নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল চাংসাৰিত নির্মীয়মাণ অৱস্থাত থকা সর্বভাৰতীয় আয়ুর্বেদিক চিকিৎসা প্রতিষ্ঠান (এইমছ)ত নিয়োজিত প্রায় ১৫ শ্রমিকৰ অক্রমণত তিনিজনকৈ প্রতিষ্ঠানখনৰ নিৰাপত্তাৰক্ষী আহত হ’ব লগা পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ইয়াৰ পিছতে ঘটনাৰ খবৰ পাই প্রথমে চাংসাৰি আৰক্ষী, তাৰ পিছত ক্রমে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকন নাথ , কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ লগতে অতিৰিক্ত উপায়ুক্ত সত্যজিৎ বৰুৱা, উত্তৰ গুৱাহাটী ৰাজহ চক্র বিষয়া জীৱন কৃষ্ণ গোস্বামী উপস্থিত হৈ পৰিস্থিতি অধ্যয় কৰে ৷
ইতিমধ্যে ঘটনাৰ লগত জড়িত ছয়জন বহিঃৰাজ্যৰ যুৱকক আটক কৰি থানালৈ লৈ আহে আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিয়ে ৷ অৱশ্যে সন্ধিয়া তেওঁলোকক মুকলি কৰি দিয়া হয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে লকডাউনৰ প্রভাৱত এইমছ নির্মাণৰ কামকাজো স্তব্ধ হৈ পৰে ৷ তথাপি এইমছ নির্মাণকাৰী সংস্থাটোৱে শ্রমিকসকলক ভিতৰতে ৰাখি তেওঁলোকৰ খোৱা–বোৱাৰ লগতে সকলোবোৰ সুবিধা কৰি দিছে যদিও ইয়াৰ মাজতে একাংশ বহিঃৰাজ্যৰ শ্রমিকে ঘৰলৈ যাবলৈ নাছোৰবান্দা হয় ৷ লকডাউনৰ প্রতিদিনেই এইসকল শ্রমিকে বলপূর্বক প্রতিষ্ঠানৰ বাহিৰলৈ আহিবলৈ চেষ্টা চলায় যদিও নিৰাপত্তাৰক্ষীয়ে বাধা দি আহিছে ৷ আনকি কেতিয়াবা নিয়ন্ত্ৰণ কৰিব নোৱাৰি চাংসাৰি আৰক্ষীৰ সহায় ল’বলগীয়া হয় প্রতিষ্ঠানখনৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে ৷
বৃহস্পতিবাৰে আকৌ এইমছস্থলীত ভয়াৱহ পৰিস্থিতি বিৰাজ কৰে ৷ নিৰাপত্তাৰক্ষীয়ে শ্রমিকক বাহিৰলৈ তথা ঘৰলৈ যাবলৈ বাধা দিয়াত একাংশ শ্রমিক নিৰাপত্তাৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় ৷ আনকি একাংশ শ্রমিকে শিল, ইটা নিক্ষেপ কৰাত নয়নমণি দাস, ধন বড়ো, সঞ্জয় মৰাক নামৰ তিনিজন নিৰাপত্তাৰক্ষী আহত হোৱাত তেওঁলোকক চিকিৎসা ব্যৱস্থা কৰা হয় যদিও পিছত অব্যাহতি দিয়া হয় ৷ ইফালে, লকডাউনৰ বাবে প্রায় ২৩ দিন বন্ধ হৈ থকা এইমছ নির্মাণৰ কাম কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷