নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ মানৱ সভ্যতাক জোকাৰি যোৱা এক পাশৱিক হত্যাকাণ্ড সংঘটিত হৈছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত । নৰমাংস ভক্ষণ আৰু এই নৃশংস হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হৈছে অসমৰ গহপুৰ এজন লোকৰ বিৰুদ্ধে । গহপুৰৰ হেলেম থানাৰ অন্তৰ্গত কাৰিবিল নেপালী গাঁৱৰ ৰাম কুমাৰ গোড় নামৰ লোকজনে হত্যাৰ পূৰ্বে ভক্ষণ কৰিছিল ৮ বছৰীয়া ভাগিনৰ মাংস । এই দানবীয় ঘটনাত জড়িত লোকজনক ইতিমধ্যে অৰুণাচল প্রদেশ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ জানিব পৰা মতে, কাৰিবিল নেপালী গাঁৱৰ বীৰেন গোড় নামৰ লোকজনে বিগত দুবছৰ ধৰি অৰুণাচল প্রদেশৰ নিৰজুলিৰ টাও টুডু নামৰ লোকজনৰ ঘৰত এজন শ্রমিক হিচাপে কাম কৰি আহিছে৷ টুডুৰ বাসগৃহৰ বাহিৰত থকা এটা সুকীয়া ঘৰতে তেওঁৰ থকা–খোৱাৰ ব্যৱস্থা আছে৷ যোৱা ২৬ মার্চত ঘৰলৈ আহি বীৰেন গোড়ে ৮ বছৰীয়া পুত্র সঞ্জীৱ আৰু খুলশালি ৰাম কুমাৰ গোড়ক (৩০) নিজৰ লগত অৰুণাচল প্রদেশলৈ লৈ যায়৷ ইয়াৰ দুদিন পাছত পুত্র আৰু খুলশালিক অৰুণাচলত এৰি তেওঁ পুনৰ গহপুৰৰ ঘৰলৈ আহে৷ যোৱা ১৫ এপ্রিলৰ মাজনিশা নিৰজুলিৰ টুডু নামৰ ব্যৱসায়ীজনে বিকট চিঞৰ শুনি ঘৰৰ বাহিৰলৈ ওলাই আহে৷ ৰাম কুমাৰ গোড় আৰু সঞ্জীৱ থকা ঘৰটোত তেওঁ দেখিবলৈ পায় যে মৃতপ্রায় অৱস্থাত সঞ্জীৱ মজিয়াত পৰি আছে৷ ডিঙি, নাক, মুখ আৰু কপালৰ পৰা প্রচুৰ ৰক্তক্ষৰণ হোৱাৰ উপৰি সঞ্জীৱৰ ওঁঠ আৰু ডিঙিৰ মঙহ এৰাই আছে৷ আনহাতে, ৰাম কুমাৰ গোড়ৰ মুখত লাগি আছে তেজ আৰু মঙহৰ টুকুৰা৷ এই বিভৎস ঘটনা প্রত্যক্ষ কৰি ব্যৱসায়ীজনে ততালিকে অৰুণাচল প্রদেশ আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাম কুমাৰ গোড়ক গ্রেপ্তাৰ কৰাৰ লগতে ইতিমধ্যে মৃত্যু হোৱা সঞ্জীৱৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্রহণ কৰে৷ কাৰিবিল নেপালী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ ভাষ্য অনুসৰি, ৰাম কুমাৰে এটা চচপেনৰে প্রথমে সঞ্জীৱৰ মূৰত প্রহাৰ কৰি অচেতন কৰি লোৱাৰ পাছত বিছনাত পেলাই বুকুৰ ওপৰত বহি সঞ্জীৱৰ ওঁঠ আৰু ডিঙিত কামোৰ দিয়াৰ ফলত সঞ্জীৱৰ কণ্ঠনলী ছিন্ন হোৱাত সঞ্জীৱৰ মৃত্যু হয়৷ ইপিনে, কালি ঘটনা সন্দর্ভত নিৰজুলিৰ ব্যৱসায়ীগৰাকীয়ে বীৰেন গোড়ক অৱগত কৰাত পৰিয়ালটোৱে হেলেম আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত সঞ্জীৱৰ মৃতদেহটো ঘৰলৈ আনি সৎকাৰ কৰে৷ কি কাৰণত এনে ভয়ংকৰ ঘটনা সংঘটিত হ’ল, আৰক্ষীৰ বিস্তৃত অনুসন্ধানতহে তাৰ বিতং তথ্য পোহৰলৈ আহিব৷ ঘটনাটোৱে গহপুৰত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে ৷