নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত বজাৰৰ অভাৱত কৃষকৰ হাহাকাৰ

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ দীর্ঘদিনীয়া লকডাউনৰ বাবে চৰম দুৰৱস্থাৰ সন্মুখীন হ’ব লগা হৈছে গহপুৰ মহকুমাৰ একাংশ কৃষক ৷ উৎপাদিত ফচল বিক্রী কৰিব নোৱাৰি বিস্তৰ ক্ষতি তথা লোকচানৰ সন্মুখীন হ’ব লগাত পৰিছে মহকুমাটোৰ একাংশ শাক–পাচলিৰ খেতিয়ক ৷ লকডাউনৰ বাবে বজাৰ ব্যৱস্থা সম্পূর্ণভাৱে স্থবিৰ হৈ থকাত বিক্রী অবিহনে খেতিপথাৰতে নষ্ট হৈছে বহু কৃষকৰ কষ্টোপার্জিত ফচল৷ এনে অৱস্থাত নিজৰ উৎপাদিত ফচলৰ এনে দুৰৱস্থা প্রত্যক্ষ কৰি এতিয়া মূৰে–কপালে হাত দিব লগা হৈছে গহপুৰ মহকুমাৰ একাংশ কৃষকে ৷ এনে দুৰৱস্থাৰ সন্মুখীন হৈ দিক–বিদিক হেৰুৱাই পেলোৱা এগৰাকী দুর্ভগীয়া কৃষক হৈছে মহকুমাটোৰ হেলেম ৰাজহ চক্রৰ অন্তর্গত গমিৰিৰ শান্তিপুৰ গাঁৱৰ অজিত দাস৷ উল্লেখ্য যে অজিত দাসে সম্পূর্ণ বৈজ্ঞানিক পদ্ধতিৰে প্রায় দুবিঘা মাটিত কৰিছিল বিলাহীৰ খেতি৷ গাঁঠিৰ ধন সমূলঞ্চে ব্যয় কৰি তথা কঠোৰ পৰিশ্রম কৰি কৰা বিলাহী খেতিডৰাৰ পৰা    যথেষ্ট পৰিমাণে লাভৱান হোৱাৰ সপোন দেখিছিল অজিত দাসে৷ কৃষকজনৰ সপোন সজীৱ কৰি বিলাহী খেতি ফুলে–ফলে জাতিষ্কাৰ হৈ উঠিছিল৷ পূৰঠ হৈ উঠা বিলাহীবোৰ ক্রমশঃ পক ধৰিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে এনে সময়তে আহিল লকডাউনৰ কঠোৰ নীতি–নির্দেশনা৷ স্থবিৰ হৈ পৰিল জনসাধাৰণৰ স্বাভাৱিক জীৱন পৰিক্রমাৰ লগতে বজাৰ–সমাৰ৷ ইপিনে ক্রমশঃ ভৰপক দিলে অজিত দাসৰ বিলাহী খেতিয়ে৷ এফালৰ পৰা পকি অহা শ শ কেজি বিলাহী বজাৰৰ অভাৱত পৰি থাকিল খেতিপথাৰতে৷ ৰঙা তুলতুলীয়া পকা বিলাহী গৰুৱে খায়ো শেষ কৰিব নোৱাৰা হ’ল৷ সম্প্রতি ক্রমান্বয়ে খেতিপথাৰতে জহি–পমি গেলি–পচি গৈছে অজিত দাসৰ খেতিপথাৰৰ কুইণ্টলে কুইণ্টলে পকা বিলাহী৷ এনে দুৰৱস্থাৰ পৰা উদ্ধাৰৰ কোনো উপায় এতিয়া অজিত দাসে বিচাৰি পোৱা নাই৷ সকলো হেৰুৱাই এতিয়া শূন্য হাতেৰে অনিশ্চিত ভৱিষ্যতৰ দিশে আগবঢ়িছে অজিত দাসৰ দৰে গহপুৰ মহকুমাৰ একাধিক কৃষকে৷ এনে অৱস্থাত কৃষক ৰাইজক এনে দুৰৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্রত অসম চৰকাৰৰ কৃষি বিভাগৰ ভূমিকা কেনে হ’ব, সেইটো সময়েহে নিশ্চিত কৰিব৷

You might also like