নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ বৰ্তমানো ৰাজ্যত চলি থকা লক ডাউনৰ সময়ত আজি কামৰূপ জিলাৰ বেজেৰাত কিছু লোক বাহিৰলৈ ওলাই অহা পৰিলক্ষিত হয় । ততাতৈয়াকৈ বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত হৈ মাস্ক পৰিধান নকৰা লোকক ঘৰলৈ ওভতাই পঠোৱাৰ লগতে মটৰ চাইকেলত দুজনকৈ অহা লোকক এজনক নমাই দিয়ে ।