ৰেড জ’নত থকা ৫ জিলাত অব্যাহত থাকিব লক ডাউন
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদমেল। ৰেড জ’নত থকা ৫খন জিলা, গোলাঘাট, মৰিগাঁও, গোৱালপাৰা, ধুবুৰী, নলবাৰীত অব্যাহত থাকিব লক ডাউন। এই জিলাসমূহত নোখোলে কোনো দোকান-পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান। পূৰ্বৰ দৰেই এই জিলাসমূহত অব্যাহত থাকিব লক ডাউন।
আনহাতে ৰেড জ’নৰ সীমাত থকা গ্ৰীন অথবা অৰেঞ্জ জ’নৰ জিলাৰ সীমাৰ পৰা ৫কিঃমিঃলৈ বন্ধ থাকিব সকলো দোকান পোহাৰ। মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনাসমূহ।
গ্ৰীন জ’ন আৰু অৰেঞ্জ জ’নৰ জিলাসমূহ ৩ মে’ৰ পিছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ সম্ভাৱনা। পৰিস্থিতি স্বাভাৱিক হ’লেই সকলোবোৰ দোকান, ব্যক্তিগত প্ৰতিষ্ঠান খোলাৰ লগতে, ব্যক্তিগত বাহন চলাচলৰো সম্ভাৱনা।