নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ দেশজুৰি বলৱৎ থকা লকডাউনৰ পৰিপ্রেক্ষিতত বন্ধ হৈ থকা পৰিবহণ ব্যৱস্থা সন্দর্ভত মঙলবাৰে কেন্দ্রীয় পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে ৰাজ্য চৰকাৰসমূহৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চত মিলিত হয় ৷ এই বৈঠকতে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে আন্তঃজিলা পথসমূহত অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত যান–বাহনসমূহ সুচলভাৱে যাতে যাতায়াত কৰিব পাৰে, তাৰ বাবে ব্যৱস্থা গ্রহণৰ আহ্বান জনায় ৷ এইক্ষেত্রত কেইবাখনো ৰাজ্যই পৰিবহণৰ ক্ষেত্রত সৃষ্টি হোৱা বিভিন্ন সমস্যাৱলী উত্থাপন কৰাত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এনে বিষয়সমূহ স্থানীয় পর্যায়ত জিলা উপায়ুক্তৰ দ্বাৰা সমাধান কৰিবলৈ পৰামর্শ দিয়ে ৷
উল্লেখ্য যে এই ভিডিঅ’ কনফাৰেঞ্চত অসম চৰকাৰৰ হৈ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আৰু ৰাজ্যিক মন্ত্রী যোগেন মহনে অংশগ্রহণ কৰে ৷ বৈঠকত শেহতীয়াকৈ মুকলি কৰা ৰাজ্যখনৰ আন্তঃজিলা পৰিবহণ ব্যৱস্থা সন্দর্ভত কেন্দ্রীয় মন্ত্রী গাডকাৰিক বিস্তৃতভাৱে উল্লেখ কৰাৰ লগতে সামগ্রী পৰিবাহী বাহন তথা আন পৰিবহণ ব্যৱস্থাৱলীৰ চলাচল সম্পর্কেও অৱগত কৰা হয় ৷ উল্লেখ্য যে আজিৰ বৈঠকত কেন্দ্রীয় মন্ত্রী গাডকাৰিয়ে গ্রামাঞ্চলত দুচকীয়া এপ টেক্সী চলাচলৰ পৰামর্শ আগবঢ়োৱাৰ লগতে পথ নির্মাণৰ ক্ষেত্রত ভূমি অধিগ্রহণত ৰৈ যোৱা কামসমূহ সোনকালে নিষ্পত্তি কৰাৰ বাবেও আহ্বান জনায় ৰাজ্যসমূহক ৷