ৰাজেন শইকীয়াই মোৰ গালি খাইছিল কিয় ?
ৰাজেন শইকীয়াৰ লগত মোৰ প্রথম পৰিচয় হৈছিল ১৯৭০ চনত ৷ মই তেতিয়া ‘সাপ্তাহিক নীলাচল’ নামৰ সাপ্তাহিক বার্তালোচনীখনৰ সম্পাদক ৰাজেন শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ প্রধান সম্পাদক ৷ তেওঁ মোক বিশ্ববিদ্যালয়ৰ নৱাগত আদৰণী সভালৈ মুখ্য অতিথি হিচাপে নিমন্ত্রণ কৰিছিল ৷ তাৰ পিছত বিভিন্ন উপলক্ষত মই গুৱাহাটী বিশ্ববিদ্যালয়লৈ বহুবাৰ গৈছোঁ ৷ কিন্তু তালৈ মোক প্রথমবাৰৰ কাৰণে নিমন্ত্রণ কৰি নিছিল ৰাজেন শইকীয়াই ৷ তেতিয়াৰ পৰাই আমাৰ বন্ধুত্বৰ সূত্রপাত ৷ বুদ্ধিৰ দীপ্তিত উজ্জ্বল মুখখনৰ সৈতে ৰাজেন শইকীয়াৰ ব্যক্তিত্ব আছিল অতি আকর্ষণীয় ৷ প্রথম দর্শনতেই মই অনুভৱ কৰিছিলোঁ যে তেওঁ এদিন সমাজৰ এজন লেখত ল’বলগীয়া মানুহ হ’ব৷ কিন্তু মই আশা বা অনুমান কৰাতকৈ তেওঁ বহু ওপৰলৈ উঠিল৷ নগাঁও ছোৱালী কলেজৰ অধ্যাপক হিচাপে কর্মজীৱন সমাপ্ত কৰা ৰাজেন শইকীয়া আধুনিক ভাৰতৰ এজন অগ্রগণ্য ইতিহাসবিদ৷ ইংৰাজী ভাষাত লিখা তেওঁৰEconomic History of Assam নামৰ কিতাপখন বিপুলভাৱে প্রশংসিত আৰু সমাদৃত হৈছিল৷ ইতিহাসবিদ হিচাপে তেওঁৰ পাণ্ডিত্যৰ স্বীকৃতি স্বৰূপে তেওঁলৈ ভাৰতীয় ইতিহাস কংগ্রেছৰ(Indian History Congress) ‘আধুনিক ইতিহাস শাখা’ৰ সভাপতিৰ পদ আগবঢ়োৱা হৈছিল৷ তদুপৰি পশ্চিমবংগ ইতিহাস সংসদৰ বার্ষিক অধিৱেশনৰ আধুনিক ইতিহাস শাখাৰ সভাপতিত্ব কৰাৰো সন্মান লাভ কৰিছিল ৰাজেন শইকীয়াই৷ যোৱা কেইবাবছৰ ধৰি তেওঁPolitical History of Assamৰ চতুর্থ, পঞ্চম আৰু ষষ্ঠ খণ্ডৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছে৷ অসম চৰকাৰৰ উদ্যোগত প্রস্তুত হৈ থকা এই ইতিহাসখনৰ প্রথম তিনিটা খণ্ডৰ সম্পাদক আছিল যথাক্রমে হেৰম্বকান্ত বৰপূজাৰী আৰু অৰুণ চন্দ্র ভূঞা৷ প্রসংগতঃ উল্লেখ কৰা দৰকাৰ যে এই ইতিহাস গ্রন্থখনে ১৯৪৭ চনৰ পৰা ২০১২ চনলৈকে এই কালছোৱা সামৰি লৈছে৷ ৰাজেন শইকীয়াৰ সুযোগ্যা পত্নীও আছিল আনন্দৰাম ঢ়েকীয়াল ফুকন কলেজৰ অর্থনীতিৰ প্রবক্তা৷ তেৱোঁ মোৰ বিশেষ স্নেহৰ পাত্রী ৷
মই অসম সাহিত্য সভাৰ সভাপতি হৈ থকাৰ সময়ত (২০০১–২০০২) এবাৰ নগাঁৱত অসম সাহিত্য সভাৰ কার্যনির্বাহক সমিতিৰ অধিৱেশন বহিছিল৷ মই সেইদিনা ৰাতিও নগাঁৱত থাকিব লগা হোৱাত পিছদিনা ৰাজেন শইকীয়াই তেওঁৰ ঘৰত দুপৰীয়াৰ আহাৰ খাবলৈ মোক নিমন্ত্রণ কৰিলে৷ মোৰ আজিৰ টোকাটোৰ বিষয়বস্তু হ’ল ৰাজেন শইকীয়াৰ ঘৰত দুপৰীয়াৰ ভোজন৷ অৱশ্যে কেৱল সেইবাৰেই যে মই তেওঁৰ ঘৰত আহাৰ গ্রহণ কৰিছোঁ সেই কথা নহয়৷ উজনি অসমলৈ অহা–যোৱা কৰিব লগা হ’লে প্রতিবাৰেই মোৰ দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা হয় ৰাজেন শইকীয়াৰ ঘৰত৷ ইয়াৰ ফলত গীতিমল্লিকাই তেওঁৰ ৰন্ধন নৈপুণ্যৰ পৰিচয় দিবলৈ সুযোগ পাইছিল বহুবাৰ ৷
মোৰ বহুতো লেখাত ভোজ–ভাতৰ বিশেষ উল্লেখ থকাৰ কাৰণে বহুত মানুহে মোক ভোজন–বিলাসী বুলি ভাবে৷ মই খাই ভাল নাপাওঁ বুলি নকওঁ৷ কিন্তু প্রকৃত খাদ্যৰসিক বুলি ক’লে যি ধৰণৰ মানুহক বুজায়, তেনেধৰণৰ মানুহ মই নহওঁ৷ খাবৰ সময়ত জিভাৰ জুতিতকৈ স্বাস্থ্যৰ কথা মই বেছিকৈ মনত ৰাখোঁ৷ তদুপৰি মই নিজকে অত্যন্ত মিতাহাৰী বুলি ভাবোঁ, অর্থাৎ খুব কম পৰিমাণে খাওঁ৷ তথাপি যে মই সুখাদ্য তথা ভোজ–ভাতৰ কথা বেছিকৈ লিখোঁ তাৰ এটা বিশেষ কাৰণ আছে, যিসকল লোকে মোক খুব আদৰ কৰি খুৱায় তেওঁলোকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিবলৈকে মই তেওঁলোকে প্রস্তুত কৰা সুখাদ্যৰ বর্ণনা দিওঁ ৷
সেইদিনা ৰাজেন শইকীয়াৰ ঘৰতো বিপুল আয়োজন হৈছিল৷ বেছিকৈ একো নাৰান্ধিবলৈ মই টেলিফোনত বাৰে বাৰে হুকুম দি থকা সত্ত্বেও গীতিমল্লিকাই মোৰ হুকুম অমান্য কৰি প্রায় ১০খন ব্যঞ্জন ৰান্ধিছিল৷ সেইবোৰৰ ভিতৰত মাংসৰ আঞ্জাই আছিল দুখন৷ মাছৰ চাৰিখন৷ বাকী তিতা, টেঙা, খাৰ, পাতত দিয়া, পিটিকা– এইবোৰতো আছেই মোৰ হুকুম অমান্য কৰি আতিশয্য কৰাৰ কাৰণে মই গীতিমল্লিকাক খুব ধমক দিলোঁ৷ সেই ধমকৰ এটা ডাঙৰ ভাগ ৰাজেনেও পালে৷ প্রতিবাদৰ চিন স্বৰূপে মই মাংসৰ আঞ্জা দুখনত হাতেই নিদিলোঁ আৰু খঙেৰে বাটি দুটা দূৰলৈ ঠেলি দিলোঁ৷ অৱশ্যে বাকী আন সকলো বস্তু ইমান তৃপ্তিৰে খালোঁ যে সেইবোৰৰ সোৱাদ এতিয়ালৈকে জিভাত লাগি আছে ৷
অৱশ্যে কেৱল শইকীয়া দম্পতীৰ মধুৰ আতিথেয়তাৰ বর্ণনা দিবলৈকে আজিৰ এই প্রবন্ধৰ অৱতাৰণা কৰা হোৱা নাই৷ আৰু এটা উদ্দেশ্য নিশ্চয় আছে ৷
ৰাজেন কিতাপৰ প্রেমিক৷ ময়ো কিতাপ ভাল পাওঁ ৷ গতিকে আমাৰ দুজনৰ দেখাদেখি হ’লেই আন বহুতো কথাৰ মাজতে কিতাপৰো কথা ওলায়৷ সেইদিনাও গীতিমল্লিকা পাকঘৰত ব্যস্ত হৈ থকাৰ সময়তে ৰাজেনে মোক ক’লে– ‘দাদা, দুখনমান নতুন কিতাপ কিনিছিলোঁ, চাব নেকি ?’
উদৰৰ খাদ্য অহাৰ আগতেই মনৰ খাদ্য– ইয়াতকৈ অধিক তৃপ্তিদায়ক কথা আন কি হ’ব পাৰে? মোৰ চকুৱে–মুখে ফুটি উঠা আনন্দ ৰাজেনৰ মনলৈকো সঞ্চাৰিত হ’ল৷ তেওঁ ভিতৰৰ কোঠাত থকা পুথিভঁৰালৰ পৰা এখন এখনকৈ কিতাপবোৰ কঢ়িয়াই মোৰ সন্মুখত থকা টেবুললৈ আনিবলৈ ধৰিলে৷ চমঝদাৰ মানুহৰ লগত আনন্দ ভাগ কৰি ল’ব পাৰিলে আনন্দৰ পৰিমাণ দুগুণে বাঢ়ে৷ সেই মুহূর্তত ৰাজেনেও যে ঠিক তেনেধৰণৰ আনন্দ অনুভৱ কৰিছে সেই কথা বুজিবলৈ মোৰ বাকী নৰ’ল৷ শিশুৱে ইজনে সিজনক নিজৰ পুতলা দেখুৱাই আনন্দ পোৱাৰ দৰে ৰাজেনে অপৰূপ আনন্দ অনুভৱ কৰিছিল মোক তেওঁৰ কিতাপবোৰ দেখুৱাই৷ সেইদিনাৰ দুপৰীয়াটো অবিস্মৰণীয় কৰি তুলিবলৈ শইকীয়া দম্পতীৰ সংগসুখ আৰু সুখাদ্যৰ বিপুল আয়োজনেই যথেষ্ট আছিল৷ কিন্তু তাত এটা নতুন মাত্রা যোগ দিলে ৰাজেন শইকীয়াৰ কিতাপকেইখনে আৰু কিতাপৰ প্রতি তেওঁৰ গভীৰ অনুৰাগে৷ বেছিভাগ মানুহৰ চিন্তা–চর্চা সীমাবদ্ধ হৈ থাকে কেৱল জীৱিকা অর্জন আৰু ধন–সম্পত্তি আহৰণৰ চেষ্টাত৷ এজন পণ্ডিতৰ মতে এনে মানুহৰ নামৰ পিছত বিশ্ববিদ্যালয়ৰ বহুতো উপাধি থাকিলেও তেওঁলোকক প্রকৃত অর্থত শিক্ষিত মানুহ বুলি ক’ব নোৱাৰি৷ প্রকৃত শিক্ষিত মানুহ হ’ল সেইজন, যিজনে জীয়াই থাকিবৰ কাৰণে প্রয়োজনীয় চিন্তাখিনি কৰাতকৈ বহুত বেছি চিন্তা কৰে৷ ৰাজেন শইকীয়াৰ ঘৰত দুপৰীয়াৰ আহাৰ খাবলৈ গৈ এজন প্রকৃত শিক্ষিত মানুহৰ সংগত কিছুসময় কটোৱাৰ দুর্লভ অভিজ্ঞতা মই লাভ কৰিলোঁ৷