২ মে’লৈ বৃদ্ধি আন্তঃজিলা যাতায়াতৰ সময়সীমা
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ ৰাজ্যত আন্তঃজিলাৰ যাতায়াতৰ সময়সীমা ২ মে’লৈ বৃদ্ধি। লক ডাউন হোৱাৰ পৰিপ্ৰেক্ষিতত অন্য জিলাত আৱদ্ধ হৈ থকা বহু লোকে ১০৪ নম্বৰ যোগে ফোন কৰি পঞ্জীয়ন কৰিছিল আৰু বহুজনৰ বাতিল কৰা হৈছিল আৱেদন। বিগত ৩দিনত ২৭ হাজাৰ লোকক অসম পৰিবহন নিগমে যাতায়াতৰ সুবিধা প্ৰদান কৰিছে।
আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে পৰৱৰ্তী ২মে’লৈ বৃদ্ধি আন্তঃজিলাৰ যাতায়াত ব্যৱস্থা। সকলো লোকে নিজৰ গন্তব্য স্থানলৈ যাবৰ বাবে পুনৰ পঞ্জীয়ন কৰিব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।