COVID-19, অসমৰ কেইবাখনো জিলাক ৰেড আৰু অ’ৰেঞ্জ জ’ন ঘোষণাৰ সম্ভাৱনা
নিয়মীয়া বাৰ্তা, ২ মেঃ ৰাজ্যত COVID-19 সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। দেওবাৰে কেইবাখনো জিলাক ৰেড আৰু অ’ৰেঞ্জ জ’ন ঘোষণাৰ সম্ভাৱনা। লগতে ৩য় পৰ্যায়ৰ লক ডাউন পালনৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব ৰাজ্য চৰকাৰ। এই কথা ব্যক্ত কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
দেওবাৰে বিয়লি ঘোষণা হ’বলগীয়া এই জ’নসমূহত ৩ মে’ৰ পিছতো অব্যাহত থাকিব নিষেধাজ্ঞা। ৫মে’ৰ পৰা দৈনিক ৫০০০ হাজাৰকৈ COVID-19ৰ ৰেপিড টেষ্টিং কৰা হ’ব। বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলক কি দৰে অসমলৈ অনা হ’ব এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব এই সন্দৰ্ভত শীঘ্ৰে ঘোষণা কৰিব ৰাজ্য চৰকাৰে।