নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুলাইৰ পৰিৱর্তে ছেপ্টেম্বৰৰ পৰা শিক্ষাবর্ষ আৰম্ভ কৰাৰ পোষকতা

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত দেশজুৰি বন্ধ হৈ থকা বিশ্ববিদ্যালয়–মহাব্ পুনৰ মুকলি কৰাৰ ক্ষেত্রত কেতবোৰ গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়াইছে বিশ্ববিদ্যালয় অনুদান আয়োগে গঠন কৰা দুখন বিশেষ সমিতিয়ে৷ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক লোকচান আৰু অনলাইন শিক্ষা ব্যৱস্থা সন্দর্ভত দুয়োখন সমিতিয়ে আগবঢ়োৱা পৰামর্শ সম্প্রতি চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ শীঘ্রে এই সন্দর্ভত আনুষ্ঠানিক নির্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে মহামাৰীৰ সময়ছোৱাত দেশৰ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ ইউ জি চিয়ে হাৰিয়ানা বিশ্ববিদ্যালয়ৰ উপাচার্য আৰ চি কুহাদ আৰু ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুক্ত বিশ্ববিদ্যালয়ৰ উপাচার্য নাগেশ্বৰ ৰাওৰ নেতৃত্বত দুখন বিশেষ সমিতি গঠন কৰি দিছিল৷ দুয়োখন সমিতিয়ে পৃথকে পৃথকে নিজৰ প্রতিবেদন দাখিল কৰে৷ আৰ চি কুহাদ নেতৃত্বাধীন সমিতিখনে দেশৰ পৰৱর্তী শিক্ষাবর্ষ জুলাইৰ পৰিৱর্তে ছেপ্ঢেম্বৰৰ পৰা আৰম্ভ কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ আনহাতে, নাগেশ্বৰ ৰাও নেতৃত্বাধীন সমিতিখনে যিসমূহ বিশ্ববিদ্যালয়–মহাব্ সম্ভৱ, তাত অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে৷ কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ে প্রকাশ কৰা মতে, সমিতিৰ প্রতিবেদন দুখন সম্প্রতি বিবেচনাৰ পর্যায়ত আছে৷ পৰৱর্তী সপ্তাহত আনুষ্ঠানিক নির্দেশ প্রদান কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে মার্চ মাহৰ মাজভাগৰ পৰাই দেশৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ হৈ আছে৷ বহুকেইখন বিশ্ববিদ্যালয়ত ষাণ্মাসিক পৰীক্ষা চলি আছিল যদিও সকলো পৰীক্ষা শেহতীয়া পৰিস্থিতিৰ বাবে স্থগিত ৰখা হৈছে৷ চি বি এছ ইৰো দ্বাদশ শ্রেণীৰ কেইবাটাও বিষয়ৰ পৰীক্ষা এতিয়াও অনুষ্ঠিত হ’বলৈ বাকী আছে৷ এনে এক সময়ত ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ সমান্তৰালভাৱে কেনেদৰে শৈক্ষিক কার্যসূচীও আগবঢ়াই নিব পাৰি, সেই সন্দর্ভত ইউ জি চিয়ে গঠন কৰা সমিতিৰ পৰামর্শৰ ভিত্তিত শৈক্ষিক কেলেণ্ডাৰ প্রস্তুতৰ কাম অব্যাহত ৰাখিছে মানৱ সম্পদ মন্ত্রালয়ে৷

ইফালে, জুন মাহত চিকিৎসা বিজ্ঞানৰ প্রৱেশ পৰীক্ষা ‘নীট’ অনুষ্ঠিত কৰাৰ গুণাগঁথা চলি আছে যদিও ক’ৰোনাক লৈ অহা সময়ছোৱাত কেনে পৰিস্থিতিৰ উদ্ভৱ হয়, তাৰ প্রতি লক্ষ্য ৰাখিহে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণে কেৱল ভাৰতৰে নহয়, সমগ্র বিশ্বৰ শিক্ষা ব্যৱস্থাত অচলাৱস্থা সৃষ্টি কৰিছে৷ এই মাৰাত্মক ভাইৰাছৰ প্রতিষেধক আৱিষ্কাৰ নোহোৱা পর্যন্ত শ্রেণীকোঠাত ছাত্র–ছাত্রীসকলৰ উপস্থিতি বিপজ্জনক হৈ উঠিব পাৰে৷ বিশ্ববিদ্যালয়, মহাবিদ্যালয়সমূহৰ্ বেছিভাগতেই সামাজিক দূৰত্ব বজাই ৰাখি পাঠদান কৰিব পৰাৰ সুব্যৱস্থাও নাই৷ এনে পৰিস্থিতিত জুলাইৰ পৰিৱর্তে ছেপ্ঢেম্বৰৰ পৰা নতুন শিক্ষাবর্ষ আৰম্ভ কৰাৰ পৰামর্শ চৰকাৰে মানি লোৱাৰ সম্ভাৱনাই অধিক৷

You might also like