নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমলপুৰ সমষ্টিত বিশিষ্ট সমাজকৰ্মী লক্ষী গোস্বামীৰ মহানুভবতা

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ মাৰাত্মক নভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লক ডাউন বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত বহু পৰিয়ালৰ নানান সমস্যা সৃষ্টি হৈছে। প্রথম পৰ্যায়ৰ লক ডাউনৰ সময়ত বহু লোকে সহায় কৰাৰ বাবে ওলাই আহি সকলোকে খাদ্য সামগ্রী সহায় কৰা পৰিলক্ষিত হয়। লক ডাউনৰ সময়ত দিন হাজিৰা কৰি পেট প্ৰৱৰ্তোৱাৰ লোকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ পৰিলক্ষিত হৈছে। বহুতে খোৱা ভাত মুঠিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। চৰকাৰৰে চাউল মুঠিৰ বাহিৰে বেলেগ একো যোগান ধৰিব নোৱাৰাত পৰিয়াল সমূহত হাহাকাৰৰ সৃষ্টি হৈছে। লক ডাউন সময়ছোৱাত দোকান বন্ধ হৈ থকাত শিশু সকলৰ বাবে লাগতিয়াল খাদ্য নোপোৱা হৈছে।

    এনে অৱস্থাত অসম চৰকাৰৰ আবেদনৰ প্ৰতি সঁহাৰি জনায় ভিন্ন জন ব্যক্তিয়ে আৰ্তজনৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে। তলা বন্ধৰ প্ৰতিকূল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পেটৰ ভোকত কষ্ট কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্রথম পৰ্যায়ৰ পিছত আজি দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত কমলপুৰ সমষ্টিৰ বৰগাৱৰ বিশিষ্ট সমাজকৰ্মী ব্যৱসায়ী লক্ষী গোস্বামীয়ে সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ তিনি শতাধিক পৰিয়ালক খাদ্য সামগ্রী আৰু শতাধিক পৰিয়ালক আৰ্থিক ভাৱে সহায় আগবঢ়াই। কমলপুৰ সমষ্টিৰ পঞ্চায়ত সমূহৰ অন্তৰ্গত বৰগাও, বিহদিয়া, মুক্তাপুৰ, বৰখৰিকটা তুলামাটি, সাহান, পাত্ৰপুৰ, খৰিকটা,হালধা, তিত্কুছি, তলপিঝাৰ আদি কেইবাখনো গাঁৱৰ দিন হাজিৰা কৰা, প্ৰতিবন্ধী লোক, শ্ৰমিক, ৰুগীয়া আদি পৰিয়ালৰ প্ৰয়োজনীয় খাদ্য সামগ্রী ক্ৰয় কৰিবলৈ সক্ষম নহয় তেনে পৰিয়ালৰ গৃহত উপস্থিত হৈ লক্ষী গোস্বামীয়ে চাউল, আলু, চেনী, পিঁয়াজ, বিস্কুট, নিমখ, চাবোন, চয়াবিন, মিঠাতেল, আটা আদি কেইবাবিধো খাদ্য সামগ্রী বিতৰণ কৰে। সামাজিক দুৰত্ব বৰ্তাই ৰাখি সম্পূর্ণ নিয়মানুবর্তিতাৰে খাদ্য সামগ্রী সমূহ দৰিদ্ৰ জনসাধাৰণৰ মাজত বিতৰণ কৰাত লক্ষী গোস্বামীৰ পদক্ষেপক মহানুভবতাৰ শলাগ লয়। গোস্বামীয়ে সকলোকে চৰকাৰৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনায়। সকলোকে মাস্ক পৰিধান কৰিব দিয়াৰ লগতে বাহিৰ ওলাই নাহি পৰিস্কাৰ পৰিচ্ছন্নতাৰে নিজৰ ঘৰৰ ভিতৰত থাকিবলৈ আহ্বান জনায়। আনহাতে বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে সমষ্টিটোৰ সকলো ধৰ্মাৱলম্বী লোকক আগৰৰে পৰা সহায় সহযোগিতা আগবঢ়াই অহাৰ লগতে এই সংকটৰ সময়ত শতাধিক পৰিয়ালক নগদ ধনৰে সহায় কৰে। ইফালে ক’ভিড ১৯ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপক প্ৰতি সঁহাৰি জনায় অসম আৰোগ্য নিধিলৈ যোৱা কালি সন্ধিয়া গুৱাহাটী মহানগৰীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্য্যালয়ত স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত পঞ্চাশ হাজাৰ টকাৰ চেক প্রদান কৰে। বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে কমলপুৰ সমষ্টিত লোৱা পদক্ষেপক সকলোৱে প্ৰশংসা কৰে আৰু গোস্বামীয়ে সংকটৰ সময়ত পিছলৈ সহায় কৰাৰ আশ্বাস দিয়ে।

You might also like