নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশত দেশৰ চিন্তা

  • ধীৰাজ কুমাৰ ডেকা

ইটালীয়ান বিজ্ঞানী গেলিলিও গেলিলি (১৫৬৪–১৬৪২) হ’ল আধুনিক বিজ্ঞানৰ পিতামহ আৰু আপেক্ষিকতাবাদৰ জনক৷ বিতর্কিত গ্রন্থ ‘ডায়লগ কনচার্নিং দ্য টু চীফ ৱর্ল্ড ছিষ্টেম্ছ’ত (১৬৩২) পোন প্রথমবাৰৰ বাবে তেওঁ ‘আপেক্ষিকতাবাদ’ ধাৰণাৰ প্রৱর্তন কৰিছিল ৷ যদিও গেলিলিওৰ আপেক্ষিকতাবাদ গতিকেন্দ্রিক, তমান বিজ্ঞানৰ সকলো শাখাতে আপেক্ষিক অধ্যয়নৰ পয়োভৰ৷ সেয়েহে বিজ্ঞানৰ পৃষ্ঠাবোৰ ভৰি আছে আপেক্ষিক ভৰ, আপেক্ষিক গুৰুত্ব, আপেক্ষিক ঘনত্ব আদি শব্দেৰে ৷
আপেক্ষিকতাবাদৰ পতাকা বিজ্ঞানৰ পাতত উৰিলেও, ই মূলতঃ এক দার্শনিক তত্ত্ব৷ ‘পৰম সত্য’ লি কোনো কথা নাই, সত্য সদায় আপেক্ষিকহে৷ এঠাইৰ সত্য আন এঠাইত সত্য নহ’ও পাৰে৷ সেয়েহে প্রতিটো তথ্যৰ সৈতে ‘প্রসংগ আৰু সংগতি’ গাঁঠি দিয়াটো অতীব প্রয়োজন৷ আৰু যেতিয়া প্রশ্নটো হয় ‘জীৱন–মৰণ’ৰ তেতিয়াহ’লে ‘বৈজ্ঞানিক তথ্য’ই মানুহৰ মনত অহেতুক ভয়ৰ সঞ্চাৰ কৰ্বি পাৰে৷ ওপৰৰ কথাখিনিৰ অৱতাৰণা কৰ্বি লগা হ’ল যোৱা কিছুমাহ ধৰি বিশ্বত চলি থকা ক’ৰোনা সংকটক লৈ ৷
তমান দেশে–দেশে চলিছে ক’ৰোনা ভাইৰাছৰ তাণ্ডৱ নৃত্য৷ বিশ্বৰ অর্থনীতি আৰু ৰাজনীতি ক’ৰোনাৰ হাতোৰাৰ আঘাতত স্তব্ধ৷ মানুহৰ মনবোৰো যেন এতিয়া ক’ৰোনাৰ ত্রাসত থৰহৰি কম্পমান ৷
অসম আৱেগৰ ৰাজধানী৷ স্বাভাৱিকতেই অসমৰ মানুহ ক’ৰোনাৰ প্রকোপত ‘ত্রাহি মধুসূদন’ সোঁৱৰাৰ কথা৷ ৰাজ্যখনৰ পৰিৱেশ এতিয়া বিভীষিকাময়৷ ভুলে–শুদ্ধই কিছুমান বাতৰিয়ে মানুহৰ মনবোৰ কোঙা কৰিছে৷ সকলোৰে মুখত কেৱল এনেকুৱা কথা, ‘ইটালী, আমেৰিকাৰ নিচিনা দেশত ইমান মানুহ মৰিছে, আমাৰ ভাৰতৰ নিচিনা অনুন্নত দেশত কি হ’? যদি ইমান উন্নত চিকিৎসা পদ্ধতি থকা দেশৰ এই অৱস্থা, আমিবোৰ ‘মানাহৰ শহা’ মৰা দি নমৰিমনে?’
বাতৰিকাকত আৰু ‘নিউজ পর্টেল’ বোৰত খবৰৰ নামত কেৱল ৰোমাণ্টিক হতাশা ৷ তাত হাত উজান দিছে ফেইচ্বুকত অশৰীৰী আত্মাৰ দৰে সকলোৰে শান্তি হৰণ কৰা কিছুমান মিছা ছবি আৰু ভিডিঅ’ই ৷ চলচ্চিত্রৰ চিত্রায়নৰ সময়ৰ মৃত মানুহৰ অভিনয়ৰ ছবিক ইটালীৰ ক’ৰোনা আক্রান্ত ৰোগীৰ হিয়াৰ বিননি লি সকলোতে প্রচাৰিত হৈছে৷ হুতে বিদেশৰ পৰা অসমত থকা আত্মীয়ক নিজৰ দুর্দশাৰ কথা জনাই কান্দি–কাটি ফোন কৰিছে ৷ ‘চিতাত চুঙা–পিঠা সেকা’ এচামে সমাগত শেষ দিনৰ ভয়াৱহ চিন্তাৰে অসমৰ আকাশ সেমেকাই তুলিছে ৷ ডেকা ল’ৰা–ছোৱালীেবাৰে নিজৰ–নিজৰ এপিটাফ লিখি ফেইচ্বুক, হোৱাটছএপ ভাৰাক্রান্ত কৰিছে৷ সকলোৰে মনত এনেকুৱা ধাৰণা যে ইউৰোপ, আমেৰিকা শেষ৷ এতিয়া আমাৰ পাল?
সঁচাই জানো ইউৰোপ, আমেৰিকাৰ পৰিস্থিতি ইমান বেয়া ? সঁচাই জানো ফেইচ্বুকত ভাইৰেল হোৱা ছবিৰ নিচিনাকৈ মানুহবোৰে নিজৰ টকা–পইচা ৰাস্তাত দলিয়াই নীৰৱে নিজৰ মৃত্যুৰ ক্ষণ গণিছে ?
মুঠেও নহয় ৷
আজি প্রায় চাৰি ছৰ ধৰি মই জার্মানীত বাস কৰি আহিছোঁ ৷ হয়, ইয়াত সকলো বিদ্যালয়, বিশ্ববিদ্যালয় ন্ধ৷ কিন্তু সকলো দোকান খোলা আছে৷ জৰুৰী সামগ্রীৰ অলপো অভাৱ হোৱা নাই৷ মানুহবোৰ সাৱধান, কিন্তু কোনো অশান্ত নহয়৷ সকলোৱে শান্তভাৱে অপেক্ষা কৰিছে ভাল দিনলৈ৷
এন্দ্রু মোৰ এগৰাকী ভাল ন্ধু৷ তেওঁক সুধিছিলোঁ যে এনেকুৱা পৰিস্থিতি আগতে জার্মানীত হৈছিল নেকি? তেওঁ সহূদয়তাৰে উত্তৰ দিছিল যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা এনেকুৱা পৰিস্থিতি তেওঁলোকে দেখা নাই৷ ইউৰোপক বেঙা কৰি দিছে ক’ৰোনাই ৷ কিন্তু কোনো মানুহেই উত্রাৱল নহয়৷ সকলোৱে ঘৰৰ ভিতৰৰ পৰাই কার্যালয়ৰ কামবোৰ কৰিছে৷ অধ্যাপকসকলে ছাত্র–ছাত্রীলৈ ই–বার্তাৰ জৰিয়তে নিজৰ পাঠৰ প্রতিলিপি পঠিয়াইছে৷ এন্দ্রুৰ নিচিনা সংগীতপ্রেমীসকলে ঘৰৰ পৰাই ‘বার্লিন অ’পেৰা’ নিয়মীয়াকৈ উপভাগ কৰিছে ৷ দেশখন ঠিকমতেই চলি আছে ৷
সেয়েহে ভাবিলোঁ, নিজৰ মানুহখিনিক সকাহ দিয়াৰ বাবে সঁচা কথাবিলাক বিজ্ঞানসন্মতভাৱে আলোচনা কৰা যাওক৷ কোনো এটা বিষয় নিৰপেক্ষ ৰূপে অৰু বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ প্রথম খোজটো হ’ল শুদ্ধ তথ্য ৷ সেয়েহে পৰিশিষ্টত এখন তালিকা প্রস্তুত কৰি গাঁঠি দিছোঁ৷ ইয়াত (তালিকা–১) বিশ্ব বেংক আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্যমতে ক’ৰোনাত আটাইতকৈ বেছিকৈ ক্ষতিগ্রস্ত (১ এপ্রিল, ২০২০লৈ মৃত্যু হোৱা লোকৰ সংখ্যাৰ হিচাপত) পাঁচখন দেশৰ গড আয়ু আৰু চিকিৎসা ৱস্থাৰ স্বৰূপৰ ভাৰত আৰু অসমৰ লগত তুলনা কৰা হৈছে ৷
এই তালিকাখনৰ পৰা এটা কথা পুৱাৰ ৰ’দৰ দৰে স্পষ্ট হৈ পৰে যে ইটালী, স্পেইন, আমেৰিকা আৰু ফ্রান্সৰ গড আয়ু প্রায় আশী বছৰ৷ অর্থাৎ, সেই ধনী দেশবোৰত উন্নত চিকিৎসা বিদ্যাৰ যহত মানুহৰ জীৱনকাল বহুত বেছি দীঘলীয়া হয় ৷ দুর্ভাগ্যবশতঃ আমাৰ দেশত মানুহ ইমান দিনলৈ জীয়াই নাথাকে৷ ভাৰতৰ ভিতৰত আকৌ অসমৰ গড় আয়ু আটাইতকৈ কম, মাত্র ৬৩.৯ বছৰ ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ক’ৰোনাই আটাইতকৈ বেছি ক্ষতি কৰে ৬৫ ছৰৰ ঊর্ধ্বৰ লোকক ৷ তাৰমানে ক’ৰোনাৰ প্রভাৱত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হ’ব পৰা আমাৰ আপোনসকলৰ সৰহ–সংখ্যককেই আমি ইতিমধ্যে হেৰুৱাইছোঁ ৷

এতিয়া আমি ইটালীৰ কথাটো বিশেষভাৱে আলোচনা কৰিম ৷ কাৰণ সকলোৰে মনৰ প্রহেলিকাটো হ’ল যিখন দেশ চিকিৎসা সেৱাৰ স্তৰেৰে বিশ্বৰ দুই নম্বৰ স্থানত আছে (তালিকা–১ চাওক), সেইখন দেশত মৃত্যুৰ হাৰ ইমান বেছি কেনেকৈ হ’ব পাৰে?
বিজ্ঞান পত্রিকা ‘লাইভ–ছায়েঞ্চ’ৰ লেখিকা ৰাছেল ৰেটনাৰৰ মতে ইটালীৰ মৃত্যুৰ হাৰ েবছি হোৱাৰ এটা কাৰণ হ’ল, দেশখনৰ য়সিয়াল নাগৰিক৷ ইউৰোপৰ আটাইতকৈ দ্ধ জনসংখ্যা হ’ল ইটালীৰ৷ দেশখনত ২২.৬ শতাংশ লোকৰ বয়স ৬৫ বছৰতকৈ বেছি৷ ‘দ্য ল’কাল’ নামৰ আলোচনীৰ মতে ইটালীত ক’ৰোনাৰ হাতত মৃত্যু হোৱা মানুহৰ গড় বয়স ৮১ বছৰ ৷ ইয়াৰ বেছিভাগ লোকেই ৮০–৯০ বছৰীয়া, কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ থকা লোক ৷
ইটালীৰ মধ্যমা বছৰ হ’ল ৪৫.৯ বছৰ, যিটো ইউৰোপৰ আটাইতকৈ বেছি ৷ অর্থাৎ ইটালীৰ আধা লোকৰ য়স ৪৫.৯ বছৰতকৈ বেছি ৷ তাৰ তুলনাত ভাৰত মধ্যমা ছৰ হ’ল ২৬.৮ বছৰ ৷ অসমৰ মধ্যমা বছৰ হ’ল ২২.৭ বছৰ ৷ অর্থাৎ অসমৰ ৫০ শতাংশ লোকৰ য়স ২৩ বছৰতকৈ কম ৷ দেখ–দেখকৈ আমাৰ অসম এখন চফল ডেকা প্রদেশ ৷


আমেৰিকাৰ মিছিগান বিশ্ববিদ্যালয়ৰ মহামাৰী সংক্রান্ত বিদ্যাৰ সহকাৰী অধ্যাপক অ’ব্রি গর্ডনৰ মতে ক’ৰোনাৰ নিচিনা মহামাৰীত মৃত্যুৰ হাৰ নির্ভৰ কৰ্বি জনসংখ্যাৰ ধৰণৰ ওপৰত৷ যিহেতু ইটালীৰ জনসংখ্যা তুলনামূলকভাৱে য়সিয়াল, সেয়েহে ইটালীত মৃত্যুৰ হাৰ এখন ডেকা দেশতকৈ নিশ্চয় বেছি হ’ব ৷
বিশ্ব স্বাস্থ্য সংস্থাই চীনত আক্রান্ত হোৱা লোকৰ ওপৰত প্রকাশ কৰা এখন গৱেষণা–পত্র মতে এই ভাইৰাছৰ দ্বাৰা আক্রান্ত হ’লে মৃত্যু হোৱাৰ সম্ভাৱনা ৮০ ছৰতকৈ ঊর্ধ্বৰ লোক এজনৰ বাবে ১৪.৮ শতাংশ, ৭০ৰ পৰা ৭৯ বছৰলৈ ৮ শতাংশ, ৬০ৰ পৰা ৬৯ বছৰলৈ ৩.৬ শতাংশ, ৫০ৰ পৰা ৫৯ বছৰলৈ ১.৩ শতাংশ, ৪০ৰ পৰা ৪৯ বছৰলৈ ০.৪ শতাংশ আৰু ৪০তকৈ কম য়সৰ যিকোনো মানুহৰ বাবে মাত্র ০.২ শতাংশ ৷ তাৰমানে অসমৰ আধা মানুহ ইতিমধ্যেই ক’ৰোনাজডিত মৃত্যুৰ পৰা প্রায় সুৰক্ষিত, কিয়নো, ৰাজ্যখনৰ মধ্যমা বছৰ হ’ল মাত্র ২২.৭ বছৰ ৷
সেয়েহে অসমৰ যুৱক–যুৱতীসকলৰ বাবে এপিটাফ লিখিবৰ সময় এতিয়াও অহা নাই ৷ ক’ৰোনাৰ পৰা সাৱধানে থাকক, কিন্তু ভয় নকৰ্বি ৷ জীৱন শেষ হৈ যাবলৈ নিদিব ৷

জাক্সেন, জার্মানী
ফোনঃ  +৪৯ ১৫১ ৪৫১১ ০৬৬৭

You might also like