নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীসক ঐকান্তিক প্রচেষ্টা, অক্লান্ত শ্রম আৰু জনসাধাৰণৰ সহযোগিতাৰ বাবে ৰাজ্যখনত ক’ৰোনা একপ্রকাৰ নিয়ন্ত্রিত অৱস্থাত আছে ৷ ইতিমধ্যে ক’ৰোনাত আক্রান্তসকল কোৱাৰেণ্টাইন অৱস্থাতে চিনাক্ত হোৱাৰ পৰিপ্রেক্ষিতত তেওঁলোক সামাজিক সংস্পর্শলৈ যাবলৈ নাপালে ৷ ইয়াৰ ফলত ভয়ানক সংক্রমণৰ পৰা অসম ৰক্ষা পৰে ৷ ৰাজ্যখনৰ বাবে এয়া একপ্রকাৰ আশাৰ বতৰা বুলিব পাৰি ৷ অৱশ্যে স্বয়ং স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইয়াক সাময়িক সকাহ বুলি অভিহিত কৰিছে ৷ কিয়নো চুবুৰীয়া ৰাজ্য পশ্চিমবংগক লৈহে অধিক শংকিত হ’ব লগা হৈছে অসম চৰকাৰ ৷ বিশেষকৈ লকডাউন প্রত্যাহাৰৰ পাছত বা আন্তঃৰাজ্যিক যোগাযোগ ব্যৱস্থা মুকলিৰ পাছত উদ্ভৱ হ’ব পৰা পৰিস্থিতিক লৈ অসম চৰকাৰ চিন্তিত হৈ পৰিছে ৷ ৰাজ্য চৰকাৰৰ এই শংকা স্বয়ং স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভাষ্যতে প্রকাশ পাইছে ৷
শনিবাৰে ধুবুৰী জিলা ভ্রমণকালত মন্ত্রী ড০ শর্মাই সাংবাদিকৰ আগত কয় যে পশ্চিমবংগত এতিয়ালৈ ৫০০তকৈ অধিক ক’ৰোনা পজিটিভ লোক আছে ৷ আশংকা কৰা হৈছে চুবুৰীয়া ৰাজ্যখনত আৰু অধিক ক’ৰোনা পজিটিভত আক্রান্ত লোক লুকাই থাকিব পাৰে ৷ সেয়ে ভৱিষ্যতে চুবুৰীয়া ৰাজ্যখনৰ গাতে লাগি থকা ধুবুৰী, কোকৰাঝাৰ জিলাত অধিক হেঁচা পৰাৰ আশংকা কৰা হৈছে৷ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে বক্সিৰহাট আৰু শ্রীৰামপুৰত বিশাল কোৱাৰেণ্টাইন কেন্দ্র স্থাপনৰ ব্যৱস্থা লোৱা হৈছে৷ বক্সিৰহাটৰ হালাকুৰাত ৩০০, ছাগলীয়াত ৭০০ আৰু শ্রীৰামপুৰৰ সাই ষ্টেডিয়ামত ১,০০০জনক ৰাখিব পৰাকৈ কোৱাৰেণ্টাইন কেন্দ্র স্থাপনৰ ব্যৱস্থা কৰা হৈছে৷ অহা ৩ মে’ৰ আগতে সেই কোৱাৰেণ্টাইন কেন্দ্র সম্পূর্ণ হৈ উঠিব বুলি মন্ত্রীজনে আশা প্রকাশ কৰে৷ প্রয়োজনত ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ আন আন স্থানতো কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰা হ’ব৷ মন্ত্রী ড০ শর্মাই কয় যে লকডাউন প্রত্যাহাৰৰ পাছত বা আন্তঃৰাজ্যিক যোগাযোগ ব্যৱস্থা মুকলি হোৱাৰ পাছত দেশৰ ভিন্ন প্রান্তত আবদ্ধ হৈ থকা অসমৰ লোকসকল গৃহ অভিমুখে ৰাওনা হ’ব৷ স্থলপথযোগে আহিব লগা অসমৰ সেইসকল লোককো বক্সিৰহাট, শ্রীৰামপুৰৰ কোৱাৰেণ্টাইন কেন্দ্রত ৰখাৰ ব্যৱস্থা কৰা হ’ব৷ মুঠতে স্থলপথেৰে ৰাজ্যখনত প্রৱেশদ্বাৰ ৰূপে চিহ্ণিত বক্সিৰহাট, শ্রীৰামপুৰতে স্বাস্থ্য বিভাগে দ্বিতীয় পর্যায়ৰ ক’ৰোনা প্রতিৰোধৰ বাবে যাৱতীয় পদক্ষেপ গ্রহণ কৰিছে ৷