নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ ক’ভিড–১৯ লকডাউনৰ বাবে মিউচুৱেল ফাণ্ড উদ্যোগৰ ওপৰত কৰা চাপ আঁতৰ কৰাৰ লক্ষ্যৰে ৫০ হাজাৰ কোটি টকা আগবঢ়াব ভাৰতীয় ৰিজার্ভ বেংকে (আৰবিআই) ৷ কিছুদিন পূর্বে ৰেপ’ৰেট হ্রাস কৰি ৰাজহুৱা খণ্ডৰ বেংকৰ লগতে ব্যক্তিগত খণ্ডৰ বেংকৰ গ্রাহকক ঋণৰ সুদৰ হাৰৰ ক্ষেত্রত সকাহ দিয়াৰ পাছত আজি আৰবিআয়ে মিউচুৱেল ফাণ্ডক নগদ ধন ৫০ হাজাৰ কোটি টকা বিশেষভাৱে আগবঢ়াব বুলি ঘোষণা কৰিছে৷ মন কৰিবলগীয়া যে লকডাউনৰ ফলত ব্যৱসায়–বাণিজ্য সকলো বন্ধ হৈ পৰাৰ পৰিপ্রেক্ষিতত বেংকসমূহত নগদ ধনৰ অভাৱ ঘটা বুলি বাতৰি চর্চিত হৈ আছে ৷ তেনেদৰে দেশৰ মিউচুৱেল ফাণ্ড উদ্যোগতো নেতিবাচক প্রভাৱ পৰিছে৷ মিউচুৱেল ফাণ্ডৰ ওপৰত পৰা চাপ আৰু সৃষ্টি হোৱা সমস্যা আঁতৰ কৰাৰ লক্ষ্যৰে ৫০ হাজাৰ কোটি টকা সহায়ৰ বাবে আগবঢ়াব বুলি আজি আৰবিআয়ে বিবৃতিযোগে প্রকাশ কৰে৷ উল্লেখ্য যে ফ্রেংকলিন টেম্পলটনে ভাৰতত সক্রিয় হৈ থকা ৬টা মিউচুৱেল ফাণ্ড যোৱা শুকুৰবাৰে বন্ধ কৰাৰ পাছতেই ভাৰতৰ মিউচুৱেল ফাণ্ড উদ্যোগ ক্ষেত্রখনলৈ শংকা নামি আহে৷ ভৱিষ্যতে ই আৰু ভয়াৱহ হৈ উঠিব পাৰে৷ এনে কাৰণতেই আৰবিআই সহায়ৰ বাবে আগবাঢ়ি আহিছে ৷