নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপযুক্ত চিকিৎসাৰ অভাৱত দুবছৰে বিছনাত পৰি বিকলাঙ্গৰ জীৱন পাৰ কৰিছে মেধাৱী ছাত্ৰী শিখা বৰিয়ে

কন্যাৰ চিকিৎসাৰ কাৰণে এপদ এপদকৈ সকলো সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত পিতৃ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ মূলতঃ অৰ্থ অভাৱৰ কাৰণে উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ দুবছৰ দিন ধৰি বিছনাত পৰি বিকলাঙ্গৰ জীৱন পাৰ কৰি আছে এগৰাকী মেধাৱী ছাত্ৰীয়ে। গোলাঘাট জিলাৰ উত্তৰ মহুৰাৰ বানাক্ৰান্ত ২নং গৰৈমাৰি গাঁৱৰ ৰাণা বৰিৰ কন্যা তথা জয়া গগৈ কলেজৰ ছাত্ৰী শিখা বৰিয়ে ২০১৮ চনৰ জুন মাহৰ পৰা অৰ্থাৎ স্নাতক ডিগ্ৰীৰ তৃতীয় ষন্মাসিক বৰ্ষত এডমিছন লৈ সমনীয়া সৈতে হাঁহি ধেমালিৰে কলেজলৈ গৈ নিজৰ শিক্ষা জীৱন মনোনিবেশ কৰিবলৈ লওঁতে হঠাৎ শিখাৰ জীৱনলৈ নামি আহিল আন্ধাৰ ভৰা দুখৰ দিন। সাধাৰণ এটা জ্বৰে দেখা দি সেই জ্বৰ পৰৱৰ্তী সময়ত শিখাক ৰুগীয়া কৰি পেলালে। বৰ্তমান কঁকালত জোৰ নাইকিয়া হৈ শিখাৰ দুই ভৰি আচল। যৌৱন ভৰা গাভৰু শিখাজনী অনিশ্চয়তাৰ জীৱন লৈ পৰি ৰৈছে বিছনাত, আবদ্ধ হৈ আছে এটা জুপুৰী সদৃশ দৰিদ্ৰ পিতৃৰ গৃহত, হাঁহি মুখীয়া গোলাপী গালখনটো বহিছে শুকান আৰু উদাসৰ চিন। লগৰীয়াই কলেজলৈ যোৱা দেখিলে কলেজৰ স্মৃতিয়ে বেৰি ধৰি আবেগে খুন্দা মাৰে শিখাৰ বুকুত, বিছনাৰ কাষতে ওলমি থকা ইউনিফৰ্মলৈ চাই অজানিতে সেমেকি উঠা চকুৰে বাট নেদেখা অৱস্থা হয়।

     এনে এক জটিল পৰিস্থিতি আৰু পৰিত্যক্ত পৰিৱেশৰ মাজতে কণ্টকময় জীৱন অতিবাহিত কৰি থকাৰ সময়তে কমাৰগাঁও আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক পৱন কামান, গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ছেত্ৰী আৰু সাংগঠনিক সম্পাদক ৰুদ্ৰ ছেত্ৰীয়ে শিখাক  সাক্ষাৎ কৰে। সাক্ষাৎ কৰিবলৈ যোৱা দলটোৰ আগত শিখাই বিৱৰি ক’লে হঠাৎ জীৱনলৈ নামি অহা আমানিশাৰ কথা,অতিবাহিত কৰা জটিল মুহূৰ্তবোৰৰ বিষয়ে। পিতৃ ৰাণা বৰিয়েও ক’লে কন্যাৰ চিকিৎসাৰ কাৰণে এপদ এপদকৈ সম্পত্তি বিক্ৰী কৰি সৰ্বস্বান্ত হৈ বর্তমান লাও লোৱা অৱস্থাৰ কথা। এতিয়া পিতৃৰ হাতত এক নয়া পইচাও নাই শিখাৰ চিকিৎসাত খৰচ কৰিবলৈ। কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানৰ অন্ধকাৰ ভৱিষ্যৎ সন্মুখৰ পৰা চাই থাকিব নোৱাৰে যদিও উপায়ন্তৰ হৈ এতিয়া সকলো নেদেখা জনৰ ওপৰত এৰি শিখাক ঘৰতে ৰাখিছে বিনা চিকিৎসাই। ৰাণা বৰিৰ দুৰ্ভগীয়া পৰিয়ালটোৰ দুখ তথা শিখাৰ কৰুণ জীৱন গাঁথাৰ বিষয়ে জানি বা শুনি যেন কোনো হৃদয়ৱান লোকে থমকিব নোৱাৰিব। লগে লগে গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ ছেত্ৰী আৰু সাংগঠনিক সম্পাদক ৰুদ্ৰ ছেত্ৰীয়ে পিতৃ-মাতৃক শিখাৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে।

    উল্লেখযোগ্য যোগ্য যে যোৱা বৰ্ষৰ জুলাই মাহৰ পৰা গুৱাহাটী মেডিকেল কলেজ  হস্পিতালৰ নিউৰ’ বিভাগৰ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি শিখাৰ স্বাস্থ্য কিছু উন্নত হৈছে। কিন্তু তিনিমাহৰ মূৰে মূৰে পুনৰ যি স্বাস্থ্য পৰীক্ষা কৰাব লাগে টকাৰ অভাৱত এইয়া সম্ভৱ হোৱা নাই। গোলাঘাট জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তত্বাৱধানত উপযুক্ত চিকিৎসা পালে আকৌ সুস্থ হৈ উঠাৰ যি পূৰ্ণ সম্ভাৱনা আছে। ইপিনে শিখাৰ চিকিৎসাৰ কাৰণে সকলো হৃদয়ৱান লোকৰ পৰা সহায় বিচাৰিছে পিতৃয়ে।কোনো সদাশয় লোকে শিখাৰ চিকিৎসাৰ কাৰণে অৰ্থ সহায় কৰিব বিচাৰে তেতিয়া পিতৃৰ ৰাণা বৰিৰ নামত অসম গ্ৰামীণ বিকাশ বেংকৰ মহুৰামুখ শাখাত থকা একাউণ্ট নং 7226029000825, IFSC-UTBI0RRBAGB নম্বৰ যোগে অথবা ৯৮৬৪৯১৪২৯৮ আৰু ৯৪০১৩৪৪৩১২ মবাইল নম্বৰত যোগ যোগ কৰি সহায় কৰিব পাৰিব।

You might also like