নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নাতক–স্নাতকোত্তৰ পৰীক্ষাসূচী প্রস্তুত কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে

জুলাইত স্নাতক–আগষ্টত স্নাতকোত্তৰ পৰীক্ষা পতাৰ চেষ্টা

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ দেশজুৰি চলি থকা লকডাউনৰ বাবে ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্রা ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ পদক্ষেপ হিচাপে বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ৷ ফলত শিক্ষার্থীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে অভিভাৱকসকল ৷ ইয়াৰ মাজতেই শিক্ষার্থীসকলৰ শৈক্ষিক বর্ষৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই নিজাববীয়াকৈ প্রস্তুত কৰিছে এখন পৰীক্ষাসূচী ৷ এই সন্দর্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ প্রতাপজ্যোতি সন্দিকৈয়ে জানিবলৈ দিয়া মতে, সাম্প্রতিক পৰিস্থিতিৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্রেণীৰ পৰীক্ষা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ স্নাতক শ্রেণীৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা–নকৰা বিষয়টো অনিশ্চয়তাত সোমাই পৰিছে ৷ সমগ্র বিষয়টো এতিয়া নির্ভৰ কৰিছে ৰাজ্যজুৰি চলি থকা লকডাউনৰ নিষেধাজ্ঞা প্রত্যাহাৰৰ ওপৰত ৷ যদিহে পৰিস্থিতি স্বাভাৱিক হৈ উঠে, তেন্তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্রেণীৰ পৰীক্ষা আগষ্ট মাহত আৰু স্নাতক শ্রেণীৰ পৰীক্ষাসমূহ জুলাই মাহত অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই ৷

পৰীক্ষাসমূহ অনুষ্ঠিত কৰা আৰু অহা জুন মাহত বিশ্ববিদ্যালয় খোলা ৰখা বিষয়টো সামৰি বিশ্ববিদ্যালয় কর্তৃপক্ষই ৰাজ্য চৰকাৰলৈ ইতিমধ্যে এক প্রস্তাৱ আগবঢ়াইছে ৷ ইফালে বিশ্ববিদ্যালয় খোলাৰ পাছত ন্যূনতম দুমাহ পাঠদান কৰাৰ পাছতহে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয় কর্তৃপক্ষক আহ্বান জনাইছে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই ৷ স্নাতকোত্তৰ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মুন তালুকদাৰে এই সন্দর্ভত কয় যে দেশজুৰি চলি থকা লকডাউনৰ বাবে শিক্ষানুষ্ঠানসমূহ বন্ধ থকাত ছাত্র–ছাত্রীসকলৰ অধ্যয়নশীল মানসিকতা কমি গৈছে ৷ সূচী অনুসৰি পাঠদান এতিয়াও সম্পূর্ণ হৈ উঠা নাই ৷ আনহাতে, বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ নির্দেশনা মতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত্ আৰম্ভ হোৱা অনলাইন পাঠদানত যথেষ্ট আসোঁৱাহ আছে ৷ কিয়নো বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত পঢ়ি থকা সকলো শিক্ষার্থীৰে এনৰইড ম’বাইল নাই ৷ গ্রামাঞ্চলৰ ছাত্র–ছাত্রীসকলে ইণ্টাৰনেট সেৱাৰ পৰাও বঞ্চিত হোৱা বুলি জানিব পৰা গৈছে ৷ তদুপৰি স্নাতকোত্তৰ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে ক্ষেত্র অধ্যয়নৰ বিষয়টো বর্তমান উঠাই দিব লাগে৷ কিয়নো ক্ষেত্র অধ্যয়নৰ সৈতে সামাজিক দূৰত্বৰ বিষয়টো ওতপ্রোতভাৱে জড়িত হৈ আছে ৷ যাৰ বাবে বিশ্ববিদ্যালয় কর্তৃপক্ষই পৰীক্ষা অনুষ্ঠিত কৰাৰ আগতে অন্ততঃ দুমাহ পাঠদান অনুষ্ঠিত কৰাৰ অতি প্রয়োজন বুলি তালুকদাৰে সদৰী কৰে ৷

You might also like