১৯৩০ তকৈও ভয়াৱহ সংকটৰ আশংকা
নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ১৯৩০ চনত বিশ্ব অর্থনীতিত দেখা দিয়া মহামন্দাতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণৰ বাবে ৷ শেহতীয়াকৈ ইকন’মিষ্ট ইণ্টালিজেন্স ইউনিট (ইআইইউ)ৰ তৰফৰ পৰা এই সতর্কবাণী কৰা হৈছে ৷ ইতিমধ্যে ক’ৰোনাৰ মোকাবিলা কৰিবলৈ বিশ্বৰ বিভিন্ন দেশৰ চৰকাৰে বৃহৎ অংকৰ ধন মুকলি কৰি দিছে ৷ কিন্তু বিশ্বৰ অর্থনৈতিক ক্ষেত্রখনত বৃদ্ধিৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ইয়াৰ পৰিণাম হিচাপে চলিত বর্ষটোত বিশ্ব অর্থনীতিত ক্ষতি হ’ব কেইবালাখ কোটি ডলাৰ ৷ ৯০ বছৰ পূর্বে যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল পৃথিৱীত, তাতকৈ অধিক সংকটৰ বাবে মানৱজাতি সাজু হৈ থাকিব লাগিব বুলি সংস্থাটোৱে সতর্কবাণী কৰিছে৷ ইতিমধ্যে আই এম এফকে ধৰি কেইবাটাও সংস্থাই সম্ভাব্য আর্থিক সংকট সন্দর্ভত সতর্কবাণী কৰিছে ৷