নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ অচিলা লৈ অসমৰ ভূমিত শেনচকু নাগালেণ্ডৰ

নিয়মীয়া বার্তা, ২৯ এপ্রিলঃ লকডাউনৰ মাজতে অসম–নাগালেণ্ড সীমান্তৰ ডি ছেক্টৰ মেৰাপানী সীমান্তৰ গাঁওসমূহত নগা আৰক্ষীয়ে টহল দিয়াক লৈ সীমান্তত প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ পিছতে আন এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ অসম–নাগালেণ্ড সীমান্তৰ চিচুপানী গাঁও পঞ্চায়তৰ দয়ালপুৰৰ পৰা সীমান্ত চিচুপানী, সৰুপানী পঞ্চায়তৰ লগতে প্রায়সমূহ সীমান্তৱর্তী অঞ্চলৰ গাঁও সামৰি নাগালেণ্ড আৰক্ষীয়ে টহল দিয়া ভিডিঅ’ ফেচবুকত দি নাগালেণ্ডৰ ভাণ্ডাৰী সমষ্টিৰ বিধায়ক মহনলম’ কিকনে এই অঞ্চলসমূহ নাগালেণ্ডৰ বুলি দাবী কৰে ৷ বিধায়কজনৰ এই দাবীয়ে সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ ৷ অসমৰ সীমান্তৱর্তী অঞ্চলসমূহক লৈ নগাৰ এই আগ্রাসী মনোভাবক লৈ শংকিত হৈ পৰিছে সীমান্তবাসী লোকসকল ৷ সীমান্তত স্থিতাৱস্থা বাহালৰ বাবে নিয়োজিত ১৪২নং নিৰপেক্ষ বাহিনী আৰু মেৰাপানী সীমান্ত দণ্ডাধীশজনৰ দুর্বল ভূমিকাৰ বাবেই নগাই এই দুঃসাহস কৰা বুলি উল্লেখ কৰি গোলাঘাট জিলা ছাত্র সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱালে শীঘ্রেই এই অঞ্চলসমূহৰ পৰা নগা আৰক্ষীৰ পহৰা উঠাই অসম আৰক্ষী আৰু চি আৰ পি এফক পহৰা দি সীমান্তবাসী অসমীয়াৰ জীৱন–সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী তুলিছে ৷ এডেও–দুডেও লোটা নিয়াৰ ছেৱৰ দৰে নগা প্রশাসনে আৰক্ষী পহৰাৰ আঁত লৈয়ে শিবিৰ স্থাপনৰ দৰে স্থায়ী কাম হাতত লৈ অসমৰ ভূমি বেদখলৰ নতুন পৰিকল্পনা গ্রহণৰো আশংকা প্রকাশ কৰিছে গোলাঘাট জিলা ছাত্র সন্থাই৷ লকডাউন আৰু ক’ৰোনা মহামাৰীক লৈ অসমৰ প্রশাসন ব্যস্ত থকাৰ সুযোগত নগা আৰক্ষীয়ে সীমান্তৰ অসমৰ গাঁওসমূহত পহৰা দি নিজৰ কর্তৃত্ব গজগজীয়া কৰাৰ লগতে স্বয়ং নাগালেণ্ডৰ বিধায়কে এই অঞ্চলসমূহ নিজৰ বুলি কৰা দাবীক লৈ অসমৰ প্রশাসনে কি ভূমিকা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

You might also like