নিয়মীয়া বার্তা, ৪ মে’ : নগাঁও জিলাৰ ধিঙত পৱিত্র ৰমজান মাহতেই একাংশই জ্বলাই দিলে মছজিদ ৷ এই ঘটনাক কেন্দ্র কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ ধিঙৰ শলগুৰিৰ জানপাৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনাটো ৷ উল্লেখ্য যে গাঁওখনৰ আব্দুল ৰছিদ আৰু ছফিকুল ইছলামৰ পৰিয়ালৰ মাজত বহুদিনৰ পৰা অব্যাহত আছিল মাটিৰ সীমাক লৈ সংঘাত ৷ দেওবাৰে পুৱা এই সংঘাতে ধাৰণ কৰে তীব্র ৰূপ ৷ দুই ফৈদৰ সংঘাতৰ সময়তে ছফিকুল ইছলাম ফৈদৰ একাংশই ভাঙি চূৰমাৰ কৰি জ্বলাই দিয়ে মছজিদ ৷ অকল এয়াই নহয়, ছফিকুল ইছলাম ফৈদৰ আক্রমণত আব্দুল ৰছিদৰ পৰিয়ালৰ মহিলাসহ কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ সংকটজনক অৱস্থাত সকলোকে ধিং এফ আৰ ইউত ভর্তি কৰোৱা হয় ৷ পৰৱর্তী সময়ত ঘটনাস্থলীত অগ্ণিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই প্রশমিত কৰিবলৈ সক্ষম হয় ৷ ঘটনাস্থলীত ধিং আৰক্ষী আৰু চি আৰ পি এফৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে যদিও অঞ্চলটোত বর্তমানেও চেপা উত্তেজনা অব্যাহত আছে ৷ উল্লেখ্য যে পবিত্র ৰমজান মাহতেই ধিঙত সংঘটিত হোৱা এটাৰ পিছত আনটো হিংসাত্মক ঘটনাৰ লগতে মছজিদ জ্বলাই দিয়া ঘটনাই তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সন্দর্ভত ইতিমধ্যে আব্দুল ৰছিদৰ পৰিয়ালৰ লোকে ধিং থানাত এজাহাৰ দাখিল কৰিছে ৷ ধিং আৰক্ষীয়ে আৰম্ভ কৰিছে প্রাথমিক তদন্ত ৷