নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি মাজুলীত ৰাষ্ট্রীয় বেংক–এটিএম নথকাৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি

নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ লকডাউন চলি থকাৰ মাজতে বিগত কেইটামান দিনত চৰকাৰী বিভিন্ন আঁচনিৰ টকা উলিয়াবলৈ মাজুলীৰ বেংক আৰু চিএছপিসমূহত গ্রাহকসকলৰ অভাৱনীয় ভিৰ৷ বিশেষকৈ উজনি মাজুলীৰ নতুন বজাৰস্থিত অসম গ্রামীণ বিকাশ বেংক আৰু বেংকটোৰ অন্তর্গত গ্রাহক সেৱা কেন্দ্রসমূহত বিভিন্ন প্রান্তৰ গ্রাহকসকলে টকা উলিয়াবলৈ পুৱাৰে পৰা ভিৰ কৰা দেখা যায়৷ বেংকলৈ অহা লোকসকলে সামাজিক দূৰত্ব বজাই ৰখা দূৰৈৰে কথা টকা উলিয়াবলৈ হেতা–ওপৰা কৰাহে পৰিলক্ষিত হৈছে৷
এইক্ষেত্রত নতুন বজাৰ আৰক্ষীয়ে গ্রাহকসকলক সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে এক মিটাৰ ব্যৱধানত সকলোকে শাৰী পাতিবলৈ বাধ্য কৰাইছে৷ ইফালে লকডাউনৰ মাজতে দিনকদিনে বেংকটোত আৰু গ্রাহক সেৱা কেন্দ্রসমূহত গ্রাহকসকলৰ সামাজিক দূৰত্বৰ প্রতি অসচেতনতা আৰু অভাৱনীয় ভিৰে সচেতন মহলক চিন্তিত কৰি তুলিছে৷ আনহাতে অঞ্চলটোত এটি এম আৰু ৰাষ্ট্রীয়কৃত বেংক নথকাৰ বাবেও উজনি মাজুলীৰ আঠখন পঞ্চায়ত আৰু ঢকুৱাখনা মহকুমাৰ কুৰিখনৰো অধিক গাঁৱৰ জনসাধাৰণৰ বিত্তীয় লেনদেনৰ একমাত্র প্রতিষ্ঠান নতুন বজাৰস্থিত অসম গ্রামীণ বিকাশ বেংক আৰু ইয়াৰ গ্রাহক সেৱা কেন্দ্র সমূহত এনেধৰণৰ অভাৱনীয় ভিৰ হোৱা বুলি বিভিন্নজনে মন্তব্য কৰিছে৷
তাৎপর্যপূর্ণ কথাটো হ’ল যে মাজুলীৰ চৰকাৰী কর্মচাৰীসকলৰ অধিকাংশ কর্মচাৰীৰে দৰমহা কমলাবাৰিস্থিত ইউ বি আই বেংকত হয়৷ প্রতিমাহে উজনি মাজুলীৰ চৰকাৰী কর্মচাৰীসকলে প্রায় ৪০–৪৫ কিলোমিটাৰ বাটকুৰি বাই দৰমহাৰ টকা আনি আছিল যদিও লকডাউনৰ বাবে কর্মচাৰীসকলে টকা উলিয়াব নোৱাৰাত বহু কর্মচাৰীৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে৷ ইফালে কিছু কর্মচাৰীয়ে দৰমহাৰ টকা উলিয়াবলৈ গৈ লকডাউন ভংগৰ অপৰাধত জৰিমনা ভৰিব লগা হৈছে বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি উজনি মাজুলীত ৰাষ্ট্রীয়কৃত বেংক আৰু এটি এম স্থাপনৰ বাবে চৰকাৰ আৰু জিলা প্রশাসনক স্থানীয় জনসাধাৰণ, বিভিন্ন দল–সংগঠনে দাবী জনাই আহিছে যদিও বর্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই ৷ আনহাতে লকডাউনৰ বাবে উজনি মাজুলীৰ গ্রাহকসকলৰ সুবিধাৰ বাবে জিলা প্রশাসন কিম্বা বেংক কর্তৃপক্ষই ভ্রাম্যমাণ এটি এমৰ ব্যৱস্থা কৰা নাই ৷

You might also like