নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ বিশ্বৰ বিভিন্ন প্রান্তত মহামাৰী ৰূপ ধাৰণ কৰা ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ৰাজ্যজুৰি দিনে–নিশাই যোদ্ধা ৰূপে সম্প্রতি আত্মনিয়োগ কৰা চিকিৎসাকমীসকলৰ সমান্তৰালভাৱে আৰক্ষী বিভাগো অন্যতম সৈনিক ৰূপে অৱতীর্ণ হোৱা পৰিলক্ষিত হৈছে ৷ দেশ–বিদেশৰ বিভিন্ন প্রান্তত ৰাজ্যখনৰ কিমানসংখ্যক লোক ক’ত কেনেকৈ কি অৱস্থাত আছে, নিজামুদ্দিন মার্কাজত অংশগ্রহণ কৰা অসমৰ লোকসকলক নিৰীক্ষণ, শেহতীয়াকৈ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ সন্ধান আৰু তৎকালীন যাৱতীয় ব্যৱস্থা গ্রহণ অব্যাহত থকা লকডাডনৰ সময়ছোৱাত সর্বসাধাৰণ নাগৰিকে যাতে নিজ গৃহতে থকাৰ বিপৰীতে বাটে–ঘাটে ওলাই নাহে, এনেবোৰ ক্ষেত্রত আৰক্ষীৰ পদক্ষেপ আৰু ভূমিকা উল্লেখনীয় ৷
সমগ্র ৰাজ্যৰ লগতে শোণিতপুৰ জিলা আৰক্ষীয়েও এই সংকট কালত গ্রহণ কৰিছে গুৰুত্বপূর্ণ ভূমিকা ৷ চৰকাৰৰ নির্দেশনা আৰু যাৱতীয় ব্যৱস্থাৰ ক্ষেত্রত বিশেষ পদক্ষেপ গ্রহণ কৰা শোণিতপুৰ আৰক্ষীয়ে বিভিন্ন প্রান্তত দৰিদ্র–আর্তজনক খাদ্যসামগ্রী বিতৰণ কৰা কার্যও প্রশংসিত হৈছে সচেতন মহলত ৷ ইয়াৰ মাজতে শুকুৰবাৰে শোণিতপুৰ আৰক্ষীয়ে ঘোষণা কৰিছে এক বিশেষ বঁটাৰ ৷ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি দেৱ মহন্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জানিবলৈ দিয়া অনুসৰি সাম্প্রতিক সংকট কালত নিঃস্বর্তভাৱে দুর্গতসকলক প্রয়োজনীয় সহায়–সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্রত বিশেষ ভূমিকা পালন কৰা জিলাখনৰ আৰক্ষী বিষয়া আৰু কর্মচাৰীসকলক আগবঢ়োৱা হ’ব ‘অনিৰুদ্ধ যোদ্ধা’ শীর্ষক এক ব্যতিক্রমী বঁটা ৷
ক’ৰোনা আতংকৰ সময়ত বিশেষ ভূমিকা পালন কৰা আৰক্ষী বিষয়া আৰু কর্মচাৰীসকলক প্রেৰণা–ডৎসাহ যোগোৱাৰ উদ্দেশ্যে শোণিতপুৰ আৰক্ষীয়ে এই বঁটা ঘোষণা কৰা বাতৰিয়ে বিভাগীয় কর্মচাৰীসকলৰ মাজত ব্যাপক উছাহ বৃদ্ধি পোৱা পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে জিলাখনৰ সচেতন মহলতো ব্যাপক চর্চা লাভ কৰিছে ৷ উল্লেখ্য যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জ্যেষ্ঠ নাগৰিকসকলৰ সাহায্যার্থে শোণিতপুৰ আৰক্ষীয়ে মুকলি কৰিছে এক হেল্পলাইন ব্যৱস্থা ৷ আৰক্ষী সূত্রে জানিব পৰা মতে, জিলাখনৰ বিভিন্ন প্রান্তত থকা বয়োজ্যেষ্ঠ নাগৰিকসকলে নিজৰ আপদকালত ৮৪৮৬৯১৯৩৭৮ যোগাযোগ কৰিব পাৰিব৷ প্রকাশ যে তেজপুৰ বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া শৰৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটি দলে বিগত দিনকেইটাত অঞ্চলটোৰ একাংশ দৰিদ্র পৰিয়ালক খাদ্যসামগ্রী যোগান ধৰা কার্যই অঞ্চলজুৰি দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে ৷