নিয়মীয়া বার্তা, ২৬ এপ্রিলঃ কলিয়াবৰৰ জাতীয় জীৱনৰ মহীৰূহ বিশিষ্ট গল্পকাৰ, সাহিত্যিক কুসুম বৰা (৮২) আৰু নাই ৷ নগাঁও জিলাৰ কলিয়াবৰৰ হাটবৰৰ বাসিন্দা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমাজকর্মী কুসুম বৰাৰ শুকুৰবাৰে নিশা নিজা বাসভৱনত মৃত্যু হয় ৷ আজি কিছুদিন ধৰি বৃক্কজনিত ৰোগত আক্রান্ত হৈ থকা কুসুম বৰা তিনিদিনৰ পূর্বে তেজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও শুকুৰবাৰে তেওঁক নিজা বাসগৃহলৈ লৈ অনা হয় ৷ ১৯৩৮ চনত হাটবৰত জন্মগ্রহণ কৰা কুসুম বৰাই প্রাথমিক শিক্ষা কলিয়াবৰৰ হাটবৰত গ্রহণ কৰিছিল ৷ ১৯৬২ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰি আহিয়েই কুঁৱৰীটোল হাইস্কুলত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল ৷ এগৰাকী কৃতী শিক্ষক হিচাপে খ্যাতি লাভ কৰা কুসুম বৰাই সেই বিদ্যালয়ৰ পৰাই ১৯৯৬ চনত অৱসৰ গ্রহণ কৰে ৷ ৬০ দশকৰ পৰাই সাহিত্য চর্চা আৰম্ভ কৰা কুসুম বৰাই কেইবাখনো গল্প প্রকাশ কৰি অসমৰ সাহিত্য জগতলৈ বিশেষ বৰঙণি আগবঢ়াই আহিছিল ৷ ১৯৫৯ চনত তেওঁৰ ‘দুঃশাসন’ নামৰ প্রথম গল্প প্রকাশ পায় ৷ এই সময়ছোৱাৰ পৰা সাহিত্য চর্চা আৰম্ভ কৰা কুসুম বৰাই ৰামধেনু ,অসমবাণী আদিত গল্প, প্রবন্ধ, কবিতা লিখি সমাদৰ লাভ কৰিছিল ৷
ইয়াৰ উপৰি সেইসময়ৰ পৰা সাহিত্য চর্চা অব্যাহত ৰখা বৰাই ১৯৭০ চনত ‘মোৰ নতুন কইনা’ নামৰ গল্প কিতাপখন প্রকাশ কৰি উলিয়াইছিল৷ ইয়াৰ উপৰি ‘দামোদৰৰ উইল’, ‘অমৃত’, ‘বিহু ডট কম’, মোৰ নতুন কইনাৰ দ্বিতীয় সংস্কৰণ, চেনেল আদি গল্প কিতাপ প্রকাশ কৰিছিল৷ তেওঁৰ চেনেল, আকৌ ভেজাল সিং, আৰু এক অহল্যা, তেজীমলাৰ লাউ আদি গল্প অধিক জনপ্রিয় আছিল৷ ২০১৫ চনত কলিয়াবৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত কুসুম বৰাৰ এশ এটা গল্প নামৰ গল্প সংকলন প্রকাশ কৰা হৈছিল৷ তদুপৰি তেওঁ নাট্য চর্চাও কৰিছিল৷ তেওঁৰ একাংকিকা নাটসমূহৰ ভিতৰত ‘ফাদাৰ এণ্ড ছন্স কোম্পানী’ ‘হেৰা পোৱা নট’, লটাৰী, মৰমী প্রজা অন্যতম৷ তেওঁৰ পূর্ণাংগ নাট হ’ল ‘ আকৌ শৰাইঘাট’, হেৰুৱা দিগন্তৰ মায়া৷ উল্লেখ্য যে অসম সাহিত্য সভাৰ বৰদুমচা অধিৱেশনত সাহিত্যিকগৰাকীক বিশেষভাৱে সম্বর্ধনা জনোৱাৰ লগতে ২০২০ চনত নগাঁও জিলা সাহিত্য সভাৰ অধিৱেশনত নগাঁও জিলা সাহিত্য সভাৰ শ্রেষ্ঠ সাহিত্য বঁটা প্রদান কৰা হয়৷ তেওঁ ৰচনা কৰা ‘এইখন কলিয়াবৰ’ শীর্ষক গীতটিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই কণ্ঠদান কৰিছিল ৷
তেওঁ ২০১০–১৩ বর্ষত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতিৰ দায়িত্বত আছিল৷ তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে শনিবাৰে পুৱা কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক মৃণাল হাজৰিকা, কলিয়াবৰ কেন্দ্রীয় ছাত্র সন্থাৰ মৃগাংক শেখৰ ভৰালী বৰুৱা, যুৱ–ছাত্র পৰিষদৰ প্রদীপ লস্কৰ, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি হেমোধৰ হাজৰিকা, সমাজকর্মী ৰবীন ভূঞা, মণিমাধৱ মহন্ত, বুবুল বৰা , অৰবিন্দ বৰগোহঁাই আদিকে ধৰি কলিয়াবৰ প্রেছ ক্লাবৰ সদস্যসকলকে ধৰি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান গুণমুগ্ধই শেষ শ্রদ্ধা জনায়৷ ৰঙাজিয়াৰ কবি প্রসিদ্ধ সাহিত্যিক প্রয়াত মহিম বৰাৰ কনিষ্ঠ ভাতৃ কুসুম বৰাৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্রকাশ কৰে৷ এক শোকবার্তাত সভাৰ প্রধান সম্পাদক যাদৱ শর্মাই কয়, ‘কুসুম বৰা এগৰাকী উচ্চ মানৰ গল্পকাৰ আছিল ৷
তেওঁৰ মৃত্যু অসমৰ সাহিত্য ক্ষেত্রখনৰ বাবে অপূৰণীয় ক্ষতি৷’ সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে এক শোকবার্তাত কয়, ‘কুসুম বৰা মোৰ পৰম সুহূদ আছিল তেওঁৰ মৃত্যুৰ বাতৰি পাই মই অতিশয় মর্মাহত হৈছোঁ৷ কুসুম বৰাৰ দৰে গল্পকাৰৰ মৃত্যু আমাৰ বাবে এক পূৰণ কৰিব নোৱাৰা ক্ষতি ৷’ জলসম্পদমন্ত্রী কেশৱ মহন্তই বৰাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি কয় , ‘তেওঁ মোৰ পৰম হিতৈষী আছিল৷ তেওঁৰ মৃত্যুৱে মোক ব্যথিত কৰি তুলিছে৷’ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল মহন্তই কয়,’ গল্পৰ জৰিয়তে হঁাহিৰ থুনপাক যোগাব পৰাটো কুসুম বৰাৰ এক মহৎ গুণ আছিল৷ তেওঁৰ মৃত্যু অসমীয়া সাহিত্য ক্ষেত্রখনৰ বাবে এক অপূৰণীয় ক্ষতি৷’ নগাঁৱৰ বিধায়ক ৰূপক শর্মা, প্রাক্তন মন্ত্রী গিৰীন্দ্র কুমাৰ বৰুৱা, নগাঁৱৰ প্রাক্তন অতিৰিক্ত উপায়ুক্ত প্রদীপ ৰাজখোৱা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱা, অসম কবি সন্মিলন, নগাঁও জিলা সাহিত্য সভা , অসম হাইস্কুল শিক্ষক সন্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান ব্যক্তিয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ৷