নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজলগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত ১০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ

নিয়মীয়া বাৰ্তা, কাজলগাঁও, ২৭ এপ্ৰিলঃ সমগ্ৰ বিশ্ববাসীৰ মাজত আতংক হিচাপে দেখা দিয়া  ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আমাৰ দেশত চলি থকা লকডাউনৰ সময়ছোৱাত জনজীৱন স্তব্ধ হৈ পৰিছে । সকলো ঠাইৰে সৰ্বস্তৰৰ নাগৰিক কৰ্মহীন হৈ নিজ গৃহ তথা কৰ্মস্থলীত আবদ্ধ হৈ আছে । দৈনিক শ্ৰম কৰি দুবেলা দুঁসাজ খোৱা সকলক চৰকাৰী ভাৱে সাহায্য প্ৰদান কৰিছে । দীৰ্ঘ সময় ধৰি নিজকে গৃহবন্দী কৰিবলৈ বাধ্য হোৱা দিন মজুৰি কৰি জীয়াই থকা দৰিদ্ৰ সকলৰ বাবে অকল চৰকাৰী সাহায্য যথেষ্ট নহয় । সেই কথা উপলব্ধি কৰি স্থানীয় দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিছে কাজলগাঁও প্ৰেছ ক্লাব। বঙাইগাঁও শোধনাগাৰৰ সহযোগত কাজলগাঁও প্ৰেছ ক্লাবৰ সদস্য সকলে  চিৰাং আৰু বঙাইগাঁও জিলাৰ অন্তৰ্গত বৰপথাৰ, বৰতালোৱা, বান্দুগুৰি, বিলাসপুৰ, ছাতিপুৰ, হাতীপোতা, হাস্ৰাওবাৰী,  ঢালিগাঁৱকে ধৰি কেইবাখনো গাঁৱৰ ১০০ টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰি অকণমান সকাহ দিবলৈ প্ৰয়াস কৰে। আজিকে ধৰি যোৱা তিনিটা দিনত   চাউল, দাইল, সৰিয়হ তেল, ছয়াবীন, নিমখ, বিস্কুট, গাখীৰ, চাবোন, আলু, পিয়াঁজ আদি কৰি খাদ্য সামগ্ৰী সমূহ প্ৰেছ ক্লাবৰ সদস্য সকলে প্ৰস্তুত কৰা কৰ্মহীন তথা দৰিদ্ৰ লোকৰ তালিকা অনুসৰি প্ৰেছ ক্লাৱৰ চৌহদত লোক সকলৰ মাজত বিতৰণ কৰাৰ উপৰিও  উল্লিখিত গাঁৱৰ নিৰ্বাচিত  লোক সকলৰ ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী সমূহ  প্ৰদান কৰে।

You might also like