৪৬ বছৰে বাতৰিকাকত বিতৰণত নিয়োজিত পশ্চিম নলবাৰীৰ এটি পৰিয়াল
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ বিগত ৪৬ বছৰে নিৰৱচ্ছিন্নভাৱে বাতৰিকাকতৰ লগত জডিত থাকি ভাগৰি নপৰা নলবাৰী জিলাৰ পশ্চিম প্রান্তৰ এটি পৰিয়াল৷ সমাজ জীৱনৰ বহু সংকটপূর্ণ মুহূর্ত অতিক্রম কৰি আজিও বাতৰিকাকত বিতৰণত অবিচল হৈ আছে চামতাৰ ভূপেন শর্মাৰ পৰিয়ালটো৷ চল্লিশৰ দশকত বৃহত্তৰ পশ্চিম নলবাৰী অঞ্চলৰ প্রথমটো বাতৰিকাকত এজেঞ্চ চামতাৰ ‘পার্বতী প্রেছ এণ্ড পেপাৰ এজেঞ্চী’টোৰ শিপাডাল আজিও মৰহি যোৱা নাইবা যাবলৈ দিয়া নাই পৰিয়ালটোৱে৷ সুদীর্ঘকাল ধৰি পার্বতী পেপাৰ এজেঞ্চীটোৱে বিভিন্ন হকাৰক যোগান ধৰিছিল কাকত৷ পৰৱর্তী সময়ত আর্থিক সমস্যাকে ধৰি বিভিন্ন সমস্যাই গা কৰি উঠাত শর্মাই এজেঞ্চ চলাই নিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়৷ পৰৱর্তী সময়ত এজেঞ্চ বাদ দি হকাৰ হিচাপে নিয়োজিত হৈ পৰে শর্মাৰ পুত্র বিপ্লৱে৷ ৮২ বছৰীয়া সমাজকর্মী ভূপেন শর্মা আজি শাৰীৰিকভাৱে অসুস্থ যদিও পুত্রৰ কাষত থিয় দি বাতৰিকাকত বিতৰণৰ সমগ্র খা–খবৰ দৈনিক পুত্রৰ পৰাই পাই আহিছে৷ ৰ’দ,বতাহ,বৰষুণকো নেওচি দৈনিক নলবাৰী চহৰৰ ‘জার্নাল এম্পৰিয়াম’ৰ পৰা প্রায় ২৫ কিঃমিঃ চাইকেলেৰে অহা–যোৱা কৰি কাকত সংগ্রহ কৰাৰ পিছত বৃহত্তৰ চামতা অঞ্চলৰ মানুহৰ ঘৰে ঘৰে কাকত বিতৰণৰ কাম কৰি আছে৷ সম্প্রতি ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকাৰ পৰিপ্রেক্ষিতত অসমৰ বিভিন্ন অঞ্চলত কাকত বিতৰণ সাময়িকভাৱেবন্ধ হৈছিল যদিও হকাৰ বিপ্লৱ শর্মাই কিন্তু সামাজিক দায়বদ্ধতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰি বৃহত্তৰ চামতা অঞ্চলত বিৰতিহীনভাৱে কাকত বিতৰণ অব্যাহত ৰাখিছে৷