নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ লকডাউনৰ সুযোগ লৈ ৰাইডাংজুৰিৰ এখন দোকানত চুৰি কাৰ্য সংঘটিত কৰা দুটা কিশোৰক আজি নগাবাটৰ পানীখেতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ৰাইডাংজুৰিৰ বুবুল চুতীয়া নামৰ এজন যুৱকৰ দোকানত শনিবাৰে সন্ধিয়া ৪ নং তৰাণিৰ অভিজিত শইকীয়া (১৬) আৰু ৩ নং তৰাণিৰ প্ৰনৱজ্যোতি বৰাই (১৪) লুটপাত চলাই। অভিযুক্ত চোৰ দুটাই দোকানৰ পিছফালৰ বেৰা ভাঙি ভিতৰত সোমাই কেইবাটাও মোবাইল, মেম’ৰী কাৰ্ড, মোবাইলৰ চাৰ্জাৰ, চাৰ্জিং লেম্পকে ধৰি প্ৰায় চল্লিছ হাজাৰৰো অধিক মূল্যৰ সামগ্ৰী চুৰি কৰি নিয়ে। পিছদিনা চুৰি ঘটনাৰ সন্দৰ্ভত দোকানখনৰ গৰাকীৰ অৱগত হোৱাৰ লগে লগে পানীখেতি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীৰ সহযোগত ৰাইডাংজুৰিৰ কেইবাজনো যুৱকে গোপনে অনুসন্ধান চলাই কিশোৰকেইজনক জালত পেলোৱাৰ লগতে চুৰি হোৱা প্ৰায়খিনি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে আৰক্ষীয়ে দুই কিশোৰক ৫৯/২০২০ নং গোচৰৰ ৪৫৭/৩৮০ ধাৰাত জুভেনাইল আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰিছে।