ছয়গাঁৱত বিনামূলীয়া চাউল বিতৰণ কৰিলে ৰেকিব আৰু কমলাই
নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ অসম চৰকাৰে ঘোষণা কৰা অনুসৰি ৰেচন কাৰ্ড নোহোৱা দুখীয়া লোক সকলক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দিবলগীয়া বিনামূলীয়া চাউল বিতৰণ প্ৰক্ৰিয়াৰ আজি ছয়গাঁও বিধান সভা সমষ্টিৰ নিজৰ সমষ্টিত শুভ উদ্বোধন কৰে । ছয়গাঁৱৰ ৰাজহ বিষয়া ডঃ প্ৰীতিলেখা ডেকা আৰু ভালে সংখ্যাক পঞ্চায়ত প্ৰতিনিধি তথা চৰকাৰী বিষয়াক লগত লৈ বিধায়ক ৰেকিবুদ্দিন আহমেদে কেবাটাও পঞ্চায়ত কাৰ্যালয়ত পৰিদৰ্শন কৰি নিজ হাতে বিতৰণ কৰে । আনহাতে, ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা ডাঃ কমলা কলিতাই কেইবাখনো পঞ্চায়তত চাউল বিতৰণ কৰে । এনে সময়ত দূৰ্গত লোকৰ কাষত থিয় হৈ ৰাজনীতি নকৰি সহায়ৰ হাতখন আগবঢ়াবলৈ আহ্বান জনালে বিধায়ক ৰেকিবুদ্দিন আহমেদে ।