নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকালমুৱাত ম’হৰ গাড়ীতে সন্তান প্রসৱ

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ ক’ৰোনা ভাইৰাছ ৰোগৰ ৰেড জ’নৰ আওতাত পৰা নলবাৰী জিলাৰ মুকালমুৱাত বৃহস্পতিবাৰে এগৰাকী গর্ভৱতী মহিলাই ম’হৰ গাড়ীতেই কন্যা সন্তান প্রসৱ কৰে ৷ বৰক্ষেত্রীৰ চৰাঞ্চলৰ বৰবালা গাঁৱৰ ছাইদুৰ ৰহমানৰ পত্নী নুৰজাহান বেগমৰ প্রসৱ বেদনা আৰম্ভ হোৱাত পৰিয়ালৰ লোকে ততালিকে গর্ভৱতী মহিলাগৰাকীক ম’হৰ গাড়ীত উঠাই মুকালমুৱা সামূহিক চিকিৎসালয়লৈ লৈ আহে ৷ আবেলি প্রায় চাৰি বজাত ম’হৰ গাডীত উঠি অহাৰ তিনি ঘণ্টাৰ মূৰত মুকালমুৱা সামূহিক চিকিৎসালয় নৌপাওঁতেই গর্ভৱতী মহিলাগৰাকীয়ে এটি কন্যা সন্তান জন্ম দি মাতৃত্বৰ গৌৰৱ অর্জন কৰে ৷ উল্লেখ্য যে সদ্যোজাত শিশুটিৰ পিতৃ ছাইদুৰ ৰহমান আৰু মাতৃ নুৰজাহান বেগমৰ এইটোৱেই প্রথম সন্তান ৷

You might also like