নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ সময়তে নাটকৰ জৰিয়তে সজাগতা সৃষ্টিৰ বাবে গোলাঘাটৰ এখন চৰকাৰী বিদ্যালয়ৰ কেইগৰাকীমান ছাত্রীয়ে কৰিছে এক ব্যতিক্রমী প্রয়াস ৷ প্রকৃতিপ্রেমী গিৰিমল্লিকা শইকীয়াই পৰিকল্পনা আৰু ৰচনা কৰা চুটি নাটক ‘বাদুলিৰ কথোপকথন’ৰ জৰিয়তে প্রকৃতিৰ প্রতি শ্রদ্ধাশীল হৈ মহামাৰীসমূহৰ পৰা আগতীয়াকৈ কেনেকৈ সাৱধান হ’ব লাগে, সেই বিষয়ে সজাগতা অনাৰ চেষ্টা কৰিছে ৷ প্রকৃতিবিৰোধী ক্রিয়াকলাপৰ বাবেই আজি মানুহ প্রকৃতিৰ ৰোষত পৰিছে ৷ কেইবাগৰাকী চিকিৎসা বিজ্ঞানীয়ে মত প্রকাশ কৰিছে যে আধুনিক সমাজত মহামাৰীৰ সৃষ্টি হোৱা দুই–তৃতীয়াংশ বেমাৰৰ বীজাণুৰ উৎপত্তিস্থল হৈছে বন্যজীৱ–জন্তু৷ বিশ্ব স্বাস্থ্য সংস্থায়ো বিশ্ব মহামাৰী হিচাপে ঘোষণা কৰা ক’ভিড–১৯ প্রথমে বন্যপ্রাণীৰ পৰাই মানুহৰ দেহলৈ সংক্রমিত হোৱাৰ সন্দেহ প্রকাশ কৰিছিল৷ বন্যপ্রাণী হত্যা বা বন্যপ্রাণীৰ মাংস ভক্ষণ আইনমতে দণ্ডনীয়৷ কিন্তু এতিয়াও সজাগতাৰ অভাৱ৷ আমাৰ উত্তৰ–পূর্বাঞ্চলতো এতিয়াও বহুতে বন্যচৰাই, সাপ, গুঁই, কাছ আদিৰ মাংস সজাগতাৰ অভাৱত ভক্ষণ কৰি আহিছে৷ পৰিৱেশবিদসকলে সাৱধান কৰি দিছে যে মানৱ জাতিয়ে যদি পৰিৱেশৰ প্রতি শ্রদ্ধাশীল নহয়, তেন্তে ভৱিষ্যতে ক’ৰোনাতকৈও অধিক ভয়াৱহ মহামাৰীয়ে ত্রাস সৃষ্টি কৰিব৷ নাটকৰ জৰিয়তে বার্তা দিব বিচৰা গোলাঘাটৰ বনগাঁও চলা হাইস্কুলৰ ছাত্রীসকল হ’ল– পল্লৱী দাস, পাহি মজুমদাৰ, লুনা মজুমদাৰ, চিম্পী শইকীয়া, চুম্পী শইকীয়া ৷