নিয়মীয়া বার্তা, ২৬ এপ্রিলঃ ফেচবুকত আপত্তিজনক পোষ্ট দিয়া বঙাইগাঁও জিলাৰ যুৱ কংগ্রেছৰ সম্পাদক কোকিলাৰ ইমৰান হুছেইন খানক আৰক্ষীয়ে শনিবাৰে গ্রেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে, দীর্ঘদিন ধৰি ইমৰান হুছেইন খানে ফেচবুকত প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু বিজেপিৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি আহিছিল ৷ আনকি বিজেপি দলৰ পতাকা শৌচাগাৰৰ পর্দা বনাই ফটো ফেচবুকত দিছিল ৷ এই সন্দর্ভত চলন্তাপাৰাৰ সমাজকর্মী, বিজেপি নেতা টিকেন কলিতাই যোগীঘোপা থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত অভয়াপুৰী আৰক্ষীয়ে আজি ইমৰান হুছেইন খানক গ্রেপ্তাৰ কৰে ৷