চীনৰ জিনজাঙৰ পৰা অসমলৈ সংক্রমণ হৈছে আফ্রিকান ছোৱাইন ফিভাৰৰ
নিয়মীয়া বাৰ্তা, ৪ মে’ : অসমত গাহৰিৰ দেহলৈ আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্রমণ ঘটাটো ‘নেচনেল ইনষ্টিটিউট অৱ হাই ছিকিউৰিটী এনিমেল ডিজিজ’–এ নিশ্চিত কৰাৰ পিছতে তৎপৰ হৈ পৰিছে পশুপালন আৰু পশু চিকিৎসা বিভাগ ৷ এই ৰোগৰ সংক্রমণ ৰোধ আৰু সুৰক্ষা ব্যৱস্থাক লৈ বিভাগটোৱে দেওবাৰে বিশেষজ্ঞ–গাহৰিপাল সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় ৷ এই বৈঠকৰ পিছতে মহানগৰীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী অতুল বৰাই আফ্রিকান ছোৱাইন ফিভাৰ সংক্রমণক লৈ এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰে ৷ মন্ত্রী বৰাই দাবী কৰা মতে, অৰুণাচল প্রদেশ–চীনৰ সীমান্তৱর্তী জিনজাং প্রদেশৰ পৰাই অসমলৈ এই ভাইৰাছৰ সংক্রমণ ঘটিছে ৷ তেওঁ কয় যে ২০১৯ চনৰ ৮ এপ্রিলত অৰুণাচল প্রদেশৰ গাতে লাগি থকা চীনৰ জিনজাং প্রদেশত এই ৰোগটো ধৰা পৰিছিল ৷ তাৰ পিছত অৰুণাচল প্রদেশৰ পৰা বাগৰি আহি আমাৰ ইয়াত প্রাদুর্ভাৱ হৈছে ৷ অসমত ফেব্রুৱাৰী মাহৰ শেষত ৰোগটো ধৰা পৰিছে ৷ বর্তমান পর্যন্ত আমাৰ ইয়াত ৰোগৰ সংক্রমণ বেছি হোৱা নাই যদিও গাহৰি পালকসকলৰ মাজত চিন্তাৰ উদ্রেক ঘটিছে ৷
মন্ত্রী বৰাই জানিবলৈ দিয়া মতে, ২০১৯ চনৰ পিয়লত ৰাজ্যত গাহৰিৰ সংখ্যা আছিল প্রায় ২১ লাখ ৷ যিটো এতিয়া হ’বগৈ প্রায় ৩০ লাখ ৷ বর্তমানলৈকে অসমত আফ্রিকান ছোৱাইন ফিভাৰত আক্রান্ত হৈ ২৪৮৪টা গাহৰিৰ মৃত্যু হোৱাৰ তথ্য সদৰী কৰি তেওঁ কয় যে ভাৰতত প্রথমবাৰৰ বাবে এই ভাইৰাছৰ সংক্রমণ হৈছে ৷ কেন্দ্রীয় চৰকাৰৰ গাইড লাইন অনুসৰি সংক্রমিত এলেকাত গাহৰিসমূহ নিধন কৰিব লাগে৷ কিন্তু সদ্যহতে নিধন নকৰাকৈ সংক্রমণ কেনেকৈ ৰোধ কৰিব পাৰোঁ, আমি তাৰ পদক্ষেপ ল’ব বিচাৰিছোঁ ৷ ইয়াৰ বাবে ভাইৰাছ সংক্রমিত ৩০৬খন গাঁও ইতিমধ্যে চিনাক্ত কৰাৰ কথা জানিবলৈ দি এই গাঁওসমূহৰ এলেকাক দুটা জ’নত ভাগ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ৷ ইয়াৰে প্রথমটো জ’ন ১ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত হ’ব ৷ এই এলেকাত নমুনা সংগ্রহ কৰি পশুপালন আৰু পশু চিকিৎসা বিভাগে পৰীক্ষাৰ বাবে প্রেৰণ কৰিব ৷ পৰীক্ষাত ভাইৰাছৰ উপস্থিতি ধৰা পৰাবোৰৰ ক্ষেত্রতহে ভৱিষ্যতে নিধনৰ ব্যৱস্থা গ্রহণ কৰা হ’ব যদিও প্রাথমিকভাৱে তেনে গাহৰিসমূহ আছুতীয়াকৈ আৰু বাকীখিনিক সুৰক্ষিতভাৱে ৰখাৰ ব্যৱস্থা কৰা হ’ব ৷ সেইদৰে দ্বিতীয়টো জ’ন হ’ব ১০ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত৷ ইয়াত নিৰীক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰি তোলা হ’ব ৷
বিশেষকৈ এই জ’নৰ পৰা গাহৰিৰ যাতে সৰবৰাহ নহয়, তাৰ ওপৰত চোকা নজৰ ৰাখিব বুলি মন্ত্রী বৰাই জানিবলৈ দিয়ে৷ মন্ত্রী বৰাই পুনৰ কয় যে এই ভাইৰাছত মানুহ সংক্রমিত নহয়৷ কিন্তু মানুহে ভাইৰাছটো বহন কৰিব পাৰে৷ সেয়েহে সাময়িকভাৱে অহা ২০ দিনলৈ ক্লাছিকেল ছোৱাইন ফিভাৰৰ প্রতিষেধক দিয়াটো বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ কাৰণ চিকিৎসকৰ দ্বাৰাও আক্রান্ত গাহৰিৰ পৰা আন গাহৰিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– গড়চুকৰ পৰা সংগ্রহ কৰা নমুনাতো আফ্রিকান ছোৱাইন ফিভাৰৰ ভাইৰাছ পোৱা হৈছে৷ ইয়াৰ মাজতে ৰাইজক আশ্বস্ত কৰি মন্ত্রী বৰাই কয় যে যিবিলাক অঞ্চলত আক্রান্ত হোৱা নাই, তাত গাহৰিৰ মাংস খোৱাত কোনো বাধা নাই৷ প্রতিখন ঠাইতে সজাগতামূলক প্রশিক্ষণৰ বাবে ব্যৱস্থা গ্রহণ কৰিম৷ ইফালে ক’ভিড–১৯ৰ লগত আফ্রিকান ছোৱাইন ফিভাৰৰ কোনো সম্পর্ক নাই বুলি স্পষ্ট কৰি দি মন্ত্রী বৰাই এই ভাইৰাছৰ সংক্রমণৰ ফলত ৰাজ্যৰ গাহৰি পালকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰে৷