নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রণৰ পৰা নাগৰিকক ৰক্ষা কৰাৰ দায়িত্বত নিয়োজিত জি এন এমে দুর্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাবটি লোৱা ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে ৷ প্রাপ্ত তথ্য মতে, ৰঙিয়াৰ এক নং তিতকুৰিৰ হেলেনা আখতাৰ (২৪) নামৰ স্বাস্থ্যকর্মীগৰাকীয়েছয়গাঁও খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ অন্তর্গত জোৰশিমলু ক্ষুদ্র প্রাথমিক স্বাস্থ্যকেন্দ্রত কাম কৰিছিল ৷ জোৰশিমলু স্বাস্থ্য কেন্দ্রত ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ অধীনত জি এন এম হিচাপে কর্মৰত হেলেনা আখতাৰে বিগত দিনকেইটাত ‘কভিড–১৯’ সংক্রান্তীয় দায়িত্বত নিয়োজিত আছিল ৷ মঙলবাৰে কর্তব্য সমাপন কৰি মাতৃ মার্জিনা বেগম (৪২)ৰ সৈতে এ এছ–০১–ই এইচ–৮৯২২ নম্বৰৰ অল্ট’ কে–১০ বাহনখনেৰে জোৰশিমলুৰ পৰা ৰঙিয়া অভিমুখে আহি আছিল ৷ গাড়ীখন চলাইছিল ৰমজান আলী (২৩) নামৰ চালকজনে ৷ বিয়লি প্রায় ৪.২৭ বজাত গাড়ীখনে ৩৭নং ৰাষ্ট্রীয় ঘাইপথেৰে আহি থকা সময়ত ধাৰাপুৰ চাৰিআলি পোৱাৰ আগমুহূর্তত নিয়ন্ত্রণ হেৰুৱায় আৰু ডিভাইডাৰত খুন্দিয়াই অল্ট’খন পথৰ দাঁতিত থকা খাৱৈত ছিটিকি পৰে ৷ ইয়াৰ পিছত আজাৰা যান–বাহন আৰক্ষীয়ে তিনিওজনক বৰাগাঁৱৰ এক্সেল কেয়াৰ হাস্পতালত ভর্তি কৰায় যদিও চিকিৎসাধীন অৱস্থাত নিশা প্রায় ৮ বজাত স্বাস্থ্যকর্মী হেলেনা আখতাৰৰ মৃত্যু হয় ৷ বুধবাৰে দুপৰীয়া মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিয়া হয় ৷ মাতৃ আৰু চালকজনক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷