ডিজিটেল ডেস্ক, ১৪ জুন : গোসাঁইগাঁৱৰ থাইচোৰগুৰিত পুৱতি নিশা বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। লোকজন থাইচোৰগুৰি গাঁও নিৱাসী তথা গাঁওবুঢ়া ৰত্নেশ্বৰ বসুমতাৰী বুলি চিনাক্ত কৰিছে।
নিশা খাদ্য বিচাৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতী খেদি দিওঁতে এই ঘটনা সংঘটিত হয়। বনাঞ্চললৈ খেদি দিয়া হাতীয়ে ওলোটাই চোঁচা লয় মানুহলৈ। তেনে সময়তে দৌৰিব নোৱাৰি পৰি যোৱা ৰত্নেশ্বৰ বসুমতাৰীক হাতীয়ে গচকি আক্ৰমণ কৰাত প্ৰাণহানি হয় লোকজনৰ।