নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলংপাৰ কনিষ্ঠ মহাবিদ্যালয়ৰ মাচুল ৰেহাই

নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ শিক্ষা, স্বাস্থ্য আৰু বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বানৰ প্রতি বিপুল সঁহাৰি জনাই পুৰণিগুদাম কলংপাৰ কনিষ্ঠ মহাবিদ্যালয় লকডাউনৰ সময়ত ছাত্র–ছাত্রীসকলৰ এমাহৰ মাহেকীয়া মাচুল ৰেহাই দিয়া হ’ব বুলি বৃহস্পতিবাৰে অধ্যক্ষগৰাকীয়ে এই কথা ঘোষণা কৰাৰ লগতে দৰিদ্র ৰাইজৰ মাজত খাদ্য–সামগ্রীও বিতৰণ কৰে৷ পুৰণিগুদাম কলংপাৰ কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ পৱিত্র বৰাৰ নেতৃত্বত পৰিচালনা সমিতিৰ সভাপতি মহিকান্ত কলিতা, উপাধ্যক্ষা প্রেমবৰা দাস, প্রবক্তা ত্রিনয়ন বৰা, তৃষ্ণাজ্যোতি শইকীয়া, শশাংক কলিতা, বর্ণালী লস্কৰ, ইন্দ্রাণী বৰা, নিহা বৰা, কস্তুৰী বৰা, পার্চিমণি বৰা, ৰূপশ্রী বৰা, সংগীতা বৰা, ৰশ্মি ভূঞা, হিমানজ্যোতি বৈৰাগী, বাণীৰেখা বৰা, প্রশান্ত শইকীয়া, প্রমোদ বৰাসহ শিক্ষক–শিক্ষয়িত্রী আৰু কর্মচাৰীসকলৰ সহযোগত পুৰণিগুদাম ভৰাগুৰি ব্রহ্মচাৰী খাটোৱালকে ধৰি বহুকেইখন গাঁৱৰ শতাধিক দৰিদ্র লোকৰ মাজত চাউল, দাইল, আলু, চিৰা, মিঠাতেল আদিকে ধৰি খাদ্য–সামগ্রী বিতৰণ কৰাৰ লগতে কনিষ্ঠ মহাবিদ্যালয়খনত শিক্ষা গ্রহণ কৰি থকা ছাত্র–ছাত্রীসকলৰ লকডাউনৰ সময়ৰ তথা এমাহৰ মাচুল ৰেহাই দিয়াৰ লগতে ছাত্র–ছাত্রীসকলৰ অহা বর্ষৰ নামভর্তিৰ ক্ষেত্রত ২০ শতাংশ মাচুল ৰেহাই দিয়া হ’ব বুলি কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ পৱিত্র বৰাই জানিবলৈ দিয়ে৷ আনহাতে, চামগুৰিৰ উদমাৰী উপ–খণ্ড বন কার্যালয়ৰ বনকর্মী কেশৱ শইকীয়াই চামগুৰি আৰু পুৰণিগুদামৰ বিভিন্ন অঞ্চলৰ শতাধিক দৰিদ্র পৰিয়ালৰ মাজত খাদ্য–সামগ্রী বিতৰণ কৰাৰ বিপৰীতে নগাঁও জিলা কর্মচাৰী পৰিষদৰ সভাপতি মিণ্টু শর্মা, মাধৱদেৱ হাইস্কুলৰ শিক্ষয়িত্রী অর্পণা শর্মা আৰু অনুপম হাজৰিকাই মিলি শতাধিক দৰিদ্র পৰিয়ালৰ মাজত খাদ্য–সামগ্রী বিতৰণ কৰে৷ আনহাতে, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সমিতিৰ সদস্যসকলে ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্রাণ পাবলৈ বকুলতল খাটোৱাল সূতাৰগাঁওকে ধৰি বিভিন্ন অঞ্চলত ছেনিটাইজ কৰে বুলি জানিব পৰা গৈছে ৷

You might also like