নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙত আত্মগোপনকাৰী কোৱাৰেণ্টাইনত থকা ছলমান খানক আটক

নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ ক’ৰোনাৰ সর্বগ্রাহী আতংকৰ মাজতে টিংখাঙত ভয়ংকৰ ঘটনা ৷ টিংখাঙৰ কুঁৱৰীগাঁৱত বৃহস্পতিবাৰে উদ্ধাৰ হয় আত্মগোপন কৰি থকা এজন যুৱক ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত টিংখাং আৰক্ষীয়ে আটক কৰে কোৱাৰেণ্টাইনত থাকিবলগীয়া যুৱকজনক ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আটক কৰা ব্যক্তিজন হৈছে মৰাণ পিয়লি নগৰৰ ছলমান খান (২১)৷ ধৃত যুৱকজন নাগালেণ্ডৰ জাকবস্তিত কর্মৰত আছিল ৷ যোৱা ২৯ মার্চত নাগালেণ্ডৰ পৰা অসমলৈ অহাৰ পিছত স্বাস্থ্য বিভাগে হাতত ষ্টাম মাৰি ৩০ মার্চৰ পৰা ১৩ এপ্রিলকৈ হোম কোৱাৰেণ্টাইনত থকাৰ নির্দেশ দিছিল৷ ধৃত যুৱকজনে অৱগত কৰা মতে ১৩ এপ্রিলৰ দিনা মৰাণ আৰক্ষীৰ পৰা পত্নীৰ ঔষধ ক্রয়ৰ অজুহাত দেখুৱাই এদিনৰ বাবে টিংখাঙলৈ যোৱাৰ অনুমতি লাভ কৰিছিল ৷ উক্ত দিনাই ছলমান খানে আইনোল ইছলাম নামৰ বন্ধু এজনৰ লগত টিংখাঙৰ কুঁৱৰীগাঁৱৰ শহুৰেক হাছান (মুন্না) ইছলামৰ ঘৰলৈ মটৰচাইকেলেৰে আহি ৩ দিন আত্মগোপন কৰি আছিল ৷ স্থানীয় কিছুসংখ্যক লোকে ছলমান খানৰ হাতত থকা ষ্টাম্পৰ চিন প্রত্যক্ষ কৰাৰ পিছতে এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়৷ কুঁৱৰীগাঁৱৰ গাঁও পঞ্চায়তৰ সভানেত্রী, আঞ্চলিক পঞ্চায়তৰ সদস্যা, স্থানীয় গাঁওবুঢ়াসহ ৰাইজে আশ্রয়দাতা হাছেন (মুন্না) হুছেইনৰ ঘৰত উপস্থিত হৈ গোটেই বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰে৷ টিংখাং আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক আইন অমান্য কৰাৰ গোচৰত আটক কৰিছে৷ ইফালে স্থানীয় বাসিন্দাসকলে ছলমান খানে আশ্রয় গ্রহণ কৰা শহুৰেকৰ ঘৰৰ সকলো লোকক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰাৰ লগতে অঞ্চলটো ছেনিটাইজেচন কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি কেনেদৰে কুৱাৰেণ্টাইনত থকা এজন যুৱকে আৰক্ষীৰ পৰা এদিনৰ বাবে অনুমতি লৈ তিনিদিনে আত্মগোপন কৰি থাকিবলৈ সুযোগ লাভ কৰিলে ইয়াক লৈও ৰাইজৰ মাজত প্রশ্ণৰ উদয় হৈছে ৷

You might also like