নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ বৃহস্পতিবাৰে অসমত প্ৰথমবাৰৰ বাবে ক’ৰোনাৰ ৰেপিড টেষ্টিং কিট সম্পন্ন হয় । মহানগৰীৰ স্পেনিছ গাৰ্ডেনত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ১০০ জন লোকক ৰেপিড টেষ্টিং কৰা হয় । ৰেপিড টেষ্টিং কৰা ১০০ জন ৰোগীৰ আটাইকেইজনৰে ফলাফল নিগেটিভ আহে । ৰেপিড টেষ্টিং কিটৰ এই সমূহ ফলাফল পুনৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ক’ভিড-১৯ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।