নিয়মীয়া বাৰ্তা, ২৪ এপ্রিলঃ মাহজোৰা লকডাউনে দৈনন্দিন জীৱনযাত্রা সলনি কৰি দিলে প্রতিজন ভাৰতীয়ৰ ৷ প্রায় প্রতিদিনেই লকডাউন ভংগৰ অভিযোগ উত্থাপন হ’লেও সামগ্রিকভাৱে সাধাৰণ দৃষ্টিত ধৰা দিয়া দৃশ্যটো একেবাৰেই অচিনাকি– প্রায় জনশূন্য পথ, বন্ধ যান–বাহনৰ চলাচল, শ্বাটাৰ নমোৱা শাৰী শাৰী দোকান ৷ বন্ধ থাকিল অফিচ–কাছাৰীৰ লগতে বৃহৎ ব্যক্তিগত কোম্পানীসমূহৰ কার্যালয় আৰু ছবিঘৰ–শ্বপিং মল৷ স্বাভাৱিক জীৱনযাত্রাত লকডাউনে বিঘিনি ঘটালেও সামগ্রিকভাৱে প্রতিজন সচেতন নাগৰিকে ক’ভিড–১৯ৰ সংক্রমণৰ চেইন ছিঙি দিয়াৰ স্বার্থতেই মাহজুৰি নিজকে আবদ্ধ ৰাখিছে ঘৰৰ ভিতৰত ৷ এয়া এনে এক অভিজ্ঞতা যিটো ডিজিটেলাইজেচনৰ এই প্রজন্মটোৰ বাবে একেবাৰে আচহুৱা আৰু বিৰক্তিদায়ক ৷ কিন্তু মৃত্যুদূত হৈ অহা ঘাতক মহামাৰীক প্রতিৰোধ কৰিবলৈ এই মুহূর্তত ভাৰতৰ বাবে লকডাউনৰ কোনো বিকল্প নাছিল ৷ অৱশ্যেই ইয়াৰ নেতিবাচক প্রভাৱসমূহে উদ্বেগৰ সৃষ্টি কৰিছে– যিটো স্বাভাৱিক আৰু সেয়ে এই দিশবোৰক লৈ চৰকাৰ আৰু নীতি–নির্ধাৰকসকলো সচেতন ৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবেই দেশৰ অর্থনীতিলৈ নামি আহিছে ভয়ংকৰ অনিশ্চয়তা ৷
সংস্থাপনহীনতাই ভয়ংকৰ বিপদ মাতি অনাৰ আগজাননী ইতিমধ্যে পোৱা গৈছে ৷ লাখ লাখ লোক চাকৰিবিহীন হোৱাৰ আশংকা এতিয়া প্রবল৷ শ্বেয়াৰ বজাৰৰ উত্থান–পতনে অনিশ্চয়তা বৃদ্ধি কৰিছে ৷ আশংকা কৰা হৈছে– বিশ্বৰ লগতে ভাৰততো মহামন্দা একপ্রকাৰ নিশ্চিত ৷ আইএমএফৰ সতর্কবাণীৰ পিছত এইবাৰ কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রী (চি আই আই)য়ে আশংকা প্রকাশ কৰা মতে দেশৰ মুঠ ঘৰুৱা উৎপাদন ০.৯ শতাংশলৈ অৱনমিত হ’ব পাৰে ৷ মুক্ত অর্থনীতি আঁকোৱালি লোৱাৰ পিছৰে পৰা বিকাশৰ পিছত দৌৰা দেশখনৰ নতুন প্রজন্মটোৰ বাবে এয়া এক নোহোৱা–নোপোজা ঘটনা ৷ কিন্তু এনে এটা নোহোৱা–নোপোজা ঘটনাও ঘটিছে যিটো লকডাউনৰে সম্পূর্ণ ইতিবাচক এক প্রভাৱ৷ ভাৰতত লকডাউন এমাহ সম্পূর্ণ হোৱাৰ প্রাক্মুহূর্তত প্রকাশিত বাতৰি মতে পৱিত্র গংগাৰ পানী এতিয়া খোৱাৰ উপযোগীকৈ নির্মল হৈ পৰিছে ৷ কেৱল সেয়াই নহয়, সমগ্র উত্তৰ ভাৰতৰে প্রদূষণ অকল্পনীয়ভাৱে হ্রাস পাইছে আৰু এই কথা প্রমাণিত হৈছে নাছাৰ ছেটেলাইট ছবিত ৷
প্রকাশিত বাতৰি মতে, পৱিত্র নগৰী হৰিদ্বাৰৰ হৰ–কী–পুৰীত গংগা নদীৰ পানী ইমানেই নির্মল হৈ পৰিছে যে উত্তৰাখণ্ড পৰিৱেশ সংৰক্ষণ আৰু প্রদূষণ ব’র্ডে ইয়াক খোৱাৰ উপযোগী বুলি ঘোষণা কৰিছে৷ অনুৰূপ ঘটনা পৰিলক্ষিত হৈছে হূষীকেশতো৷ এই অবিশ্বাস্য আৰু অভূতপূর্ব ঘটনাৰ বিষয়ে উল্লেখ কৰি পৰিৱেশ বিজ্ঞানী অধ্যাপক বি বি যোশীয়ে কয় যে ঔদ্যোগিক প্রদূষণৰ অনুপস্থিতিৰ লগতে আৱর্জনাশূন্য পৰিৱেশৰ বাবেই কেতিয়াও কল্পনা কৰিব নোৱাৰা এই ঘটনা ঘটিছে৷ নদীখনৰ কিছু কিছু অঞ্চলত ইয়াৰ পানী খোৱাৰ উপযোগী বুলি বিজ্ঞানসন্মত পৰীক্ষাত প্রমাণিত হৈছে৷ বিগত ৩০–৪০ বছৰত এনে ঘটনা এয়াই প্রথম৷ উল্লেখ্য যে কল–কাৰখানা বন্ধ হৈ পৰাৰ ফলত কার্বন–ডাই–ক্সাইডৰ্ নির্গমন হ্রাস পাইছে৷ ইয়াৰ লগতে হ্রাস পাইছে পানীৰ সৈতে মিহলি হোৱা অন্য ঔদ্যোগিক নির্গমনো৷ তদুপৰি হৰিদ্বাৰত গংগাৰ পানীত প্রতিদিনে হাজাৰ হাজাৰ মানুহে স্নান কৰে যদিও লকডাউনৰ পিছৰে পৰা নদীখনত স্নান আৰু কাপোৰ ধোৱাৰ দৰে কাম একপ্রকাৰ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে৷ উত্তৰাখণ্ড পৰিৱেশ সংৰক্ষণ আৰু প্রদূষণ ব’র্ডে প্রকাশ কৰা মতে হৰিদ্বাৰত বায়’কেমিকেল অক্সিজেনৰ প্রয়োজনীয়তাও হ্রাস পাইছে৷ খোৱাৰ উপযোগী পানীত সাধাৰণতে প্রতিলিটাৰত ৭ মিলিগ্রাম অক্সিজেন মিহলি হৈ থাকে৷ গংগা নদীৰ পানীত অঞ্চলভেদে এতিয়া প্রতিলিটাৰত ৮.৯–৮.৩ মিলিগ্রাম অক্সিজেনৰ উপস্থিতি ধৰা পৰিছে৷ আনহাতে কানপুৰতো গংগা নদীৰ পানী পৰিষ্কাৰ হৈ পৰিছে ৷
বিখ্যাত পৰমত মন্দিৰৰ পুৰোহিত অজয় পূজাৰীয়ে কয় যে কানপুৰৰ সকলো বিষাক্ত ঔদ্যোগিক আৱর্জনা গংগা নদীত পৰে৷ লকডাউনৰ ফলত ফেক্টৰীসমূহ বন্ধ হোৱাৰ বাবে ঔদ্যোগিক আৱর্জনাশূন্য হৈ পৰিছে৷ ফলত গংগাৰ পানীও হৈ পৰিছে নির্মল৷ পূজাৰীজনে জনোৱা মতে, মাত্র এমাহৰ আগলৈকে পুৰোহিতসকলেও প্রদূষণৰ বাবেই গংগাৰ পানীত ডুব মৰাৰ পৰা বিৰত আছিল৷ কিন্তু লকডাউনৰ এটা মাহে ইয়াক সলনি কৰি দিলে৷ ইপিনে, নাছাৰ ছেটেলাইট ছবিয়ে স্পষ্ট কৰিছে যে উত্তৰ ভাৰতৰ বায়ু প্রদূষণ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ বায়ুমণ্ডলত মিহলি হৈ থকা পদার্থকণাৰ পৰিমাণ ২০০০ চনৰ পিছত অর্থাৎ বিগত ২০ বছৰৰ ভিতৰতে সর্বনিম্ন বুলি নাছাই প্রকাশ কৰিছে৷ লকডাউনৰ প্রভাৱতে এতিয়া প্রায় প্রদূষণমুক্ত হৈ পৰিছে উত্তৰ ভাৰত৷ নাছাৰ বিজ্ঞানী পৱন গুপ্তাই কয় যে লকডাউনৰ সময়ত বিভিন্ন স্থানত জলবায়ুৰ ইতিবাচক পৰিৱর্তন দেখিবলৈ পোৱা গৈছে৷ কিন্তু গংগা উপত্যকাত বছৰটোৰ এই সময়ছোৱাত বায়ুমণ্ডলত মিহলি হৈ থকা পদার্থকণাৰ পৰিমাণ ইমান হ্রাস পোৱাটো ইয়াৰ পূর্বে নাছাৰ অধ্যয়নত দেখিবলৈ পোৱা হোৱা নাছিল৷ উল্লেখ্য যে ২০১৬ চনৰ পৰা নাছাই উত্তৰ ভাৰতত বায়ুমণ্ডলত মিহলি হৈ থকা পদার্থকণাৰ পৰিমাণ ছেটেলাইট ছবি আৰু অন্যান্য পৰীক্ষাৰ দ্বাৰা নিৰূপণ কৰি আহিছে৷ এই দুটা পৰিঘটনাই সন্দেহাতীতভাৱে প্রমাণ কৰে যে মানুহে সৃষ্টি কৰা প্রদূষণৰ ফলতেই পৃথিৱী ক্রমাৎ অবাসপোযোগী হৈ গৈ আছে৷ চৰকাৰে গংগা পৰিষ্কৰণৰ বাবে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি বিভিন্ন আঁচনি গ্রহণ কৰাৰ পিছতো সামান্যতম পৰিৱর্তন আনিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মাজতে লকডাউনৰ প্রভাৱত মানুহৰ বন্ধ কর্ম–ক্রিয়াৰ ফলস্বৰূপে পৰিৱেশ–পাৰিপার্শ্বি প্রদূষণমুক্ত হৈ পৰাৰ লগতে নির্মল হৈ উঠিছে নদ–নদীৰ পানী ৷