নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতাধিক শিল্পীৰ সংগীত অনুষ্ঠান উপভোগ পৃথিৱীবাসীৰ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ বিশ্বজুৰি টেলিভিছনজুৰি কালি সম্প্রচাৰিত হ’ল বিশিষ্ট শিল্পীসকলৰ এক সংগীতানুষ্ঠান৷ ঘৰৰ ভিতৰৰ পৰাই শতাধিক খ্যাতানামা শিল্পীয়ে বিশ্বজুৰি ক’ভিড–১৯ৰ প্রতিৰোধৰ বাবে যুঁজ দি থকা চিকিৎসক তথা জৰুৰী সেৱাৰ কর্মীসকলক উৎসাহিত কৰিবলৈ এই সংগীতানুষ্ঠানত অংশগ্রহণ কৰে৷ এই সংগীতানুষ্ঠানত অংশ লোৱা শিল্পীসকলৰ ভিতৰত লেডী গাগা, প’ল মেকার্টনি, বিলী ইলিছ আদিৰ দৰে তাৰকাসকলো আছে৷ ক’ৰোনা ভাইৰাছৰ বাবে চলি থকা তলাবন্ধৰ সময়ত নিজৰ কোঠাৰ পৰাই এই শিল্পীসকলে সম্প্রচাৰ কৰিছে সংগীত৷ আনকি ৰ’লিং ষ্ট’নৰ শিল্পীসকলে চাৰিটা পৃথক স্থানৰ পৰা সংগীত পৰিৱেশন কৰি ৮ ঘণ্টাৰ এই অনুষ্ঠানৰ জৰিয়তে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ দি থকা চিকিৎসা কর্মীসকলক প্রশংসা কৰে৷ লেডী গাগাই এই সংগীতানুষ্ঠানক বিশ্ববাসীৰ বাবে এক প্রেম পত্র বুলি অভিহিত কৰিছে৷ যিসকল চিকিৎসা কর্মীয়ে ক’ভিড–১৯ৰ সংক্রমণৰ বিৰুদ্ধে যুঁজ দি সাধাৰণ জনতাৰ জীৱন ৰক্ষা কৰিবলৈ অশেষ ত্যাগ স্বীকাৰ কৰিছে, তেওঁলোকলৈ এয়া সামান্য স্বীকৃতি বুলিও অভিহিত কৰিছে লেডী গাগাই৷ ‘দ্য ৱর্ল্ড ঃ টুগেডাৰ এট হোম’ শীর্ষক এই সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল বিশ্ব স্বাস্থ্য সংস্থা আৰু গ্ল’বেল চিটিজেন মুভমেণ্টে৷ আমেৰিকা, ফ্রান্স, স্পেইন, ব্রিটেইনৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ শিল্পীসকলে এই সংগীতানুষ্ঠানত অংশগ্রহণ কৰে৷ লগে লগে কালি পৃথিৱীবাসীয়ে প্রত্যক্ষ কৰাৰ সুযোগ লাভ কৰে এই অভিনৱ আৰু বহু তাৰকাৰ সমাহাৰৰ অগতানুগতিক সংগীতানুষ্ঠান৷

You might also like