সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পিছত গোৱালপাৰা তিনিজন ক’ৰোনা আক্ৰান্তক চিকিৎসালয়ৰ পৰা মুকলি
নিমীয়া বাৰ্তা ১৬ এপ্ৰিলঃ গোৱালপৰা জিলাৰ তিনিজন ক’ৰোনা আক্ৰান্ত সম্পূৰ্ণ সুস্থ হোৱাৰ পিছত ঘৰলৈ যাবলৈ দিয়া হয়। আজি অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত তেওঁলোকক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। এই তিনিজন লোক হৈছে খবিৰুদ্দিন আহমেদ , শ্বাহজাহান আলী আহমেদ আৰু ইউছুফ আলী । তিনিগৰাকীকে দুবাৰকৈ পৰীক্ষা কৰি ফলাফল নিগেটিভ ওলোৱাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে ৷আনহাতে তিনিওজন লোকক নিজ গৃহতে চৈধ্য দিনৰ বাবে বাবে কোৱাৰেন্টাইনত ৰখা হ’ব।আনহাতে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে আন দহজন ক’ৰোনা আক্ৰান্তক অহা কাইলৈ চিকিৎসালয়ৰ পৰা মুক্তি দিয়াৰ সম্ভাৱনা আছে।