নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্রবল বৃষ্টিপাতৰ আগজাননী, হেল্পলাইন মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ জুন : প্রবল অতিবৃষ্টিয়ে ৰাজ্যজুৰি সৃষ্টি কৰিব বিপর্যয়৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই আগজাননী প্রেৰণ কৰিছে৷ আজি আৰু কাইলৈ ৰাজ্যজুৰি বিভিন্ন প্রান্তত ভয়ংকৰ বতাহ–বৰষুণ আহিব বুলি সম্ভাৱনা ব্যক্ত কৰি গৃহ মন্ত্রালয়ে ৰেড এলার্ট জাৰি কৰিছে৷

অকল সতর্কবাণী দিয়াই নহয়, মন্ত্রালয়ে এই সন্দর্ভত আগতীয়া ব্যৱস্থা গ্রহণৰ বাবে স্থানীয় প্রশাসনক নির্দেশনা জাৰি কৰিছে৷ এই সন্দর্ভত অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে আজি এক বিবৃতিযোগে গৃহ মন্ত্রালয়ৰ সতর্কবাণীৰ বিষয়ে সদৰী কৰি কয় যে ৰাজ্যৰ বিভিন্ন জিলাত অহা দুই–তিনি দিন ধৰি বতৰে ভয়ানক ৰূপ ধাৰণ ধৰিব৷

বিভিন্ন অঞ্চল ভয়ংকৰ বানৰ কবলত পৰাৰ লগতে ঠাই ভেদে ভূমিস্খলনপ্রৱণ এলেকাসমূহত ভয়ংকৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ এই সতর্কবাণীৰ পাছত প্রাধিকৰণে ৰাজ্যৰ প্রতিখন জিলাৰ স্থানীয় প্রশাসনক সতর্ক হৈ থকাৰ নির্দেশ জাৰি কৰাৰ লগতে জৰুৰীকালীন উদ্ধাৰকাৰী দল সাজু কৰি ৰখাৰ বাবেও নির্দেশ দিছে৷

প্রাধিকৰণে ৰাজ্যৰ সকলো জনসাধাৰণক আগতীয়াকৈ সকলো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰাৰ আহ্বান জনোৱাৰ লগতে দূৰণিবটীয়া যাত্রা অহা তিনি দিনলৈ স্থগিত ৰাখিবলৈ নাগৰিকক অনুৰোধ জনাইছে৷ বিশেষকৈ পার্বত্য এলেকাসমূহলৈ সকলোধৰণৰ যাত্রা বাতিল কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে ভূমিস্খলনপ্রৱণ এলেকাত বসবাস কৰা লোকক সুৰক্ষিত স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে৷

বতৰৰ বিপর্যয়ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে অৱগত কৰিবলৈ অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে ০৩৬১–১০৭০, ০৩৬১–১০৭৯, ০৩৬১–১১২ শীর্ষক হেল্পলাইনকেইটা মুকলি কৰাৰ লগতে জিলা দুর্যোগ ব্যৱস্থাৰ ক্ষেত্রত ০৩৬১–১০৭৭ শীর্ষক হেল্পলাইনটো মুকলি কৰিছে৷ গৃহ মন্ত্রালয়ৰ সতর্কবাণীৰ পাছত প্রাধিকৰণে সম্ভাব্য পৰিস্থিতিক লৈ সকলো পর্যবেক্ষণ অব্যাহত ৰাখিছে বুলিও বিবৃতিযোগে সদৰী কৰিছে৷

You might also like