নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত ৫০ সত্ৰ-নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অধীনত চেক বিতৰণ

বিশেষ বাৰ্তা, শুৱালকুছি, ১৪ জুন : শুৱালকুছি মণ্ডল বিজেপিৰ অন্তৰ্গত ৮ পঞ্চায়তৰ ৫০ সত্ৰ-নামঘৰলৈ অসম দৰ্শন আঁচনিৰ অধীনত ১.৫০ লাখ টকাৰ আজি চেক বিতৰণ কৰা হয়৷ এই উপলক্ষে শুৱালকুছি মণ্ডল বিজেপিৰ কাৰ্যালয়ত মণ্ডল বিজেপিৰ সভাপতি ধীৰাজ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি হাজো-শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উক্ত ধনৰাশিৰে আধ্যাত্মিক অনুষ্ঠান সত্ৰ-নামঘৰসমূহৰ উন্নতি সাধন কৰাৰ আহ্বান জনায়৷ কিয়নো আধ্যাত্মিক অনুষ্ঠানসমূহত জ্বলি থকা বন্তিয়ে অসমত শান্তি স্হাপনত সদায় মুখ্য ভূমিকা গ্ৰহণ কৰি আছে৷ আমাৰ প্ৰতিটো পৰিয়ালতে এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি ঘৰখনতো শান্তি প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে যত্নপৰ হোৱা উচিত৷

তেওঁ কয় যে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে আজি নতুন দিগন্তৰ সূচনা কৰিছে৷ আগত দিনত অসমৰ সৰ্বস্তৰৰ উন্নয়ন ৰাইজে ভালদৰে দেখা পাব৷ অসমৰ ৰাইজ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ নেতৃত্বত সকলো ফালে সুৰক্ষিত হৈ আছে আৰু আগলৈকে থাকিব বুলি দোহাৰে৷ সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অসম দৰ্শনৰ দায়িত্বত থকা বিষয়া কালিচৰণ সেনে সত্ৰ নামঘৰলৈ দিয়া সাহায্য সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সমিতিসমূহক আহ্বান জনায়৷ সভাত মণ্ডল বিজেপিৰ সম্পাদক মাণিক দাস, দুলু দাস, লাচিতগড় পঞ্চায়তৰ প্ৰদীপ দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সভাৰ আঁত ধৰে সম্পাদক মাণিক দাসে৷

You might also like