যুদ্ধৰ আৰম্ভণিহেঃ দীঘলীয়া হ’ব যুদ্ধ
- পূর্বজ্যোতি চুতীয়া
১৪ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৩ মে’ পর্যন্ত লকডাউনৰ ম্যাদ বৃদ্ধি কৰাৰ কেইঘণ্টামানৰ ভিতৰতে মুম্বাইত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ল৷ প্রায় দুহাজাৰ প্রব্রজনকাৰী শ্রমিকে বান্দ্রাত সমৱেত হৈ চৰকাৰৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰিলে৷ মহাৰাষ্ট্রত ইতিমধ্যে ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা সেইদিনা তিনি হাজাৰৰ কাষ চাপিছিল৷ কেৱল মুম্বাইতে এই মাৰাত্মক ভাইৰাছত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই শতকৰ ঘৰ পাৰ কৰিছিল৷ তথাপি মহাৰাষ্ট্র চৰকাৰে প্রব্রজনকাৰী শ্রমিকে সৃষ্টি কৰিব পৰা এনে ঘটনাৰ কোনো আগতীয়া তথ্য সংগ্রহ কৰিবলৈ ব্যর্থ হোৱাৰ পৰিণতিত নতুন দিল্লীৰ দৰেই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ল৷ ন’ভেল ক’ৰোনা ভাইৰাছ যে অত্যন্ত সংক্রামক বীজাণু সেই বিষয়ে তেওঁলোক অৱগত নোহোৱাৰ প্রশ্ণই নুঠে৷ তেওঁলোকক এই কথাও সকীয়াই দিয়াৰ প্রয়োজন নাছিল যে ৰাজপথত এনেদৰে বিশালসংখ্যক লোক গোট খোৱাটো আত্মহত্যা কৰিবলৈ আগবাঢ়ি যোৱাৰ নিচিনা কথা৷ বিশাল জনতাই উপর্যুপৰি শ্লোগান দি গ’ল– আমাক খাদ্য যোগান ধৰিব নালাগে৷ আমাক আর্থিক সাহায্যও নালাগে৷ আমাক মাথোঁ ঘৰলৈ যাবলৈ সুবিধা কৰি দিয়ক৷ ব্যৱস্থা কৰক বিশেষ ৰে’লৰ৷ উৰাবাতৰিয়েই হওক বা কাৰোবাৰ ষড়যন্ত্র, মঙলবাৰৰ এই ঘটনাই এটা কথা প্রমাণ কৰি দিলে যে ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে চৰকাৰসমূহে সমস্ত শক্তি উজাৰি দিয়াৰ সময়ত বহুতো দিশক শাসন ব্যৱস্থাটোৱে উপেক্ষা কৰিবলৈ বাধ্য হৈছে৷ প্রব্রজনকাৰী শ্রমিকসকলে ঘৰ–বাৰী এৰি থৈ হাড়ভগা পৰিশ্রম কৰিও মুম্বাইৰ দৰে চহৰত হয়তো নিজৰ আশাৰ পৰিধিৰ মাজত সুখৰ সংসাৰ গঢ়াৰ সপোন দেখাৰ আহৰি পাইছিল৷ কিন্তু এনে জৰুৰী পৰিস্থিতিৰ বাবে আর্থিক–মানসিক আৰু আনকি সামাজিকভাৱে তেওঁলোক সদা সতর্ক হৈ থাকিব পাৰে বুলি আশা কৰা ভুল৷ দেশৰ বিভিন্ন মহানগৰীত ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ ফলত আবদ্ধ হৈ থকা এনে শ্রমজীৱীৰ দৈনন্দিন জীৱন কেনেদৰে পাৰ হৈছে, তাৰ খবৰ ল’বলৈও আহৰি নাই প্রশাসনৰ– যিটো অলপো অস্বাভাৱিক নহয়৷ বস্তি অঞ্চলৰ জীৱনক লৈ ক’ৰোনা ভাইৰাছৰ সম্ভাব্য সংক্রমণৰ শংকাত দিন কটোৱা প্রতিজন মানুহেই শংকিত হৈ পৰাটো নিশ্চিত৷ চৰকাৰে সময়োচিত পদক্ষেপেৰে ক’ৰোনা ভাইৰাছক তুলনামূলকভাৱে নিয়ন্ত্রণ কৰিলে ঠিকেই৷ কিন্তু ইয়াৰ পৰা সম্পূর্ণ নিৰাপদ হ’বলৈ কিমান সময় লাগিব, তাৰ নিশ্চয়তা দিব পৰা অৱস্থাত নাই স্বয়ং বিজ্ঞানী–চিকিৎসকস৷ এপিনে পেটৰ তাড়না আৰু আনপিনে নির্লজ্জভাৱে দায়িত্বজ্ঞানহীন আচৰণ, অসচেতন নাগৰিকৰ আত্মঘাতী এডভেঞ্চাৰ– আমি মানি ল’বই লাগিব যে অচিন–দৃশ্য ভাইৰাছৰ বিৰুদ্ধে সংগ্রামৰ এয়া আৰম্ভণিহে ৷
********
আগ্রাসী ক’ভিড–১৯ৰ বিৰুদ্ধে অব্যাহত আছে সংগ্রাম৷ ভেকচিন উদ্ভাৱন নোহোৱা পর্যন্ত শাৰীৰিক আৰু মানসিকভাৱে বিশ্ববাসী প্রস্তুত হ’বই লাগিব৷ অত্যন্ত সংক্রামক হোৱাৰ বাবেই মহাশক্তিমান শত্রু হৈ মানুহৰ সন্মুখত থিয় দিছেSARS-CoV-2-য়ে৷ ইউৰোপ–আমেৰিকাত শৱদেহৰ হিচাপবোৰ সাধাৰণ পৰিসংখ্যাত পৰিণত হোৱাৰ সময়ত সকলোৰে প্রতীক্ষা এতিয়া ক’ৰোনা ভাইৰাছৰ নিৰাপদ আৰু ফলপ্রসূ প্রতিষেধকক লৈ…
নতুন দিল্লীৰ নিজামুদ্দিন মার্কাজৰ তবলিগী জামাতক লৈ এতিয়া কল্পিত কাহিনীও একাংশ সাধাৰণ লোকৰ মাজত বদ্ধমূল ধাৰণাত পৰিণত হৈছে৷ উৰাবাতৰি আৰু উচটনিৰ শক্তিক লৈ প্রশ্ণৰ অৱতাৰণা কৰাৰ প্রয়োজন নাই৷ মানুহৰ মাজত এতিয়া এইবুলিও আলোচনা হৈছে যে তবলিগী জামাতলৈ ৰাজ্যই ৰাজ্যই জামাতীসকলক প্রেৰণ কৰাটো আছিল উদ্দেশ্যপ্রণোদিত৷ এনে এক ষড়যন্ত্র কৰা হৈছিল যে সপ্তাহ সপ্তাহ ধৰি ধর্মীয় নিয়ম অনুসৰি মছজিদে মছজিদে ঘূৰি জামাতীসকলে দেশত বিয়পাব ক’ভিড–১৯৷ ইয়াৰ কোনো তথ্য–প্রমাণ নাথাকিলেও মানুহৰ মুখে মুখে এতিয়া এইবোৰ কথা শুনিবলৈ পোৱা যায়৷ কি ভয়ংকৰ ষড়যন্ত্র– তেওঁলোকে চিৎকাৰ কৰিবলৈ উদ্যত হয়৷ ইও মৌলবাদৰ অন্যতম মূল অস্ত্রProselytisingৰ নিচিনাই ভয়ংকৰ কথা৷ দেশত হঠাৎ ক’ভিড–১৯ৰ ব্যাপক সংক্রমণৰ বাবে যে তবলিগী জামাতীসকল জগৰীয়া, তাত কোনো সন্দেহ থাকিব নোৱাৰে৷ কিন্তু ইয়াৰ আঁৰত কোনো ভয়ংকৰ ষড়যন্ত্র বা ডিজাইন থকা বুলি পতিয়ন যাব নোৱাৰি৷ ধর্মান্ধতাই বিজ্ঞানবিমুখ কৰাৰেই এয়া হ’ল পৰিণতি৷ সি যি কি নহওক চৰকাৰে তবলিগী জামাতৰ মূল ব্যক্তিসকলৰ বিৰুদ্ধে কিমান কঠোৰ পদক্ষেপ গ্রহণ কৰে, সেয়া হ’ব লক্ষণীয়৷ কিন্তু তাৰ লগতে এই কথাও স্বীকাৰ কৰিব লাগিব যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হোৱাৰ সময়তে মছজিদে মছজিদে চলা জামাতৰ প্রস্তুতি আৰু অৱশেষত নিজামুদ্দিন মার্কাজত দেশী–বিদেশী জামাতীৰ সমাৱেশ বন্ধ কৰিবলৈ চৰকাৰে কিয় সময়োচিত পদক্ষেপ গ্রহণ কৰিব নোৱাৰিলে? কেন্দ্রীয় চৰকাৰৰ লগতে দিল্লীকে ধৰি বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহ এইক্ষেত্রত ব্যর্থ হোৱাটো কেতিয়াও কম গুৰুত্বপূর্ণ কথা হ’ব নোৱাৰে৷ এক অচিন ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ পূর্বে এইবোৰেই হ’ল প্রস্তুতিহীনতাৰ প্রমাণ ৷
********
অচিন ভাইৰাছটোৰ বহু কথাই এতিয়ালৈকে পোহৰলৈ অহা নাই৷ ইয়াৰ প্রতিষেধক উদ্ভাৱনৰ বাবে যুদ্ধকালীন গতিত গৱেষণা চলি আছে আৰু এক–ডেৰ বছৰৰ ভিতৰত মানুহৰ শৰীৰত এণ্টিবডীৰ সৃষ্টি কৰিব পৰাকৈ ন’ভেল ক’ৰোনা ভাইৰাছৰ ভেকচিন প্রস্তুত হ’ব বুলি বিজ্ঞানীসকলে প্রতিশ্রুতি দিছে৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে বিজ্ঞানীসকলেSARS-CoV-2ৰ আন কিছুমান দিশ সন্দর্ভত আন কিছুমান গুৰুত্বপূর্ণ তথ্যৰ সন্ধানত আছে৷ ২০০৩ চনত মহামাৰী ছার্ছৰ পিছতে মার্কিন বিজ্ঞানীৰ এটা দলে চীনত সুদীর্ঘ দিন গৱেষণা চলাই এটা কথা নিশ্চিত কৰিছিল যে হাজাৰ হাজাৰ বছৰৰ পৰা চীনদেশৰ দক্ষিণ প্রান্তত থকা হর্ছশ্ব’ বাদুলীৰ দেহত ক’ৰোনা ভাইৰাছে আশ্রয় লৈ আছিল৷ ক’ৰোনা ভাইৰাছৰ দ্বাৰা বাদুলী আক্রান্ত–সুস্থ নোহোৱাৰ প্রধান কাৰণ হিচাপে একাংশ বিজ্ঞানীয়ে আঙুলিয়াই দিছে যে উৰিব পৰা একমাত্র স্তন্যপায়ী জীৱ হোৱাৰ বাবেই এনে বহু ভাইৰাছপ্রতিৰোধী ক্ষমতা বাদুলীয়ে আহৰণ কৰিছে৷ কিন্তু বাদুলীৰ পৰা মানুহৰ হাঁওফাঁওলৈ ক’ৰোনা ভাইৰাছৰ এই সংহাৰী যাত্রাৰ মাজৰ কথাখিনি এতিয়াও অস্পষ্ট হৈ আছে৷ বাদুলীৰ পৰা কোনবিধ জন্তুলৈ এই অচিন আৰু সাধাৰণ ক’ৰোনা ভাইৰাছতকৈ বহুগুণে শক্তিশালীSARS-CoV-2 সংক্রমিত হৈছিল, যিয়ে পৰৱর্তী সময়ত মানুহৰ শৰীৰলৈ ইয়াক সংক্রমিত কৰে? একাংশৰ মতে বনৰৌ জাতীয় জন্তুৰ পৰা মানুহলৈ প্রথম ক’ভিড–১৯ৰ সংক্রমণ ঘটিব পাৰে৷ নতুবা য়ুহানৰ বিশাল মাংসৰ বজাৰত বিক্রী হোৱা কোনো জন্তুও হ’ব পাৰে ইয়াৰ বাহক৷ এই পর্যন্ত বনৰৌৰ শৰীৰত ন’ভেল ক’ৰোনা ভাইৰাছৰ উপস্থিতি প্রমাণিত হৈছে৷ এটা কথা নিশ্চিত যে ক’ৰোনা ভাইৰাছক মহামাৰীত পৰিণত কৰিবলৈ মাথোঁ এজন মানুহ সংক্রমিত হোৱাটোৱেই আছিল যথেষ্ট৷ মানুহৰ পৰা মানুহলৈ পোনপটীয়াকৈ সংক্রমণ ঘটা এই ভাইৰাছ বিয়পিবলৈ সময়ৰ প্রয়োজনেই হোৱা নাছিল৷ প্রথমটো সংক্রমণেই যেন নতুন প্রাণ দিছিল ক’ৰোনা ভাইৰাছ–১৯ক৷ ভেকচিন প্রস্তুত কৰাৰ বাবে প্রচেষ্টা অব্যাহত থকাৰ বাবে বিজ্ঞানীসকল নিশ্চিত হ’ব খুজিছে– কোনবিধ জন্তুৰ পৰা মানুহলৈ ক’ভিড–১৯ সংক্রমিত হৈছিল? ইয়াৰ লগতে নিশ্চিত হ’ব খুজিছে– ভাইৰাছৰ প্রথমটো ড’জ কিমান বেছি বা কম হ’লে এজন আক্রান্তৰ জটিলতা কিমান বেছি বা কম হ’ব পাৰে৷ বিজ্ঞানীসকল এতিয়াও নিশ্চিত হ’ব পৰা নাই– কেনেধৰণৰ এণ্টিভাইৰেলে এজন আক্রান্তক নিশ্চিতভাৱে আৰাম দিব পাৰে? সাধাৰণতে ভাইৰেল জ্বৰ হ’লে চিকিৎসকে এসপ্তাহমানৰ আৰামৰ পৰামর্শ দিয়ে৷ বহুক্ষেত্রত ঔষধৰ প্রয়োজনেই নহয়৷ ক’ভিড–১৯ৰ পৰা অনুৰূপ ধৰণে বহুতেই উপশম পাইছে, যাৰ ৰোগ প্রতিৰোধ ক্ষমতা বেছি৷ কিন্তু যিসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা কম, যিসকলে পূর্বৰে পৰা বৃক্কজনিত বা আন ৰোগৰ দ্বাৰা আক্রান্ত হৈ আছে আৰু বিশেষকৈ বয়সস্থ লোকৰ ওপৰত এই ভাইৰাছে সর্বশক্তিমান ৰূপ লৈ জীৱন–মৃত্যুৰ অনিশ্চিত যুঁজলৈ ঠেলি দিব পাৰে৷ অৱশ্যে ইয়াৰ মাজতো কোনোধৰণৰ স্বাস্থ্যজনিত সমস্যা নথকা সুস্থ–সবল ৩০–৩৫ বছৰীয়া মানুহেও ক’ৰোনা ভাইৰাছৰ সন্মুখত হাৰ মানিছে৷ ইয়াৰ উদাহৰণ হ’ব ক’ভিড–১৯ত মৃত্যু হোৱা চীনৰ প্রথমজন উদীয়মান চকু বিশেষজ্ঞ লি য়েনলিয়াং৷ লিৰ পিছতো ক’ৰোনা ভাইৰাছৰ ৰোগীক চিকিৎসা কৰা কেইবাজনো উদীয়মান চিকিৎসকে এই ভয়ংকৰ ভাইৰাছৰ আক্রমণত প্রাণ হেৰুৱাইছে৷ যিহেতু, চিকিৎসক আৰু নার্ছসকলেই ক’ৰোনা আক্রান্তৰ নিচেই কাষলৈ অহাৰ সম্ভাৱনা বেছি, সেয়ে তেওঁলোকক আক্রান্ত কৰা এই ভাইৰাছৰ প্রথমটো ড’জো যথেষ্ট বেছি বা ডাঙৰ হোৱাৰ সম্ভাৱনাও প্রবল৷ ভেকচিনৰ লগতে সেয়ে এই প্রথমটো ড’জ আৰু এজন ৰোগীৰ দেহত থাকিব পৰা ক’ৰোনা ভাইৰাছৰ কাউণ্টক লৈ বিজ্ঞানীৰ গৱেষণা চলি আছে ৷
********
ভেকচিন উদ্ভাৱন নোহোৱা পর্যন্ত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ মানৱজাতি সাজু হ’বই লাগিব৷ ইয়াৰ বাবে আটাইতকৈ প্রয়োজনীয় কথাটো হ’ল ইচ্ছাশক্তি বৃদ্ধি কৰাৰ লগতে প্রয়োজনীয় সাৱধানতা অৱলম্বন কৰা আৰু নিজকে সুস্থ–সবল কৰি ৰখাৰ অবিৰাম প্রয়াস অব্যাহত ৰখা৷ ভাইৰাছৰ বিৰুদ্ধে মানুহে অতীজৰে পৰা সংগ্রাম কৰি আহিছে৷ বিজ্ঞানে আজিৰ দৰে অগ্রগতি লাভ নকৰা সময়তো ৰোগ প্রতিৰোধৰ কিছুমান ব্যৱস্থা মানুহে গ্রহণ কৰাৰ উদাহৰণ আছে৷ দ্বাদশ শতিকাৰে পৰা চীনৰ কবিৰাজসকলে বৰআইৰ টিকাকৰণ কৰিছিল৷ তথ্যমতে, সেই সময়ত চীনা কবিৰাজসকলে বৰআইৰ শুকোৱা অংশৰ ছাল Scab) সংগ্রহ কৰি তাক গুড়ি কৰিছিল আৰু প্রতিষেধক হিচাপে শিশুৰ নাকেৰে পাইপ ভৰাই প্রয়োগ কৰিছিল৷ ইয়াৰ পৰিমাণ বেছি হ’লে মৃত্যু অনিবার্য যদিও এই প্রক্রিয়াটো যথেষ্ট পৰিমাণে সফল হৈছিল৷ চীনাসকলে তেতিয়াও বুজি পাইছিল যে এবাৰ বৰআইত আক্রান্ত হৈ প্রাণৰক্ষা কৰিলে ব্যক্তিজন পুনৰ এই ৰোগত আক্রান্ত নহয়৷ অর্থাৎ বৰআই প্রতিৰোধ কৰিব পৰা ক্ষমতা তেওঁৰ শৰীৰে আহৰণ কৰে৷ বৰআইত আক্রান্তসকলক শুশ্রূষাৰ বাবে এই লোকসকলকেই নিয়োগ কৰা হৈছিল৷ অষ্টাদশ শতিকাত চীনৰ পৰা ইয়াৰ কৌশল আহৰণ কৰে আৰব বিশ্বৰ কবিৰাজসকলে৷ অৱশ্যে ইতিমধ্যে ইয়াৰ কৌশল বহুখিনি সলনি হৈছিল৷ বৰআইৰ নির্দিষ্ট ফোহাৰ পৰা বেজীৰ আগেৰে ভাইৰাছ সংগ্রহ কৰি প্রতিষেধক হিচাপে আন এজনৰ শৰীৰত বেজীৰ আগেৰে প্রয়োগ কৰিছিল৷ এসপ্তাহমান জ্বৰত আক্রান্ত হোৱাৰ পিছতে সাধাৰণতে প্রতিষেধক গ্রহণ কৰা ব্যক্তিজন সুস্থ হৈ উঠিছিল৷ অত্যন্ত বিপজ্জনক হ’লেও এই কামত পাৰদর্শী ব্যক্তিসকলৰ ভুলৰ হাৰ আছিল নূ্যনতম৷ আৰব বিশ্বৰ পৰাই ভাৰতীয় কবিৰাজসকলে ইয়াৰ জ্ঞান আহৰণ কৰিছিল আৰু ভাৰততো এনে টিকাকৰণৰ প্রচলন আৰম্ভ হৈছিল৷ শ শ বছৰৰ আগতেই মানুহে এনেদৰে মাৰাত্মক ভাইৰাছৰ পৰা পৰিত্রাণৰ উপায় উদ্ভাৱন কৰিছিল৷ গতিকে চিকিৎসা বিজ্ঞানৰ চমকপ্রদ এই যুগটোত ক’ভিড–১৯ৰ নিৰাপদ আৰু সঠিক ভেকচিন প্রস্তুত হ’ব বুলি আমি নিশ্চিত থাকিব পাৰোঁ৷ ইয়াৰ বাবে অপেক্ষা কৰাৰ এই সময়খিনি অতি গুৰুত্বপূর্ণ আৰু আমি দায়িত্বশীল নাগৰিক হিচাপে ক’ভিড–১৯ৰ বিৰুদ্ধে সংগ্রাম আগবঢ়াই নিবই লাগিব৷ সাজু হ’ব লাগিব এখন দীঘলীয়া যুদ্ধৰ বাবে ৷
********
সমগ্র বিশ্বই এতিয়া ক’ভিড–১৯ৰ বিৰুদ্ধে বিৰামহীন যুদ্ধত অৱতীর্ণ হৈছে৷ শৱদেহৰ হিচাপবোৰ সাধাৰণ পৰিসংখ্যাত পৰিণত হোৱাৰ সময়ত অব্যাহত আছে সংগ্রাম৷ অর্থনৈতিক জটিলতাৰ পৰা মুক্তিৰ বাবে সমগ্র বিশ্বই কুচকাৱাজ চলাই থকাৰ সময়তে ক’ভিড–১৯–এ বিশ্বব্যাপী মহামাৰীৰ ৰূপ লৈ পৰিস্থিতি ইমানেই জটিল কৰি তুলিছে যে পুৰণি দিনলৈ প্রত্যাৱর্তন কৰাটো অসম্ভৱ নহ’লেও অত্যন্ত কঠিন কৰি তুলিব পাৰে৷ সমান্তৰালভাৱে আগন্তুক দিনবোৰত মানুহৰ মাজত নতুন মানসিক সমস্যা, হতাশা আৰু বিষাদৰ ভাব সৃষ্টি হোৱাটো স্বাভাৱিক৷ এই দিশসমূহৰ ওপৰতো চলি আছে অধ্যয়ন৷ ইটালীত পৰিয়ালৰ সকলো সদস্যক ক’ৰোনা ভাইৰাছত হেৰুৱাই এজন ব্যক্তিয়ে আত্মহত্যা কৰাৰ বাতৰি প্রকাশ পাইছিল৷ দেশখনত যে ক’ৰোনা ভাইৰাছে ইমান কম সময়ৰ ভিতৰতে এনেদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিব, সেই কথা হয়তো এজনো ইটালিয়ানে কল্পনা কৰিব পৰা নাছিল৷ ২৯ জানুৱাৰীৰ দিনা ইটালীত ক’ৰোনা ভাইৰাছৰ প্রথম দুজন আক্রান্ত ব্যক্তি চিনাক্ত হৈছিল৷ দুয়োজনেই আছিল চীনা পর্যটক৷ চিকিৎসকসকলে সম্ভৱপৰ সকলো প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিছিল৷ প্রধানমন্ত্রী জিছেপি কণ্টেই চীনলৈ অহা–যোৱা কৰা সকলো বিমানৰ চলাচল বন্ধ কৰাৰ নির্দেশ দি ছমাহলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল৷ কিন্তু স্থানীয়ভাৱে সংক্রমিত প্রথমজন ব্যক্তিক চিনাক্ত কৰাৰ ২০ দিনৰ ভিতৰতে ইটালীত ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ল প্রায় চাৰে বাৰ হাজাৰ লোক৷ মৃত্যু ঘটিল ৮০০ৰো অধিক লোকৰ৷ কোনো সন্দেহ নাই যে ইটালীত প্রকৃততে ২৯ জানুৱাৰীৰ পূর্বেই ক’ভিড–১৯ৰ সংক্রমণ ঘটিছিল৷ চীনা পর্যটক দুজন নিশ্চিতভাৱে নাছিল ইটালীত প্রথম ক’ৰোনা আক্রান্ত৷ যিসকল ইতিমধ্যে আক্রান্ত হৈছিল, তেওঁলোকৰ শৰীৰত লক্ষণ ফুটি উঠাৰ বাবে প্রয়োজন হৈছিল ২–৪ সপ্তাহৰ৷ তথাপি প্রধানমন্ত্রী কণ্টেই গ্রহণ কৰা পদক্ষেপে হয়তো বর্তমানৰ ভয়ংকৰ অৱস্থাৰ পৰা ইটালীক ৰক্ষা কৰিলেহেঁতেন৷ কিন্তু ২৫ ফেব্রুৱাৰীৰ পিছত ৰাজনৈতিক মতবিৰোধে এক মাৰাত্মক সিদ্ধান্ত ল’বলৈ বাধ্য কৰিলে চৰকাৰক৷ ইতিমধ্যে ইটালীৰ অর্থনৈতিক পৰিস্থিতি আছিল শোচনীয়৷ লকডাউনৰ ফলত অৱস্থা আৰু বেয়াৰ ফালে ঢ়াল খালে৷ ৰাজনৈতিক প্রতিদ্বন্দ্বীৰ পৰা হেঁচা আহিল ৰেহাইৰ ব্যৱস্থাৰ বাবে৷ অৱশেষত ২৫ ফেব্রুৱাৰীৰ পিছত খুলি দিয়া হ’ল বাৰ, ৰেষ্টুৰেণ্ট আৰু নাইটক্লাবসমূহ৷ আকৌ কেইটামান দিনৰ ভিতৰতে ইটালীত নিয়ন্ত্রণৰ সম্পূর্ণ বাহিৰলৈ গুচি গ’ল ক’ৰোনা ভাইৰাছ ৷
দক্ষিণ কোৰিয়া, টাইৱান, ছিংগাপুৰ আদি চীনৰ প্রতিৱেশী ৰাষ্ট্রসমূহৰ দৰে ইটালীয়ে ধৈর্যৰ পৰিচয় দিয়া হ’লে সম্ভৱতঃ ইমান বিষম পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন৷ দক্ষিণ কোৰিয়াত এই ভাইৰাছ নিয়ন্ত্রণৰ মূলতে আছিল সন্দেহজনক প্রতিজন ব্যক্তিক টেষ্ট কৰোৱাৰ বাবে গ্রহণ কৰা ব্যৱস্থা৷ কিন্তু ইউৰোপৰ দেশসমূহত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধতকৈ অর্থনৈতিক স্বার্থই অগ্রাধিকাৰ লাভ কৰিলে৷ ক্রমাৎ সংক্রমণ বৃদ্ধি পালে স্পেইন, ফ্রান্স, জার্মানী, ব্রিটেইন আদি ইউৰোপীয় দেশত৷ আৰু অৱশেষত ক’ৰোনা ভাইৰাছে গ্রাস কৰিলে সর্বশক্তিমান মার্কিন যুক্তৰাষ্ট্রকো৷ এতিয়া প্রতিদিনেই বাতৰিকাকতত প্রকাশ পাই আছে– কিদৰে এই অচিন–পৰাক্রমী বীজাণুৱে অসহায় কৰি তুলিছে অহংকাৰী ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক ৷
********
অসমত বৃহস্পতিবাৰ পর্যন্ত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে ৩৪জন লোক৷ ইয়াৰে ৩৩জনেই তবলিগী জামাতী বা জামাতৰে সম্পর্কিত লোক৷ সম্ভাব্য পৰিস্থিতিৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগ সম্পূর্ণ সাজু হৈ আছে৷ দিনে–নিশাই পি পি ইকে ধৰি প্রয়োজনীয় সকলো চিকিৎসা সঁজুলি, ভেণ্টিলেচন, আইছ’লেচন কম কম সময়ৰ ভিতৰতে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেৰানেপেৰা চেষ্টাত প্রায় সাজু কৰি তোলা হৈছে৷ পৰিস্থিতিয়ে যদি অধিক জটিল ৰূপ নলয়, অসমৰ মানুহে যদি ৩ মে’ পর্যন্ত লকডাউনৰ সকলো নির্দেশনা দায়িত্বসহকাৰে পালন কৰে, তেন্তে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধৰ প্রথমখন ৰণত জয়ী হোৱা বুলি দৃঢ়তাৰে ঘোষণা কৰাটো সম্ভৱ হ’ব৷ কিন্তু এয়া আৰম্ভণিহে৷ যুদ্ধ দীঘলীয়া হ’বই ৷
আমেৰিকাৰ ব’ষ্টনৰ এখন চিকিৎসালয়ৰ চিকিৎসক ক্লে’টন ডেল্টনে এপষেক পূর্বেই লিখিছে– ‘আমাৰ হাস্পতালত এখনো আই চি ইউৰ বিছনা খালী নাই৷ সকলো ভেণ্টিলেটৰ ব্যৱহাৰ হৈ আছে৷ এম্বুলেঞ্চসমূহৰ পৰা স্বাস্থ্যকর্মীয়ে হাস্পতাললৈ আনি থকা ৰোগীৰ একেই বিৱৰণ দি আছে ফোনযোগে– জ্বৰ, চর্দি, কাহ, মূৰৰ বিষ৷ হয়তো দুই–এদিনতে আই চি ইউ আৰু ভেণ্টিলেচনক লৈ ডাঙৰ সমস্যাৰ সৃষ্টি হ’ব৷ নিজৰ স্বাস্থ্যক লৈও অতিৰিক্ত সচেতন হৈ পৰিছোঁ অজানিতে৷ মূৰৰ বিষ অনুভৱ কৰিলেই ভয় হয়৷ ক’ৰোনা ভাইৰাছ নে অন্য সাধাৰণ এলার্জী৷ নিজেই মন কৰিছোঁ চেম্বাৰৰ দুৱাৰৰ হেণ্ডেলডাল আজিকালি দুটা আঙুলিৰেহে স্পর্শ কৰোঁ ৷ সতীর্থ দুজনমান চিকিৎসকৰ সৈতে আলোচনা কৰিছিলোঁ– কোনজন ৰোগীক ভেণ্টিলেচনৰ বেছি প্রয়োজন তাৰ সিদ্ধান্তও আমি ল’বলগীয়া পৰিস্থিতি আহি আছে নেকি? চিকিৎসক হিচাপে আমি কেনেকৈ সেই কাম কৰিম? ৰোগীৰ চিকিৎসা–পৰিচর্যাৰ বাবে দেহ–মন উজাৰি দিছোঁ৷ কিন্তু এজনক বাদ দি আনজনক ভেণ্টিলেচনৰ পৰা বঞ্চিত কৰাৰ দৰে কাম এটা মই কৰিব নোৱাৰিম৷’
ঈশ্বৰক প্রার্থনা – অসমত যাতে কেতিয়াও তেনে এক পৰিস্থিতিৰ সৃষ্টি নহয় ৷