নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকালমুৱাত ছীল ৰন্ধন গেছৰ অবৈধ বিপণী ৭০ চিলিণ্ডাৰ জব্দ প্রশাসনৰ

নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ অবৈধভাৱে ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত ৰাখি ক’লা ব্যৱসায় চলাই থকাৰ অভিযোগত বুধবাৰে মুকালমুৱাত নলবাৰী জিলা উপায়ুক্তৰ নির্দেশমর্মে এখন ৰন্ধন গেছৰ বিপণী প্রশাসনে ছীল কৰি দিয়ে ৷ মুকালমুৱাৰ বাহাৰুল ইছলাম নামৰ লোকজনৰ মালিকানাধীন বিপণীখনে বহু দিনৰ পৰাই ৰাজ সাহায্যযুক্ত গেছৰ চিলিণ্ডাৰ চৰকাৰে নির্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক দামত বিক্রী কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই অভিযোগৰ ভিত্তিত বুধবাৰে বৰক্ষেত্রী ৰাজহ চক্রৰ দণ্ডাধীশ কনকন শর্মাই জিলাৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ যোগান পৰিদর্শক আৰু মুকালমুৱা থানাৰ ভাৰপ্রাপ্ত বিষয়াক লগত লৈ গেছৰ বিপণীখনত উপস্থিত হৈ দণ্ডাধীশগৰাকীয়ে প্রথমতে গেছৰ বিপণীখনৰ বৈধ কাগজ পত্র বিচৰাত বিপণীখনৰ গৰাকীয়ে কোনো ধৰণৰ উপযুক্ত নথিপত্র দিব নোৱাৰাত বিপণীখন ছীল কৰি দিয়ে ৷ গেছৰ বিপণীখনত ৪৬টা খালী চিলিণ্ডাৰৰ বিপৰীতে ২৪টা গেছ ভর্তি চিলিণ্ডাৰ আছিল ৷ উল্লেখ্য যে বুধবাৰৰ সংখ্যা ‘নিয়মীয়া বার্তা’ত ‘বৰক্ষেত্রীত অত্যধিক মূল্যত বিক্রী গেছ চিলিণ্ডাৰ’ শীর্ষক এটা বাতৰি প্রকাশ পায়৷ ইয়াৰ পিছতেই প্রশাসনে লোৱা তৎপৰতা চর্চাৰ বিষয় হৈ পৰিছে ৷

You might also like