নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যপালৰ হাতলৈ নিয়ক বিটিচিৰ শাসনভাৰ

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ সমগ্র দেশৰ লগতে অসমতো ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা ভয়াৱহ পৰিৱেশৰ পৰিপ্রেক্ষিতত স্থগিত ৰখা বিটিচি নির্বাচনৰ বাবে সাংবিধানিক সংকট সৃষ্টি হৈছে ষষ্ঠ অনুসূচীৰ অন্তর্গত সমগ্র বড়োভূমিত৷ এনে অৱস্থাত বি টি এ ডিৰ শাসনৰ দায়িত্বত থকা হাগ্রামা মহিলাৰী নেতৃত্বাধীন পৰিষদখনৰ কার্যকাল বৃদ্ধিৰ চর্চা চলিছিল যদিও ইয়াৰ তীব্র বিৰোধিতা কৰিছে ৰাজ্যিক বিজেপিয়ে৷

শনিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এই কথা স্পষ্ট কৰি হাগ্রামা মহিলাৰীৰ কার্যকাল বৃদ্ধি কৰাৰ বিপৰীতে বি টি এ ডিৰ শাসনভাৰ ৰাজ্যপালৰ হাতলৈ নিয়াৰহে দাবী তোলে৷ দিছপুৰৰ চৰকাৰী বাসভৱনত  এখন সংবাদ মেলৰ আয়োজন কৰি সভাপতি ৰঞ্জিত কুমাৰ দাসে কয়– বিশেষ পৰিৱেশ, পৰিস্থিতিত সংবিধানৰ ষষ্ঠ অনুসূচীৰ পৰিষদসমূহৰ কার্যকাল বৃদ্ধি কৰিব পৰাৰ ব্যৱস্থা আছে যদিও ইতিমধ্যে বিটিচিৰ নির্বাচন ঘোষণাৰ পৰিপ্রেক্ষিতত বড়ো স্বায়ত্তশাসিত পৰিষদৰ কার্যকাল বৃদ্ধি কৰাৰ পৰিৱর্তে নির্বাচন অনুষ্ঠিত নোহোৱালৈকে ৰাজ্যপালক বিশেষাধিকাৰ প্রয়োগ কৰি বি টি এ ডিৰ শাসনভাৰ নিজৰ হাতলৈ নিবলৈ আমি আহ্বান জনাইছোঁ৷

উল্লেখ্য যে ক’ভিড–১৯ ৰ পৰিপ্রেক্ষিতত দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে বিটিচিৰ নির্বাচন অনির্দিষ্টকাললৈ স্থগিত হোৱাটো নিশ্চিত হৈ পৰাৰ পাছতে বি টি এ ডিৰ শাসনভাৰ যাতে ৰাজ্যপালৰ হাতলৈ নিয়া হয়, তাৰ বাবে বিশেষভাৱে তৎপৰ হৈছিল ৰাজ্যিক বিজেপি৷ এই উদ্দেশ্যে যোৱা ১৬ এপ্রিলত সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত দলৰ তিনি সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সাংসদ দিলীপ শইকীয়া আৰু পুলক গোহাঁয়ে ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি হাগ্রামা মহিলাৰীৰ কার্যকাল বৃদ্ধি নকৰিবলৈ অনুৰোধ জনোৱাৰ লগতে বি টি এ ডিৰ শাসনৰ দায়িত্ব নিজৰ হাতলৈ নিবলৈ অনুৰোধ জনাইছিল৷

ৰাজ্যিক বিজেপিৰ এনে দাবী তথা অনুৰোধৰ বিপৰীতে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে ২৭ এপ্রিলৰ পাছতো যাতে বি টি এ ডিৰ শাসনৰ দায়িত্ব চলাই নিব পাৰে, তাৰ বাবে কার্যকাল বৃদ্ধিৰ বাবে এক প্রস্তাৱ ৰাজ্যপালৰ লগতে চৰকাৰৰ ওচৰতো দাখিল কৰিছিল৷ বিশেষকৈ অহা ছমাহলৈ কার্যকাল বৃদ্ধি কৰি পৰৱর্তী নির্বাচনৰ সময়লৈ যাতে ক্ষমতাত থাকিব পাৰে, তাৰ বাবে তৎপৰ হৈছিল হাগ্রামা মহিলাৰী৷ কিন্তু বি টি এ ডিত বিজেপিৰ খোপনি অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে কুচকাৱাজ অব্যাহত ৰখা ৰাজ্যিক বিজেপিয়ে হাগ্রামা মহিলাৰীৰ কার্যকাল বৃদ্ধিৰ পূর্ণ বিৰোধিতা কৰে৷  সভাপতি ৰঞ্জিত দাসে উল্লেখ কৰে যে নির্বাচন ঘোষণা নোহোৱাত সাধাৰণ অৱস্থাত বিটিচিৰ কার্যকাল সম্প্রসাৰণৰ সাংবিধানিক ব্যৱস্থা আছে যদিও বিটিচিত ইতিমধ্যে নির্বাচনী অধিসূচনা জাৰি হৈ কেৱল ভোটগ্রহণহে বাকী আছিল৷ ইয়াৰ পৰিপ্রেক্ষিতত হাগ্রামা মহিলাৰীৰ শাসনৰ কার্যকাল বৃদ্ধি কৰাৰ পৰিৱর্তে ৰাজ্যপালে পৰিষদীয় এলেকাৰ দায়িত্ব গ্রহণ কৰিলে সমগ্র অঞ্চলটোৰ জনসাধাৰণ বিশেষভাৱে লাভান্বিত হ’ব৷

ইতিমধ্যে ৰাজ্যপালৰ ওচৰত উত্থাপন কৰা বিষয়টোৰ ক্ষেত্রত ইতিবাচক পদক্ষেপ গ্রহণ কৰিব বুলি জগদীশ মুখীয়ে সভাপতি ৰঞ্জিত দাসক অৱগত কৰিছে৷ মন কৰিবলগীয়া যে বিটিচি নির্বাচনত এককভাৱে অৱতীর্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল বিজেপিয়ে৷ ইফালে অহা ২৭ এপ্রিলত বিটিচি চৰকাৰৰ কার্যকাল উকলি যাব লগা বিষয়টো সন্দর্ভত নিখিল বড়ো ছাত্র সন্থাই (এবছু) কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহলৈ এখন স্মাৰক–পত্র প্রেৰণ কৰি বি টি এ ডিত এজন সুদক্ষ প্রশাসক নিয়োগৰ দাবী তোলে৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই সন্দর্ভত উল্লেখ কৰে যে ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত যিহেতু বর্তমান সময়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই, সেয়েহে বি টি এ ডিৰ শাসনৰ দায়িত্ব ৰাজ্যপালে গ্রহণ কৰি এজন দক্ষ প্রশাসকক বি টি এ ডিত নিয়োগ কৰিব লাগে৷ যাৰ দ্বাৰা সমগ্র বি টি এ ডিত সকলো জনসাধাৰণে সম–ধিকাৰ লাভ কৰে৷

You might also like