে, ‘মেৰা শিষ্য’৷ আৰু তেতিয়াৰ পৰাই মই তেওঁৰ শিষ্য হৈ পৰিলোঁ৷ অত্যন্ত আশ্চর্যজনকভাৱে মই তেওঁৰ শিষ্যত্ব লাভ কৰিলোঁ৷ মোৰ বাবে এয়া সৌভাগ্য৷ আৰু তেতিয়াৰ পৰা তেওঁৰ মোৰ ‘গুৰুজী’৷ গভীৰ ব্যক্তিত্বসম্পন্ন লোক তেওঁ৷ ভগৱানৰ দৰে অনুভৱ হয়৷ গুৰুৰ দৰেই লাগে৷ তেওঁ খোৱা–লোৱাৰ পৰা আমাৰ সকলো খা–খবৰ লয়৷ এগৰাকী পিতৃৰ দৰে আমাক মৰম কৰে৷ কথা–বতৰাত অত্যন্ত ভাল৷ উচ্চ খাপৰ বহল মনৰ গৰাকী গুৰুজী৷ পূর্বজন্মত হয়তো কিবা ভাল কাম কৰিছিলোঁ, যাৰ বাবে গুৰুজীৰ সান্নিধ্য পাবলৈ সক্ষম হৈছোঁ৷ এয়া মোৰ পৰম সৌভাগ্য৷

বাঁহী বজাবলৈ অসমৰ নৱপ্রজন্মৰ আগ্রহ কেনে?
আগ্রহ নিশ্চয় আছে৷ এনেয়ে বাঁহী বজোৱা লোক বহু আছে৷ কিন্তু শাস্ত্রীয় সংগীতত বাঁহীৰ চর্চা কৰিবলৈ অলপ কম ইচ্ছা৷ কাৰণ শাস্ত্রীয় সংগীতত বাঁহী বজাবলৈ যথেষ্ট ধৈর্য লাগিব৷ কিন্তু আজিৰ প্রজন্মৰ বহুতৰে ধৈর্যৰ অভাৱ পৰিলক্ষিত হয়৷ যি কাৰণত শাস্ত্রীয় সংগীতত বাঁহী পৰিৱেশন কৰা লোক–শিক্ষার্থীৰ সংখ্যা সীমিত বুলি মই ভাবোঁ৷ শুদ্ধকৈ বিশ্লেষণ কৰিলে অন্য আৰু ভালেমান কাৰক নিশ্চয় ওলাব৷

বাঁহী বজোৱাত সুনিপুণ হ’বলৈ মূলতঃ কি বিশেষ গুণৰ দৰকাৰ?
প্রথম কথা ধৈর্য থাকিব লাগিব৷ দ্বিতীয়তে, শাস্ত্রীয় সংগীতৰ প্রতি সম্পূর্ণ সমর্পিত হ’ব লাগিব৷ সংগীতৰ প্রতি গভীৰ–আন্তৰিক আনুগত্যশীল হ’ব লাগিব৷ দৰাচলতে এনেবোৰ বিশেষ গুণে বাঁহীবাদনৰ ক্ষেত্রত সুনিপুণ হোৱাৰ ক্ষেত্রত অৰিহণা যোগায়৷

ৰাজহুৱা অনুষ্ঠান আদিত সাধাৰণতে বাঁহীবাদন খুব কম পৰিমাণে দেখা যায়৷ কি কাৰণ বুলি আপুনি ভাবে?
আচলতে, বাঁহীটো দেখাত বহুত সহজ যেন অনুমান হয়৷ কিন্তু সংগীত চর্চাৰ ক্ষেত্রত ই কঠিন৷ সেয়ে বাদ্যবিধ আয়ত্ত কৰি সুনিপুণ হোৱাটো সহজলভ্য নহয়৷ গতিকে ৰাজহুৱা অনুষ্ঠানত এনে গভীৰ বাদ্যৰ অনুষ্ঠান যথেষ্ট সীমিত বুলিয়ে মই ভাবোঁ৷

You might also like