নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ বিশ্বনাথ চাৰিআলিৰ সর্বত্র জনপ্রিয় ছাত্র নেতা তথা পাভৈ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ সোমবাৰে বিয়লি ৪.৩৮ বজাত গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত পৰলোকপ্রাপ্তি হয় ৷ ২৩ এপ্রিলৰ সন্ধিয়া সংঘটিত দুর্ঘটনাত গুৰুতৰভাৱে আহত অভিজিতক ততাতৈয়াকৈ গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত সংকটজনক অৱস্থাত ভর্তি কৰোৱা হৈছিল ৷ বিশ্বনাথ চাৰিআলিৰ পৰা উত্তৰে পাভৈৰ হাতীশাল গাঁৱৰ প্রদীপ শইকীয়াৰ পুত্র অভিজিৎ শইকীয়াই ২০১৮ চনতে পাভৈ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি হিচাপে দায়িত্ব গ্রহণ কৰি বর্তমানলৈকে বিতর্কহীনভাৱে জাতীয় স্বার্থত ৰাইজৰ পক্ষত অৱস্থান লৈ নিজৰ কর্তব্য সম্পাদন কৰি আহিছিল ৷ বর্তমান বিশ্বনাথ মহাবিদ্যালয়ৰ ভূগোল বিভাগত অনার্চসহ শিক্ষাগ্রহণ কৰি থকা অভিজিতে ২৩ এপ্রিলত অসম–ৰুণাচল প্রদেশ সীমান্তৰ ফুলবাৰী, সোণাজুলি, বালিডংগা আদি অঞ্চলৰ শতাধিক দৰিদ্র পৰিয়ালক সাহায্য বিতৰণৰ বাবে গৈছিল ৷ আছুৰ কেন্দ্রীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, বিশ্বনাথ জিলা ছাত্র সন্থাৰ সভাপতি বিক্রম বিকাশ বৰা, উপ–সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্র সন্থাৰ সম্পাদক জিণ্টু বৰা আৰু পাভৈ আঞ্চলিক ছাত্র সন্থাৰ কর্মকর্তাসহ আছুৰ দলটোৰ লগত অভিজিতে পুৱা ১০ মান বজাৰ পৰাই দুর্গম অঞ্চলটোৰ ঘৰে ঘৰে গৈ সাহায্য সামগ্রী বিতৰণ কৰি সন্ধিয়া ৫ বজাত উভতি আহিছিল ৷
নিজৰ বাইকখনেৰে গৃহলৈ উভতি অহাৰ পথত তিনিসুঁতিৰ নপমুৱাত হঠাৎ নিয়ন্ত্রণ হেৰুৱাই বাইকখনৰ পৰা পৰি যায় অভিজিৎ ৷ গুৰুতৰভাৱে আহত অভিজিতক সতীর্থসকলে ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলিৰ জে কে হাস্পতাললৈ আনে যদিও মগজুৰ অত্যধিক ৰক্তক্ষৰণ হোৱা ছাত্র নেতাজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰে চিকিৎসকে৷ উক্ত নিশাই অতি সংকটজনক অৱস্থাত জি এন আৰ চি হাস্পতালত ভর্তি কৰোৱা ছাত্র নেতাজনে ২৩ এপ্রিলৰ নিশাৰ পৰা আজি বিয়লি ৪.৩৮ বজালৈ মৃত্যুৰ স’তে কঠোৰ সংগ্রাম কৰি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৷
উদীয়মান যুৱক, জনপ্রিয় ছাত্র নেতা অভিজিতৰ অকাল বিয়োগত গভীৰ শোক প্রাকশ কৰিছে সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক নাথ, সম্পাদক লুৰিণজ্যোতি গগৈ, সহকাৰী সম্পাদক দুলদুল বৰকটকী, বিশ্বনাথ জিলা ছাত্র সন্থাৰ সভাপতি বিক্রম বিকাশ বৰা, বিশ্বনাথ চাৰিআলি প্রেছ ক্লাবৰ সম্পাদক বসন্ত বৰা, বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ কার্যকৰী সভাপতি নিৰঞ্জন হাজৰিকা, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ বিশ্বনাথ জিলা আৰু বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতি, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্র সন্থা, বিশ্বনাথ জিলা গোর্খা ছাত্র সন্থা, বিশ্বনাথ জিলা আটছা, উত্তৰ চাৰিআলি সন্মিলিত মঞ্চসহ কেইবাটাও দল–সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে৷ ইফালে, অভিজিতৰ নশ্বৰদেহ কাইলৈ পাভৈৰ স্ব–গৃহলৈ অনা হ’ব৷ সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বিবৃতিত কয়– ‘ছাত্র সন্থাই এগৰাকী নিষ্ঠাৱান সংগ্রামী সতীর্থ হেৰুৱালে৷ ৰাজ্যজুৰি চলি থকা বিশেষ সাহায্য অভিযানৰ অংশস্বৰূপে পাভৈ আঞ্চলিক ছাত্র সন্থাই অতি দুর্গম অঞ্চলত জনসাধাৰণক অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ যোগান ধৰিছিল৷ উভতি অহাৰ পথত দুর্ঘটনাত পতিত অভিজিৎ চিকিৎসাধীন হৈ আছিল৷ সংকটৰ সময়ত যি উৎসর্গিত সেৱাৰে মানৱ সমাজলৈ সেৱা আগবঢ়াই গ’ল, ছাত্র সন্থাৰ কর্মকর্তাই সদায়ে সুঁৱৰিব ৷’ অভিজিৎ শইকীয়াৰ মৃত্যুত সমগ্র অসমত তিনিদিনীয়াকৈ শোক প্রকাশ কৰি সদৌ অসম ছাত্র সন্থাই শ্রদ্ধাঞ্জলি নিবেদন কৰিব৷ ছাত্র সন্থাৰ অন্তর্গত প্রতিখন আঞ্চলিক ছাত্র সন্থাই তিনি দিনৰ বাবে সদৌ অসম ছাত্র সন্থাৰ পতাকা নিজ নিজ কার্যালয় বা ৰাজহুৱা অঞ্চলত অর্ধনমিত কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব ৷