নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাহায্যৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ আজি কামৰূপ (মহানগৰ) জিলাৰ উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমৰ পৰিস্থিতি বৰ্তমান উন্নত হৈছে। লকডাউন সফল কৰিবই লাগিব। ৰমজান মাহ আহি আছে, যাৰ পৰিপেক্ষিতত ঘৰতে নামাজ পঢ়িবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে স্বাস্থ্য বিভাগৰ সকলো নিৰ্দেশ পালন কৰিবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে। আনহাতে সাহায্য প্ৰদানৰ নামত যি দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে তাৰ প্ৰতি কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ফাঁচী বজাৰৰ ফল-মূল বিক্ৰেতাসকলৰ সৈতেও মত বিনিময় কৰে আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহযোগিতাৰে কাম কৰাৰ লগতে ব্যৱসায়ৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

You might also like