নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰৰ কাম ৩ মাহত কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাইঃ বদৰুদ্দিন আজমল

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মুকলিকৈ শলাগ ল’লে বদৰুদ্দিন আজমলে। কুইণ্ট নামৰ এটা ৰাষ্ট্ৰীয় ৱেব পৰ্টেলৰ সাক্ষাৎকাৰত আজমলে কয় যে অসমৰ স্বাস্থমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত দিন-ৰাতি এক কৰি কাম কৰিছে। যথেষ্ঠ কষ্ট কৰিছে, এবছৰৰ কাম ৩ মাহত কৰি দেখুৱাইছে মন্ত্ৰীগৰাকীয়ে।

ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত নিজামুদ্দিনৰ তবলিগী জামাতৰ কিছু ভুল আছে বুলিও মন্তব্য কৰে আজমলে। তেওঁ লগতে কয় যে সামাজিক দুৰত্ব বৰ্তাই ৰাখি আগন্তুক ৰমজানৰ নামাজ ঘৰৰ পৰাই পঢ়াৰ আহ্বান।

You might also like